শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ ডিচেম্বৰঃ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ২৯ ডিচেম্বৰত লখিমপুৰ ভ্ৰমণ কৰি দুটামান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰথমে তেওঁ পুৱা ১১.৩০ বজাত উত্তৰ লখিমপুৰ মহাবিদ্যালয়(স্বায়ত্তশাসিত) ভ্ৰমণ কৰিব আৰু অধ্যক্ষ/অধ্যাপক/ছাত্ৰ ইত্যাদিৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব । দ্বিতীয়তে, তেওঁ মাধবদেৱ বিশ্ববিদ্যালয় ভ্ৰমণ কৰি বিয়লি ৩.১৫ বজাত উপাচাৰ্য/ অধ্যাপক / ছাত্ৰ-ছাত্ৰীৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰিব। তৃতীয়তে তেওঁ সন্ধিয়া ৬.৩০ বজাত চাৰ্কিট হাউচত নিৰাপত্তা সংস্থাকে ধৰি জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হ’ব।