২ মে’ৰ পৰা তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন

৪ মে'ত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

0 18

শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ২৬ এপ্ৰিল : অহা ২ ,৩ আৰু ৪ মে’ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰ জিলাৰ কচুবাৰীৰ শান্তিৰ পথাৰত (গৌজ’ন ফৌথাৰ) অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মেঘালয়, ত্ৰিপুৰা, নেপাল, বাংলাদেশ আদিৰ পৰাও প্ৰতিনিধি অংশগ্ৰহণ কৰিব লগীয়া অধিবেশনৰ ৪ মে’ৰ মুকলি অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । উপস্থিত থাকিব ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মেঘালয় আৰু ছিকিমৰ মুখ্যমন্ত্ৰী । অধিবেশনখনি সাফল্য মণ্ডিত কৰি তুলিবলৈ বিটিচি প্ৰশাসন আৰু তামুলপুৰ জিলা প্ৰশাসন সম্প্ৰতি ব্যস্ত হৈ পৰিছে । বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে নিজেই নিতৌ অধিবেশনৰ সকলো প্ৰস্তুতিৰ তদাৰক কৰি আছে । সম্প্ৰতি বতৰ ফৰকাল হোৱাত এতিয়া চলিছে যুদ্ধকালীন প্ৰস্তুতি । ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ অধিবেশনত যাতে পৰবৰ্তী সময়ত বতৰে বিধি পথালি নিদিয়ে আৰু অধিবেশনৰ সফলতা কামনা কৰি আজি দিনৰ ভাগত এক সৰ্বধৰ্ম প্ৰাৰ্থনাৰো আয়োজন কৰে অভ্যৰ্থনা সমিতিয়ে । ইপিনে বড়ো সাহিত্য সভাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ উপস্থিত থকা প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত কয় সামগ্ৰিকভাৱে অধিবেশনৰ প্ৰস্তুতি এতিয়া তুংগত । মূল মণ্ডপ, বাণিজ্য মেলা, প্ৰদৰ্শনীথলী, প্ৰতিনিধি সভাৰ মণ্ডপ, অতিথিশালাৰ লগতে মঞ্চ আদি নিৰ্মাণৰ কাম ৫০ ৰ পৰা ৭০ শতাংশ হৈছে বুলি বিটিচি প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে । তেওঁ আকৌ কয় ২৯ এপ্ৰিলৰ ভিতৰত অধিবেশনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিব । এইবাৰ বড়ো সাহিত্য সভাৰ অধিবেশনখন ঐতিহাসিক অধিবেশন হ’ব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় বড়ো জনগোষ্ঠীৰ উত্তৰণ, প্ৰতিস্থা, আত্ম পৰিচয় গঢ়ি তোলাত বড়ো সাহিত্য সভাৰ যথেষ্ট অৱদান আছে । বড়ো সাহিত্য সভা বড়ো জাতিৰ অভিভাৱক স্বৰূপ । বড়ো সাহিত্য সভাৰ প্ৰতি ৰাইজৰ মৰম শ্ৰদ্ধা আছে । সেয়েহে বড়ো সাহিত্য সভাৰ অধিবেশন সাফল্য মণ্ডিত কৰি তোলাৰ বাবে আমাৰ সকলোৰে দায়িত্ব আছে । মই নৱগঠিত তামুলপুৰ জিলাৰ সকলো শ্ৰেণীৰ ৰাইজক অধিবেশনৰ প্ৰতিটো দিনৰ প্ৰতিটো কাৰ্যসূচীত যোগদান কৰাৰ বাবে আহ্বান জনাইছো । অধিবেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত লক্ষাধিক লোকৰ সমাগম হ’ব বুলি মন্তব্য কৰি বিটিচি প্ৰধান গৰাকীয়ে উক্ত দিনা দেশৰ প্ৰথম গৰাকী নাগৰিক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক আদৰিবলৈ তামুলপুৰবাসীক হিলদল ভাঙি ওলাই আহিবলৈকো আহ্বান জনায় ।

মন্তব্য দিয়ক

Your email address will not be published.