শতাব্দ প্ৰতিবেদক গহপুৰ ,২৮ এপ্ৰিল: সদৌ অসম সূত সন্মিলনৰ ৫৩ সংখ্যক ত্ৰি- বাৰ্ষিক অধিবেশন অহা ৩০ এপ্ৰিল আৰু ১ মেত গহপুৰত অনুষ্ঠিত হব। সূত জাতিৰ উন্নয়ন আৰু বিকাশৰ হকে ১৯১০ চনৰ পৰাই সদৌ অসম সূত সন্মিলনে সেৱা আগবঢ়াই আহিছে। এই বৃহৎ অনুষ্ঠানটিৰ ৫৩ সংখ্যক ত্ৰি-বাৰ্ষিক অধিবেশনখনি গহপুৰ জিলা সূত সন্মিলনৰ আতিথ্যত গোপালপুৰত অনুষ্ঠিত কৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে।গোপাল ভূঞাক সভাপতি আৰু তৰুণ বৰাক সাধাৰণ সম্পাদক হিচাবে লৈ গঠন কৰা আদৰণি সমিতিয়ে কালি গোপালপুৰৰ সৰ্যোদয় যুৱক সংঘৰ বাকৰিত অধিবেশনৰ লাইখুঁটা স্থাপন কৰে। কালি দিনৰ ১১ বজাত মাংগলিক ব্যৱস্থাৰে লাইখুটা স্থাপন কাৰ্যসূচীত সদৌ অসম সূত সন্মিলনৰ কাৰ্যকৰী সভাপতি সদা বৰা উপদেষ্টা বুদ্ধেশ্বৰ ভূঞা সন্মিলনৰ গহপুৰ জিলাৰ সভাপতি যোগেন বৰা প্ৰাক্তন সম্পাদক যতিন মুদৈ আদি উপস্থিত থাকে। ৫৩ সংখ্যক ত্ৰি-বাৰ্ষিক অধিবেশনৰ কাৰ্যসূচী হিচাবে ৩০ এপ্ৰিলৰ দুপৰীয়া ১ বজাৰ পৰা বিভিন্ন জিলা সমিতিৰ পৰা অহা প্ৰতিনিধিৰ নাম পঞ্জীয়ন, ১-৪৫ বজাত গ্ৰন্থ উন্মোচন, ২-৩০ বজাত সৰ্ব ভাৰতীয় সূত সমন্বয়ৰক্ষী সমিতিৰ বৈঠক, ৫-৩০ বজাৰ পৰা প্ৰতিনিধি সভা। ১মেৰ পুৱা ৮ বজাত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ৯-৩০ বজাত শোভাযাত্ৰাৰ পাছত দুপৰীয়া ১২ বজাৰ পৰা সদৌ অসম সূত সন্মিলনৰ সভাপতি দিলীপ বৰাৰ সভাপতিত্বত মুকলি সভা আৰম্ভ হব। জ্যেষ্ঠ সাংবাদিক-লেখক শৈলেন বৰুৱাই উদ্বোধন কৰিব লগা মুকলি সভাত মুখ্য অতিথি হিচাবে মন্ত্ৰী পীয়ুষ হাজৰিকা, নিৰ্দিষ্ট বক্তা হিচাবে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ ডেকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা, বিশিষ্ট অতিথি হিচাবে সাংসদ পল্লৱ লোচন দাস, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন কুমাৰ ওজা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা আদিয়ে অংশগ্ৰহণ কৰিব।
