৩৭সংখ্যক ৰাজ্যিক টাইকোৱানড’ত শোণিতপুৰৰ সাফল্য

0 56

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩আগষ্ট: ৰাজ্যত টাইকোৱানড’ খেলৰ প্ৰসাৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা থকা শোণিতপুৰৰ বহুসংখ্যক টাইকোৱানড’ খেলুৱৈয়ে ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয় তথা ৰাজ্যিক আদি কৰি বিভিন্ন পৰ্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ১৭-২০ আগষ্টলৈকে দুলীয়াজানত অনুষ্ঠিত হোৱা ৩৭সংখ্যক সদৌ অসম টাইকোৱানড’ প্ৰতিযোগিতাত শোণিতপুৰ দলে বিভিন্ন শাখাত মুঠ ২০ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ ইয়াৰে ভিতৰত শোণিতপুৰৰ খেলুৱৈয়ে ফাইট শাখাত এটা সোণৰ পদক, দুটা ৰূপৰ পদক আৰু নটা ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ লগতে পুমচে শাখাত লাভ কৰে দুটা ৰূপ , ছয়টা ব্ৰঞ্জৰ পদক৷ উল্লেখযোগ্য যে, শোণিতপুৰ দলৰ খেলুৱৈ মনিষা বিশ্বাসে প্ৰতিযোগিতাখনত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কৰণ ভূমিজ, নিশামণি বৰাই ৰূপৰ আৰু অনুৰাগ দাস, উজ্বল বৰা, আৰমান আলি, মাৰ্চেন্ট বৰুৱা, তিনা দেৱী, ভায়লিনা সূত, গৌৰৱ শৰ্মা, গৌৰৱজ্যোতি বড়ো, ভাৰ্গৱী দত্তই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ তদুপৰি পেয়াৰ পুমচেত পিয়ুষ আৰু লয়শ্ৰীয়ে, গৌৰৱ শৰ্মা আৰু তনভি ভট্টাচাৰ্যই ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ লগতে ছোৱালীৰ দলীয় শাখাত প্ৰিয়ামী,দৃষ্টি আৰু তনভিয়ে ৰূপৰ পদক আৰু লয়শ্ৰী, প্ৰিয়াংকা,বৰ্ষা, ভাৰ্গৱী,মৃদুস্মিতাই ব্ৰঞ্জৰ পদক লাভ কৰে৷ আনহাতে, প্ৰতিযোগিতাখনত অংকিত ঠাকুৰ, গৌৰৱ বড়ো আৰু মনদীপ ৰাজবংশীয়ে ৰূপৰ তথা সমীৰ খান, জুনেইদ,গৌৰৱে দলীয় ভাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷ একেদৰে অভিস্পিতা কাশ্যপ আৰু অনিশ গোস্বামীয়ে পেয়াৰ বিভাগত ব্ৰঞ্জ তথা গৌৰৱ ভট্টাচাৰ্য আৰু তনভি ভট্টাচাৰ্যই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

মন্তব্য দিয়ক

Your email address will not be published.