শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ ছেপ্টেম্বৰ : নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপে মহাকাশ বিজ্ঞানত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। এই টেলিস্কোপে প্ৰকাশ কৰি থকা ফটোৰ সৈতে জড়িত তথ্যই জ্যোতিৰ্বিজ্ঞানৰ জ্ঞানৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি কৰি আহিছে। মানুহ আচৰিত হৈছে এই নতুন তথ্য পাই। আনহাতে জ্যোতিৰ্বিজ্ঞানীসকলে কৰিছে নতুন নতুন গৱেষণা। শেহতীয়াকৈ নেপচুনৰ ফটো এখনৰ ক্ষেত্ৰতো একেই ঘটিছে। নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপে নেপচুনৰ ধাৰাবাহিক ফটো প্ৰেৰণ কৰিছিল। সেই ফটোবোৰৰ মাজৰ এখন ফটো দেখাৰ পিছত সংশ্লিষ্ট মহলে কয় যে যোৱা ৩০ বছৰত সৌৰজগতৰ শেষ গ্ৰহটোৰ ইমান স্পষ্ট আৰু উজ্জ্বল ফটো পোৱা নাই! এই নতুন ফটো প্ৰকাশ পোৱাৰ লগে লগে বিজ্ঞানীসকল নতুন নতুন কথাৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। নেপচুন সূৰ্যৰ পৰা যিমান দূৰত; তাৰ তুলনাত পৃথিৱী সূৰ্যৰ পৰা তিনিগুণ দূৰত। পৃথিৱীৰ পৰা নেপচুনৰ দূৰত্ব ৪৩২ মিলিয়ন কিলোমিটাৰ। এই গ্ৰহটো বৰফৰ ডাঠ পাতেৰে আবৃত। সৌৰজগতৰ এটা চুকত থকা এটা অন্ধকাৰ অঞ্চলত এই গ্ৰহে বিচৰণ কৰে। নেপচুনক ‘আইচ জায়েন্ট’ বুলিও কোৱা হয়। মহাকাশৰ পৰা দেখা যায় যে গ্ৰহটো গাঢ় বেঙুনীয়া ৰঙৰ। কিন্তু মুঠতে গ্ৰহটোৰ বিষয়ে মানুহৰ জ্ঞান মোটামুটি সীমিত বুলি ধৰিব পাৰি। জেমছ ৱেবৰ ফটোখনে সেই ব্যৱধান পূৰণ কৰিব। কাৰণ জেমছ ৱেবে অতি কম পৰিচিত গ্ৰহটোৰ ওপৰত নতুন পোহৰ পেলালে। ৱেবে পঠোৱা ফটোবোৰত নেপচুনৰ আঙঠিবোৰ স্পষ্টকৈ দেখা যায়। নেপচুনৰ আঙঠিৰ প্ৰতি বিজ্ঞানীসকল বহুদিনৰ পৰা আগ্ৰহী হৈ আহিছে। কিন্তু, উপযুক্ত প্ৰযুক্তিৰ অভাৱৰ বাবে ইমান দূৰৈৰ গ্ৰহটোৰ চাৰিওফালৰ আঙঠিবোৰ পৰ্যবেক্ষণ কৰাটো সম্ভৱ হোৱা নাছিল। এইবাৰ সম্ভৱ হ’বলৈ গৈ আছে।পূৰ্বতে নেপচুনৰ আঙঠিবোৰ একেবাৰেই দেখা পোৱা নাছিল। গ্ৰহটোৰ আঙঠিবোৰ শেষবাৰৰ বাবে দেখা গৈছিল নাছাৰ ভয়েজাৰ-২ মহাকাশযানে তোলা ফটোত। কিন্তু তেতিয়াৰ পৰা গৱেষকসকলে এই আঙঠিটো দেখা নাই। জেমছ ৱেবৰ ফটোখনে পুনৰ সেই সুযোগ প্ৰদান কৰিছে। বিশেষজ্ঞসকলৰ মতে, তিনিটা দশকৰ আগতে দেখা পোৱা নেপচুনৰ আঙঠিৰ ফটোবোৰ অত্যধিক ম্লান আছিল। জেমছ ৱেব স্পেচ টেলিস্কোপে ইয়াতকৈ বহু স্পষ্ট ফটো পঠিয়াইছে। এই সকলোবোৰ ফটোৱে নিঃসন্দেহে নেপচুনৰ বিষয়ে চলাই অহা গৱেষণাক আগুৱাই নিব।