শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জুন : ‘হাম ৰহে ইযা না ৰহে কাল, কাল য়াদ আয়েঙ্গে ইয়ে পল’… প্ৰজন্মৰ পিছত প্ৰজন্মৰ কথা আছে তেওঁৰ গানত। গান আছিল তেওঁৰ ধ্যান-গান, আৰু একপ্রকাৰ গান গায় গায়েই গুচি গ’ল তেওঁ। কলকাতালৈ আহিছিল দুখন কলেজৰ সাংস্কৃতিক অনুষ্ঠানত যোগ দিবলৈ, সেই অনুষ্ঠানেই যেন কাল হল ! মাত্র ৫৪ বছৰ বয়সতে প্রয়াত হ’ল বলিউডৰ তাৰকা গায়ক কৃষ্ণকুমাৰ কুনাথ, যাক সকলোৱে চিনি পায় কেকে নামেৰে। সুৰৰ চহৰ কলকাতা তেওঁৰ শেষযাত্রাৰ সাক্ষী হ’ব বুলি কোনে জানিছিল? তেওঁৰ অনুষ্ঠানৰ টিকেটৰ বাবে হাহাকাৰ বহুতে কৰিছিল ছচিয়েল মিডিয়াত, তেওঁলোকে ভবা নাছিল হঠাৎ তেওঁৰ নামৰ কাষত #RIP লিখিবলগীয়া হ’ব এই কথা কোনেও ভবা নাছিল।
১৯৬৮ চনৰ ২৩ আগষ্টত দিল্লীৰ এক মালায়ালি পৰিয়ালত জন্ম এই সংগীত শিল্পীৰ। কেৰিয়াৰ আৰম্ভ কৰিছিল জিঙ্গল গায়ক হিচাবে। বলিউডত কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে প্রায় চাৰে তিনি হাজাৰ বিজ্ঞাপনী জিঙ্গল গাইছিল তেওঁ। নব্বৈৰ দশকত কেকে-ৰ উত্থান আৰম্ভ বলিউডৰ মিউজিক আকাশত। ১৯৯৪ চনত মুম্বাইলৈ গৈ প্লে-ব্যাক গায়ক হোৱাৰ যাত্ৰা আৰম্ভ। ইণ্ডি-পপ মিউজিকক নতুন দিশ দেখুৱাইছিল কেকেই। বলিউডত তেওঁৰ প্রথম ব্রেক চলমন-ঐশ্বর্যৰ ‘হাম দিল দে চুকে চনম’-ৰ ‘তড়প তড়প’। যদিও ইয়াৰ পূৰ্বে ‘মাচিছ’ কথাছবিতে ‘ছোড় আয়ে হাম’ গানটোৰ কিছু অংশ গাইছিল তেওঁ। ভগ্ন মনৰ যন্ত্রণা তেওঁৰ দৰে আৰু কেইজনে ব্যক্ত কৰিব পাৰে?
১৯৯৯ চনত মুক্তি পায় কেকে-ৰ চ’ল’ এলবাম ‘পল’। ‘আপকি দোৱা’, ‘ইয়াৰ’ৰ পৰা টাইটেল ট্রেক ‘পল’— প্রত্যেকটো গান কালজয়ী। নতুন শতাব্দীত বলিউডক, বলিউড মিউজিক লাভাৰসকলক একাধিক মন মুহিব পৰা গান উপহাৰ দিছে তেওঁ। কিশোৰ কুমাৰৰ অন্ধ ভক্ত আছিল কেকে। হিন্দীৰ উপৰি বাংলা, তামিল, তেলুগু, মালায়ালম, গুজৰাটীসহ একাধিক ভাৰতীয় ভাষাত গান গাইছিল তেওঁ। ভাৰতীয় পপ আৰু ৰক মিউজিকত সুকীয়াকৈ নিজৰ পৰিচয় সৃষ্টি কৰিছিল কেকেই। ‘আঁখো মে তেৰি’, ‘জাৰা সা’, ‘খুদা জানে’, ‘তুহি মেৰি চব হ্যয়’,’দিল ইবাদত’, ‘ক্যা মুজে প্যাৰ হ্যা’-সহ অজস্র হিট গান শ্ৰোতাক উপহাৰ দিছে কেকেই। ‘বাঁচনা ইয়ে হাচিনো’ ছবিৰ ‘খুদা জানে’ গানৰ বাবে ফিল্মফেয়াৰ বঁটা পাইছিল তেওঁ। অজস্র ভক্তক কন্দুৱাই হঠাৎ গুচি গ’ল কেকে।
কালি ৩১ মে’ মঙ্গলবাৰে সন্ধিয়া ৬.৪৫ বজাত মঞ্চত প্রৱেশ কৰিছিল সংগীত শিল্পীজনে। জনজোৱাৰৰ মাজত পাৰফর্মো কৰে কেকেই। অনুষ্ঠান চলা সময়ত অস্বস্তিবোধ কৰিছিল শিল্পীজনে। স্পটলাইট বন্ধ কৰিবলৈ কৈছিল, ঘামি উঠিছিল। তথাপি স্তব্ধ হোৱা নাছিল তেওঁৰ সুৰ। ৮.৪৫ বজাত অনুষ্ঠান শেষ কৰি ওলাই যায় তেওঁ। তাৰ পিছত উপস্থিত হয় গ্রেণ্ড হোটেলত, তাতেই মাৰাত্মক অসুস্থতাবোধ কৰে। লগে লগে তেওঁক CMRI হাস্পাতাললৈ লৈ যোৱা হ’ল। কিন্তু গায়কজনক মৃত বুলি ঘোষণা কৰিলে ইমার্জেন্সি বিভাগৰ চিকিৎসকসকলে।