৫ ফেব্ৰুৱাৰীত লখিমপুৰত কমান অপৃন কৌবাঙৰ প্ৰতিষ্ঠা দিৱস

0 25

শতাব্দ, লখিমপুৰ,  ১ ফেব্ৰুৱাৰীঃ মিচিং জনগোষ্ঠীৰ কমান বংশীয় সকলৰ অনুষ্ঠান সদৌ কমান অপৃন কৌবাঙে প্রতিষ্ঠা কালৰে পৰা কমান সকলৰ সামগ্রিক উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি ঐক্যবন্ধ হৈ কাম কৰি আহিছে। কৌবাঙে ইতিমধ্যে কমান বংশাৱলী গ্রন্থ আকাৰে প্ৰকাশ কৰাৰ লগতে সদৌ কমান অপৃন কৌবাঙৰ স্থায়ী কার্যালয় গৃহ নিৰ্মাণৰো কাম কাজ চলাই আছে। কৌবাঙৰ চতুৰ্দশ প্রতিষ্ঠা দিৱসটি এইবাৰ উত্তৰ লখিমপুৰৰ শান্তিপুৰ মিচিং গাঁৱত (চাবতি) উলহ মালহেৰে অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই আছে। সেইদিনা পুৱা ৭ বজাত সামূহিক চাফাই, ৮ বজাত গছপুলি ৰোপণ, ৯ বজাত পতাকা উত্তোলন, ৯.৩০ বজাত স্মৃতি তৰ্পণ, ১০ বজাত বিশ্বেশ্বৰ কমানৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হব। সভাত বহুকেইজন বৰণ্যে ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। সভাতে “কমান গমুগ” শীৰ্ষক মুখপত্ৰখনিও উন্মোচন কৰা হব। প্ৰতিষ্ঠা দিবসটি সাফল্যমণ্ডিত কৰি তুলিবলৈ কৌবাঙৰ সভাপতি বিশ্বেশ্বৰ কমান, ভাৰপ্ৰাপ্ত সম্পাদক ৰাজীৱ কমান, অভ্যর্থনা সমিতিৰ সভানেত্ৰী দিপালী কমান আৰু সম্পাদিকা জানমনী কমানে ৰাইজক আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.