৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

অসমলৈ আহিল কেইবাটাও সন্মান

0 109

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুলাইঃ আজি ঘোষণা কৰা হয় ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এই সমাৰোহত বিভিন্ন শিতান আৰু বিভিন্ন ভাষাৰ বাবে শ্ৰেষ্ঠ সন্মান ঘোষণা কৰা হয়। আজি ঘোষণা কৰা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত অসমলৈও আহিল কেইবাটাও বঁটা। এই বঁটা ঘোষণা কৰাৰ লগে লগে উচাহৰ ঢল নামিছে অসমৰ চলচিত্ৰ জগতলৈ। অসমৰ কেইবাখনো ছবিয়ে কঢ়িয়াই আনে সন্মান। কৃপাল কলিতাৰ পৰিচালিত ‘ব্রীজ’ ছবিখনৰ আঞ্চলিক ভাষাৰ শ্রেষ্ঠ ছবি হিচাপে লাভ কৰে ৰজত কমল বঁটা। আনহাতে আইমী বৰুৱাৰ পৰিচালিত ‘ছেমখৰ’-এ লাভ কৰে দুটাকৈ বঁটা। আইমী বৰুৱাৰ ‘চেমখৰ’ ছবিলৈ শ্ৰেষ্ঠ ডিমাছা ভাষাৰ শ্রেষ্ঠ ছবি হিচাপে ৰজত কমল বঁটা আগবঢ়োৱা হয়। ‌লগতে ছবিখনত অভিনয়ৰ বাবে আইমী বৰুৱালৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ‘জুৰীৰ বিশেষ উল্লেখ’ সন্মান আগবঢ়োৱা হয়। আনহাতে অ-কাহিনী চিত্র শিতানত অসমৰ দুখন ছবিয়ে লাভ কৰে পুৰস্কাৰ। পৰিৱেশ শিতানত দীপ ভূঞা পৰিচালিত ‘মানাহ আৰু মানুহ’ নামৰ ছবিখনে শ্ৰেষ্ঠ পৰিৱেশ চলচ্চিত্ৰ বঁটা লাভ কৰে। সেইদৰে খঞ্জন কিশোৰ নাথৰ কাৰ্বি চুটি ছবি ‘কাচিচিনিথু’লৈ শ্রেষ্ঠ চুটি ছবি হিচাপে ৰজত কমল বঁটা আগবঢ়োৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.