লখিমপুৰ, ৬ অক্টোবৰঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ৮ অক্টোম্বৰত কলিকতাৰ যোগেশ মাইম থিয়েটাৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ’ব৷ কলিকতাৰ থিয়েটাৰ চাইন নাট্য দলৰ দ্বাৰা আয়োজন কৰা এক ৰাষ্ট্ৰীয় নাট মহোৎসৱত এই নাটকখন মঞ্চস্থৰ বাবে নিমন্ত্ৰন লাভ কৰিছে৷ দয়াল কৃষ্ণ নাথৰ পৰিচালনা ও পৰিকল্পনাৰে কুশল ডেকাৰ ৰচিত নাটক “কড়োৱা চচ” নাটকৰ হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ ভাওনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ
লোক নাটকৰ খুহুতীয়া শিল্পীৰ জীৱনৰ ওপৰত উপস্থাপন কৰা এই নাটকখনিত অভিনৱ থিয়েটাৰৰ শিল্পী ৰবি কুমাৰ ৰঞ্জন, নিকিতা গুপ্তা, দয়াল কৃষ্ণ নাথ, ৰবি বাৰ্মা, মনোজ কুমাৰ, গোপাল বিশ্বাস আৰু কথাশ্ৰীতা কুন্ডুৱে অভিনয় কৰিছে৷ উল্লেখযোগ্য যে এই নাটকখনি ইতিমধ্যে কলিকতা, প্ৰয়াগৰাজ, শান্তিনিকেতন, চান্থিয়াকে ধৰি ভাৰতৰ বিভিন্ন ঠাইত অনুস্থিত নাট্য মহোৎসৱত মঞ্চস্থ কৰি সমাদৰ পাবলৈ সক্ষম হৈছে৷
