শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুলাই : বুষ্টাৰ ড’জৰ ওপৰত কেন্দ্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা। স্বাস্থ্য মন্ত্ৰালয়ে ক’ৰনা ভেকচিনৰ দ্বিতীয় ড’জ আৰু বুষ্টাৰ ড’জৰ মাজৰ ব্যৱধান হ্ৰাস কৰিছে। বুষ্টাৰ ড’জৰ ব্যৱধান ৯ মাহৰ পৰা ছমাহলৈ হ্ৰাস কৰা হৈছে। জানিব পৰা মতে, কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণৰ হৈ ইতিমধ্যে সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চললৈ এই সম্পৰ্কে পত্র প্রেৰণ কৰা হৈছে। তেওঁ এক পত্ৰযোগে কয় যে, ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা গোটৰ বৈঠকত দ্বিতীয় ড’জ আৰু বুষ্টাৰ ড’জৰ মাজৰ ব্যৱধান ২৮ সপ্তাহ বা ৬ মাহলৈ হ্ৰাস কৰা হ’ব। ইতিমধ্যে সকলো টিকাকৰণ কেন্দ্ৰক নিৰ্দেশ দিয়া হৈছে। ভাৰতত ৬ জুলাইত ২৩ শতাংশ বৃদ্ধি পাইছে কভিদ সংক্ৰমণ। উক্ত দিনটোৰ ২৪ ঘণ্টাত সমগ্ৰ দেশতে ১৮,১৫৯ জন লোক ক’ৰনাত আক্ৰান্ত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৪,৩৫,৪৮,৬০৯ জন।