৯ মাৰ্চৰ পৰা সন্ধানহীন তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ

পিতৃৰ এজাহাৰৰ পাঁচদিন পিছতহে গোচৰ পঞ্জীয়ন তেজপুৰ আৰক্ষীৰ

0 17

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী :দৰিদ্ৰ লোকৰ এজাহাৰক গুৰুত্ব নিদিয়ে নেকি তেজপুৰ আৰক্ষীয়ে? আৰক্ষী চকীত দিয়া এখন এজাহাৰৰ ভিত্তিত পাঁচদিনৰ পিছতহে এজাহাৰৰ ওপৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰে নেকি? সততে তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হোৱা এনে এক অভিযোগে তেজপুৰৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত উত্থাপিত অভিযোগ অনুসৰি যোৱা ৯ মাৰ্চৰ দুপৰীয়া তেজপুৰ চহৰৰ মহাভৈৰৱ হোলাৰ নিজৰ ঘৰৰ সন্মুখত খেলি থকা অৱস্হাৰ পৰাই হঠাৎ নিৰুদ্দিষ্ট হৈ পৰা তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ ৮ বছৰীয়া দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আৰিয়ন কুমাৰ। এই ৮ বছৰীয়া শিশুটি নিৰুদ্দিষ্ট হোৱাৰ দিনাই পিতৃ ৰাম বাবু সাহাই তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে তদন্তৰ নামত এখোজো আগবঢ়া দূৰৰে কথা কালিহে পৰিয়ালৰ কাকুতি মিনতিত এজাহাৰখন পঞ্জীয়ন কৰে ।ইতিমধ্যে পুত্ৰ সন্তানটিক বিচাৰি ৰাস্তাই পদুলিয়ে আইচক্ৰীম বিক্ৰী কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি অহা পিতৃ নিৰাশ হৈ কালি পুনৰ আৰক্ষীৰ কাষ চপাত কালিহে অৰ্থাৎ পাঁচদিনৰ পিছত এজাহাৰখনৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰে বুলি আজি তেজপুৰৰ সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰে। পিতৃ ৰাম বাবু সাহাই আজি পুত্ৰই অধ্যয়ন কৰা ৰাষ্ট্ৰভাষা বিদ্যালয়ত উপস্থিত হৈ সমগ্ৰ কথা বিৱৰি কোৱাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলেও আৰক্ষীৰ এনে নিস্ক্ৰিয় ভূমিকাত আশ্চৰ্য প্ৰকাশ কৰা পিছত তেজপুৰৰ একাংশ সাংবাদিকৰ আগত সমগ্ৰ কথা পিতৃয়ে বিৱৰি কোৱাত স্বাভাৱিকতে আৰক্ষীৰ এনে ভূমিকাত ক্ষুব্ধ হৈ পৰে।উল্লেখ্য যে, পিতৃৰ পৰা জানিব পৰা মতে যোৱা ৯ মাৰ্চৰ দুপৰীয়া প্ৰায় ১ – ৩০ বজা মানত ঘৰৰ পৰা এটা কুকুৰ পোৱালী লগত লৈ সন্মুখতে খেলি থকাৰ পিছৰ পৰাই আৰিয়ন কুমাৰ নিৰুদ্দিষ্ট হৈ পৰে।কোনো লোকে সন্ধান পালে ৬২০৯৬৬৭২৮৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰে অনুৰোধ জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.