সংবাদ মেলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ঘোষণা আয়োজক সমিতিৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নবেম্বৰঃ শিলে কথা কোৱা প্ৰকৃতিৰ ৰম্যভূমি তেজপুৰত হ’ব কথা আৰু কবিতাৰ বৰষুণ৷ দেশৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ একাংশ জনপ্ৰিয় লেখক – সাহিত্যিকৰ সমাৱেশেৰে অহা ৯, ১০ আৰু ১১ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজন কৰিবলৈ লোৱা “তেজপুৰ সাহিত্য উৎসৱ – ২০২২” ( তেজপুৰ লিটফেষ্ট’২২) ৰ প্ৰস্ততি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।তেজপুৰৰ সাহিত্য আৰু শৈক্ষিক অনুষ্ঠান “তেজপুৰ একাডেমী অৱ লিটাৰেচাৰ এণ্ড এডুকেশ্বন” (টেল) ৰ উদ্যোগত শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে তেজপুৰীয়া ৰাইজৰ সহযোগত তেজপুৰৰ নেৰিয়ালম চৌহদত অনুষ্ঠিত হ’ব এই সাহিত্য উৎসৱ৷ সাহিত্য উছৱৰ প্ৰতিটো দিনতে আয়োজিত হ’ব লগা বিভিন্ন কার্যসূচীত অংশ গ্ৰহণ কৰিব প্ৰসিদ্ধ লেখক ধ্ৰুৱজ্যোতি বৰা, মামাং দাই, মিত্ৰা ফুকন, ধ্ৰুব হাজৰিকা, অনুৰাধা শৰ্মা পূজাৰী, য়েছে দৰজে ঠংচি, অৰিন্দম বৰকটকী, জেনিচ প্যাৰিয়ট , শৰ্মিষ্ঠ প্ৰীতম আদি লেখক-লেখিকা সকলৰ লগতে চেলিব্ৰিটি চিনে তাৰকা ৰজত কাপুৰে। আজি তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে আয়োজক সমিতিয়ে প্ৰতিদিনৰ কাৰ্যসূচী ঘোষণা কৰে। আয়োজক সমিতিৰ উপদেষ্টা বিশিষ্ট লেখিকা তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড° চাৰু চহৰীয়া নাথ, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° জ্যোৎস্না শৰ্মা বেজবৰুৱা, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক তথা চন্দ্রনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা, লেখিকা মিনাক্ষী গোস্বামী, বিশিষ্ট উদ্যোগপতি তথা অসমীয়া ক্লাবৰ উপসভাপতি হেমন্ত লহকৰ,আয়োজক সমিতিৰ সম্পাদক বিক্ৰম কলিতা, উদ্যোক্তা অনুষ্ঠান টেলৰ সভানেত্ৰী জয়শ্ৰী ভূঞাকে ধৰি টেলৰ একাংশ সদস্যাৰ উপস্থিতিত আয়োজক সমিতিৰ উপসভাপতি পংকজ বৰুৱাই আঁত ধৰা সংবাদ মেলত টেলৰ সম্পাদিকা তথা বিশিষ্ট লেখিকা ড° শ্বৰিতা শৰ্মাই সদৰী কৰা অনুসৰি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আয়োজক সমিতিৰ সভাপতি হিচাপে থাকি দেশৰ এই জনপ্ৰিয় লেখক – সাহিত্যিক সকলক আদৰিবলৈ “টেল” ৰ কৰ্মকৰ্তাৰ লগতে আয়োজক সমিতিয়ে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। উল্লেখ্য যে, এই সাহিত্য উৎসৱত লেখক – সাহিত্যিক সকলৰ সৈতে পাঠকৰ “মেজমেল”, “লেখকৰ সৈতে মুখামুখি – অন্তৰংগ আলাপ”, “সৃজনশীল লেখাৰ কৰ্মশালা”, “বহুভাষিক গদ্য – কবিতা পাঠ”, “থিতাতে কবিতা ৰচনা”, “শ্লেম কবিতা বা দৃশ্য শ্ৰাব্য কবিতা”, “ঘূৰণীয়া মেজমেল”, “সমূহীয়া বক্তৃতা”, “কুইজ”, “গল্প পাঠ” আদি কাৰ্য্যসূচীৰ লগতে ৰুচিশীল সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্য্যসূচীৰ বাবে সাজু হৈ পৰিছে আয়োজক সমিতি।তেজপুৰ চহৰৰ সমীপৰ দোলাবাৰীৰ নেৰিয়ালম চৌহদত (NERIWALM Campus) ত অনুষ্ঠিত হ’ব লগা এই সাহিত্য উৎসৱ প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ সকলোৰে বাবে মুকলি থাকিব আৰু সকলো অনুষ্ঠানতে সকলোৱে বিনামূলীয়াকৈ অংশ গ্ৰহণ কৰিব পাৰিব। তেজপুৰত প্ৰথমবাৰৰ বাবে আয়োজিত এই “তেজপুৰ সাহিত্য উৎসৱ – ২০২২” প্ৰথম দিনৰ কার্যসূচী অনুসৰি ৯ ডিচেম্বৰৰ পুৱা ১০ বজাত অনুষ্ঠিত হ’ব “তেজপুৰ সাহিত্য উৎসৱ – ২০২২”ৰ উদ্বোধনী অনুষ্ঠান৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰাৰ লগতে ভাৰতীয় তেল নিগমৰ মুখ্য সাধাৰণ পৰিচালক মাধুর্য্য বৰুৱাৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সন্মানীয় অতিথি , শোণিতপুৰৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু জিলা আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শর্মা বিশেষ আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকিব৷ উদ্বোধনী অনুষ্ঠানৰ অন্তত দুপৰীয়া ১২ বজাত কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ড° ৰমেশ ডেকাই মূল বক্তব্য প্ৰদান কৰাৰ লগতে বিয়লি ২-৩০ বজাত অনুষ্ঠিতব্য পেনেল আলোচনাত সাহিত্যিক মিত্ৰা ফুকন, অধ্যাপক জের্নাইল সিং আনন্দ , মামাং দাই, ধ্ৰুৱ হাজৰিকা আৰু অংকুশ শইকীয়াই অংশ ল’ব ৷ বিয়লি ৪-৩০ বজাত দেশৰ চেলিব্ৰিটি চিনে তাৰকা ৰজত কাপুৰৰ সতে বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইনৰ কথোপকথন ৷ অহা ১০ ডিচেম্বৰৰ দ্বিতীয় দিনৰ কার্যসূচী অনুসৰি পুৱা ৮ বজাৰ পৰা ড° শোভ্ৰা দেৱীৰ তত্বাৱধানত তেজপুৰ হেৰিটেজ ট্যুৰ ( ঐতিহাসিক তেজপুৰ পৰিভ্ৰমণ) , দিনৰ ১০ বজাত সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক অনুৰাধা শর্মা পূজাৰীৰে অন্তৰংগ আলোচনা৷ আলোচনাৰ আঁত ধৰিব অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° চাৰু চহৰীয়া নাথে ৷ দিনৰ ১১ বজাত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি, অৰিন্দম বৰকটকী, অজন্তা বুঢ়াগোঁহাই আৰু মৌচুমী বৰকটকীৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হ’ব ‘ সমসাময়িক অসমীয়া সাহিত্যৰ দিশ: সাম্প্ৰতিক অসমীয়া সাহিত্যৰ গতিপথ’ শীর্ষক বিষয়ৰ পেনেল আলোচনা ৷ আলোচনাৰ আঁত ধৰিব সাহিত্যিক ড. সঞ্জীৱপল ডেকাই ৷ দিনৰ ১২-৩০ বজাত হ’ব লগা লেখকৰে মুখামুখি (মিট দ্য অথৰ) অনুষ্ঠানত অংশ ল’ব জনপ্ৰিয় লেখিকা শর্মিষ্ঠা প্ৰীতমে৷ সেইদিনা বিয়লি ২ বজাত সাহিত্যিক মামাং দাইৰ অংশ গ্ৰহণেৰে প্লেনাৰী চেছন, ৩-১৫ বজাত বিশিষ্ট সাহিত্যিক মিত্ৰা ফুকনৰে মুখামুখি অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচন, ৪ বজাত ‘লিটাৰেচাৰ ইন টাইমচ অৱ ক্ৰাইচিচ বিষয়ত সাহিত্যিক ধ্ৰুৱ হাজৰিকা, মিত্ৰা ফুকন, জেনিচ পেৰিয়ট আৰু অন্তৰ আত্ৰেয়ৰ অংশ গ্ৰহণেৰে পেনেল আলোচনা৷ আলোচনাখনিৰ আঁত ধৰিব ড°হেমজ্যোতি মেধিয়ে৷ সন্ধিয়া ৫-৩০ বজাত আয়োজিত হ’ব ‘লাফলাইনচ উইথ পংকজ থাপা’ কার্টুনত সমসাময়িক সময় শীর্ষক অনুষ্ঠান। ১১ ডিচেম্বৰৰ অন্তিম দিনৰ কাৰ্যসূচী দিনৰ ১০ বজাত সৃজনীমূলক লেখাৰ সন্দৰ্ভত জেনিছ পাৰিয়াটৰ সৈতে অন্তৰংগ আলোচনা ,দুপৰীয়া ১২ বজাত ‘আমি কি পঢ়ো?’ শীৰ্ষক অধ্যপিকা ড° পল্লবী ঝাৰ পৰিচালনাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান, বিয়লি ১.৪০ বজাত কুইজ , ৫-১২ বছৰ বয়সৰ শিশুৰ সাধু কোৱা অনুষ্ঠান ,বিয়লি ৩.০০ বজাত নাট্যকাৰ সাংবাদিক পুলক ডেকাৰ পৰিচালনাত বহু ভাষিক কবিতাৰ অনুষ্ঠান, বিয়লি ৪.৩০ বজাত আৰ জে গুপশ্বপৰ সৈতে মুকলি মাইক অনুষ্ঠান। সন্ধিয়া ৫.০০ বজাত বঁটা প্ৰদান, সম্বৰ্ধনা আৰু বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী আদিৰে আয়োজিত সামৰণী অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যাল়য়ৰ পঞ্জীয়ক ড° বীৰেন দাস, ড° পলাশমনি শইকীয়া, ড°. প্ৰদীপ কুমাৰ বৰা, আৰু ড° অমিত জুগ্ৰনে মুখ্য অতিথি ৰুপে অংশ গ্ৰহণ কৰিব।