শতাব্দ প্ৰতিনিধি তেজপুৰ , ৬ আগষ্ট: স্বাধীনতা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মিছামাৰী ব্লিজিং স্কোৱাৰ্ড ডিভিজনে ৰঙাপৰাৰ ঠাকুৰবাৰী মিলিটেৰী ষ্টেচনত আজি পুৱা ৬ বজাত ১০ কি:মি:ৰ ক্ষুদ্র মাৰাথনৰ আয়োজন কৰে। য’ত বৰজুলী উচ্চ মাধ্যমিক বিদ্যালয়, গ্ৰীনডেল বিদ্যালয়, চেভেন চিচটাৰ, চন্দ্ৰপ্ৰভা হিন্দী হাইস্কুল, কদমতল উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্র সকলে অংশগ্রহণ কৰে। মুখ্য অতিথি ষোল্ল জাট ৰেজিমেন্টৰ কমান অধিকাৰী কৰ্নেল আশীষ সিং মেহতাই মাৰাথনৰ পতাকা দেখাই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। ৭৫ তম স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ দেশভক্তিৰ নতুন চিন্তাৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। আমাৰ দেশৰ উঠি অহা যুৱসমাজক দেশপ্ৰেম, একতা, দেশৰ বাবে আত্মবলিদান সূচক বহুমূলীয়া ভাষণৰে সেনা অধিকাৰীজনে অৱগত কৰে। ১৩ আগষ্টৰ পৰা প্ৰত্যেক ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ কথাও তেওঁ উল্লেখ কৰে। শেষত মাৰাথনত বিজয়ী ছাত্র সকলক মেডেল আৰু উপহাৰৰ টোপোলাৰে পুৰস্কৃত কৰে।