শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭মে’: শোণিতপুৰৰ ৰঙাপৰা উন্নয়ন খণ্ডত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপনৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে স্থানীয় একাংশ লোকে শোণিতপুৰৰ উপায়ুক্তৰ ওচৰত এক পত্ৰ দাখিল কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসলৈয়ো প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে, ৰঙাপৰা উন্নয়ন খণ্ডৰে বিভিন্ন ভাবে জড়িত কুৰিজন লোকৰ দ্বাৰা স্বাক্ষৰিত অভিযোগ পত্ৰখনত এই অনিয়মৰে ভেণ্ডৰৰ সহায়ত ৰঙাপৰাৰ খণ্ড উন্নয়ন বিষয়া গৰাকী জড়িত বুলিও প্ৰকাশ কৰা হৈছে। অভিযোগ পত্ৰত প্ৰকাশ অনুসৰি,ৰঙাপৰা খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মাই নিৰ্বাচিত জনপ্ৰতিনিধি,কামৰ যোগান ধৰোঁতাসকলক একাষৰীয়া কৰি ভেণ্ডৰ সুভাষ তাঁতি আৰু দুই এজন ভেণ্ডৰৰে মিলি কাম কাজ চলাই গৈছে। পূৰ্বৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে ২০২১ত দুৰ্গা পূজাৰ পূৰ্বে এম জি এনৰেগাৰ সামগ্ৰী বিলৰ প্ৰায় এক কোটি টকা মোকলাই দিছিল বুলি অভিযোগ কৰি উপায়ুক্তক দাখিল কৰা অভিযোগত লগতে কোৱা হয় যে,এই ধন স্বজন তোষনৰ মাজৰে যোগান ধৰোতা সকলক আদায় দিয়া হয়। তদুপৰি এই ধনৰ বিপৰীতে সম্পন্ন হোৱা কামৰ মানদণ্ড উন্নত নহয় বুলি অভিযোগ কৰি পত্ৰখনত উল্লেখ কৰা অনুসৰি খণ্ড উন্নয়ন বিষয়াজনে নিৰ্বাচিত জনপ্ৰতিনিধি তথা সামগ্ৰী যোগান ধৰোঁতাসকলক গুৰুত্ব নিদি তাঁতি সহ দুজনমান ভেণ্ডৰৰ সহায়তে কাম কাজ চলাই নিয়াত সম্প্ৰতি ৰঙাপৰা উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলিও প্ৰকাশ কৰি কোৱা হৈছে যে ইয়াৰ ফলত সাধাৰণ ৰাইজ বঞ্চিত হ’ব লগীয়া হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে অভিযোগকাৰীসকলে। আজি তেজপুৰত একাংশ অভিযোগকৰীয়ে কয় যে শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত এই অভিযোগপত্ৰ যোৱা ২০মে’ত দাখিল কৰা হয় য’দিও আজি পৰ্যন্ত এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।