ৰঙাপৰা মহাবিদ্যালয়ৰ সেউজ বাকৰিত “এবেলা ব’হাগ” স্মৰণীয় অনুষ্ঠান সম্পন্ন

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল : ৰঙাপৰা মহাবিদ্যালয়ৰ সেউজ বাকৰিত কালি আনন্দ – উল্লাসৰ মাজেৰে অনুষ্ঠিত হয় ‘ব’হাগৰ এবেলা’ শীৰ্ষক এক আকৰ্ষণীয় অনুষ্ঠান। উল্লেখ্য যে, ব’হাগৰ এবেলা শীৰ্ষক কাৰ্যসূচীৰ লগতে অসম কলেজ অধ্যক্ষ পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাও একেলগে অনুষ্ঠিত হয়। পৰিচালনা সমিততিৰ সভনেত্ৰী ডo চাৰু চহৰীয়া নাথ, অধ্যক্ষ পৰিষদৰ সভাপতি ডo সৌমাৰজ্যোতি মহন্ত প্ৰমুখ্যে কেইবাগৰাকী অধ্যক্ষ, মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত উদযাপিত হয় এই স্মৰণীয় অনু়ষ্ঠান।ব’হাগৰ এবেলাৰ অন্তত ৰঙাপৰা মহাবিদ্যালয়ত অসম কলেজ অধ্যক্ষ পৰিষদৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। পৰিষদৰ সভাপতি ড০ সৌমাৰজ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অধ্যক্ষ পৰিষদৰ সাধাৰণ সম্পাদক তথা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই জানিবলৈ দিয়া মতে এই বছৰৰ পৰা মহাবিদ্যালয়ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি বলবৎ হ’ব। নতুন শিক্ষানীতিৰ অধীনত নাম ভৰ্তি কৰাৰ লগে এই সম্পৰ্কে কেইবাখনো কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি কলেজ সংযুক্তিকৰণৰ ওপৰতো কলেজবোৰক বিবেচনা কৰিবলৈ আহ্বান জনায় প্ৰস্তাব গ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.