ৰন্ধন গেছৰ মূল্য বৃদ্ধি : লখিমপুৰত এচ ইউ চি আইৰ বিক্ষোভ

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৪ মার্চঃ ৰাজ্যত ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি লখিমপুৰত এচ ইউ চি আইৰ এটা দলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে দেশৰ পেট্রলিয়াম মন্ত্রী হৰদীপ সিং পুৰিৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হঠাতে ৰন্ধন গেছৰ মূল্য ৫০ টকা বৃদ্ধি কৰি বি জে পি চৰকাৰে দুখীয়া মহিলাক কেনেদৰে সকাহ দিয়া হ’ল বুলিও বি জে পি চৰকাৰক এচ ইউ চি আই (কমিউনিষ্ট) লখিমপুৰ জিলা সম্পাদক অনুপম চুতীয়াই প্রশ্ন উত্থাপন কৰে। ৰন্ধন গেছৰ এনে অভাবনীয় মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাইজক ঐক্যবদ্ধভাবে শক্তিশালী গণ আন্দোলন গঢ়ি তোলাৰো আহ্বান জনায় এচ ইউ চি আইৰ নেতাজনে। উল্লেখ্য যে কেন্দ্ৰৰ বি জে পি চৰকাৰখনে হঠাতে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰত ৫০ টকা আৰু ব্যৱসায়িক গেছ চিলিণ্ডাৰত ৩৫০ টকাকৈ মূল্য বৃদ্ধি কৰাৰ প্ৰতিবাদত আজি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপত এচ ইউ চি আইন লখিমপুৰ জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰাৰ লগতে পেট্রোলিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে। সমিতিৰ ৰাজ্যিক সদস্য প্ৰজ্বল দেৰ উপস্থিতিত ৰূপায়ণ হোৱা এই কাৰ্যসূচী ৰূপায়ণ কৰি পুঁজিপতি সকলৰ স্বাৰ্থত ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰা কাৰ্যই দুখীয়া জনসাধাৰণৰ মূৰত ৰাম টাঙোন সোধোৱা বুলি ৰাজ্যিক সদস্য জনে ব্যক্ত কৰে। বিক্ষোভকাৰী সকলে বিভিন্ন শ্লগান দি বি জে পি চৰকাৰৰ এনে কাৰ্যৰ তীব্র প্রতিবাদ জনায়।

মন্তব্য দিয়ক

Your email address will not be published.