ৰহস্যময় ভুল তথ্য পঠাইছে নাছাৰ যানে ! চিন্তিত বিজ্ঞানী

0 36

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ মে’ : সূর্যৰ আওতাৰ বাহিৰত মহাকাশৰ খবৰ সংগ্ৰহ কৰিবলৈ গৈছিল নাছাৰ দুখন মহাকাশ যান। তাৰ ভিতৰত এখনৰ পৰা বিগত বেছ কিছুদিন ধৰি ক্রমাগতভাৱে ভুল তথ্য আহি পাইছে পৃথিৱী। যাক লৈ ৰহস্য ঘনীভূত হৈছে। কাৰণ বিজ্ঞানীসকলে বুজিবই পৰা নাই এই তথ্য ভ্রান্তিৰ কাৰণ কি। উক্ত মহাকাশ যানত যান্ত্রিক ত্রুটি আছে বুলিও জনা হোৱা নাই। বৰং প্রাথমিক পৰীক্ষা নিৰীক্ষা কৰি মহাকাশ বিজ্ঞানীসকলে জনাইছে যে, তেনে কোনো যান্ত্রিক ত্রুটি নাথাকিলেও তথ্যভ্রান্তি ঘটিছে। অথচ পৃথিৱীৰ পৰা তথ্য পঠাবলৈ বা পৃথিৱীলৈ তথ্য পঠোৱাত কোনো অসুবিধা হোৱা নাই মহাকাশযানখনৰ। কেৱল চিন্তা হৈছে ভুল তথ্য অহাক লৈহে। কেনেধৰণৰ সেই ভুল ভ্রান্তি? নাছাই জনাইছে যে, মহাকাশযানখন এতিয়া সৌৰজগতৰ বাহিৰে নক্ষত্রমণ্ডলৰ মাজৰ অংশত থকাৰ কথা। কিন্তু তাৰ পৰিৱৰ্তে যানখনৰ পৰা অহা তথ্যই জনাইছে যে, সেই যান মহাজাগতিক এলেকাৰ অন্য কোনো অজানা অংশত আছে। যিটো সম্ভৱ নহয় ! উক্ত মহাকাশ যানখনৰ নাম ভয়েজাৰ ৱান। সৌৰজগতৰ বাহিৰে পৃথিৱীৰ পৰা যোৱা দূৰতম বস্তু এইখন। ১৯৭৭ চনত নাছাই এই যানখন সৌৰজগতৰ বাহিৰৰ মহাজাগতিক এলেকালৈ পঠিয়াইছিল। আৰু এতিয়া পৃথিৱীৰ পৰা যানখনৰ দূৰত্ব ২৩৩০ কোটি কিলোমিটাৰ। নাছাৰ বিজ্ঞানীসকলে জনাইছে যে, ভয়েজাৰ ৱানৰ বেছ কিছুদিন পিছতেই মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল ভয়েজাৰ টু। সেইখনে মহাজাগতিক এলেকাত ভালদৰেই কাম কৰিছে। ভয়েজাৰ ৱানৰ সমস্যা বিচাৰি উলিয়াবলৈ সম্প্ৰতি নাছাৰ মহাকাশ বিজ্ঞানীসকলৰ বিশেষ দলে তথ্য বিশ্লেষণ কৰাত লাগিছে। তেওঁলোকে জনাইছে যে, ভয়েজাৰ ৱানৰ নিয়ন্ত্রণ অনেকখিনি থাকে এটিচ্যুড আর্টিকুলেচন আৰু কন্ট্রল চিষ্টেমৰ ওপৰত, সেই চিষ্টেমৰ পৰা পোৱা তথ্যৰ পৰাও বুজিব পৰা নাই ভয়েজাৰ ৱানৰ ভিতৰত আচলতে কি হৈছে। তেন্তে কি অন্য কোনোবাই বা অন্য বিষয়ে ভয়েজাৰ ৱানৰ তথ্যবিকৃতি ঘটাইছে? বিজ্ঞানীসকলে কৈছে যে, মহাজাগতিক এলেকাত অনেক প্রতিকূল পৰিস্থিতিৰ মাজেদি যাবলগীয়া হয় মহাকাশ যান। তাৰ বাবেও সমস্যা হ’ব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.