ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ওপৰত ভয়ংকৰ বিস্ফোৰণৰে আক্ৰমণ 

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ এতিয়াও চলি আছে আৰু যুদ্ধৰ মাজতে বহু ডাঙৰ ডাঙৰ দাবী কৰা হৈছে। কিন্তু ইয়াৰ মাজতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক গুৰুতৰভাৱে আক্ৰমণ কৰা হৈছে। তেওঁৰ গাড়ীৰ ওচৰলৈ এটা বোমা নিক্ষেপ কৰা হয় আৰু তেওঁ কোনোমতে পলায়ন কৰা বুলি দাবী কৰা হৈছে। অৱশ্যে এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

* পুটিনৰ লিমুজিনৰ ওচৰত বোমা আক্ৰমণ
ক্ৰেমলিনৰ এক সূত্ৰই দ্য মিৰ’ৰকে ধৰি কেইবাটাও সংবাদ মাধ্যমক জনোৱা মতে, ভ্লাদিমিৰ পুটিনৰ লিমুজিন গাড়ীখনত বোমা বিস্ফোৰণ কৰা হৈছে আৰু তেওঁক হত্যাৰ চেষ্টা কৰা হৈছে। পুটিনৰ গাড়ীৰ বাওঁফালে ‘উচ্চ বিস্ফোৰণ’ হোৱাৰ পিছত ‘বহু ধোঁৱা’ ওলোৱা বুলিও কোৱা হৈছে। কিন্তু এই ঘটনা কেতিয়া আৰু ক’ত সংঘটিত হৈছিল সেই কথা কোৱা হোৱা নাই।

* বিস্ফোৰণৰ পিছত গাড়ীৰ পৰা ধোঁৱা ওলাইছিল
দাবী কৰা হৈছে যে পুটিনৰ লিমুজিন গাড়ীখন নিৰাপদে অন্য স্থানলৈ লৈ যোৱা হৈছে। এই ঘটনাত পুটিনৰ কোনো ক্ষতি হোৱা নাছিল। খবৰ অনুসৰি পুটিনে নিজৰ চৰকাৰী বাসগৃহলৈ উভতি অহাৰ সময়তে কেইকিলোমিটাৰমান দূৰত এখন এম্বুলেন্সে প্ৰথমখন নিৰাপত্তাৰক্ষী স্কোৱাডৰ গাড়ীখন ৰখাই দিয়ে। ৰৈ যোৱাৰ পিছত পুটিনৰ গাড়ীখনৰ বাওঁফালে এটা জোৰকৈ শব্দ হয় আৰু তাৰ পিছত ধোঁৱা নিৰ্গত হ’বলৈ ধৰে। ইয়াৰ পিছতে গাড়ীখন ঘেৰাও কৰে বোমাপ্ৰুফ আৰু বুলেটপ্ৰুফ নিৰাপত্তাৰক্ষীয়ে। চাৰিওফালে বিয়পি পৰা ধোঁৱা আঁতৰোৱাৰ চেষ্টা কৰা হয়। কেইছেকেণ্ডমানৰ ভিতৰতে পুটিনক হুইস্কিং কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হয়। পিছত এম্বুলেন্সখনৰ ড্ৰাইভিং চিটত উদ্ধাৰ হয় এটা মৃতদেহ। পুটিনক আক্ৰমণ কৰা সন্দেহযুক্ত লোকজন আছিল আত্মঘাতী বোমাৰু।

* পুটিনক নিৰাপদ স্থানলৈ
ঘটনাৰ পিছতে গাড়ীখন বমপ্ৰুফ আৰু বুলেটপ্ৰুফ নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি ধোঁৱামুক্ত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হয়। ইয়াৰ পিছতে পুটিনক নিৰাপদ স্থানলৈ লৈ যোৱা হয়। ই আত্মঘাতী আক্ৰমণ বুলি খবৰ পোৱা গৈছে।

* ইউক্ৰেইনত ৰাছিয়াৰ সেনাৰ ক্ষতি!
ইউক্ৰেইনত পুটিনৰ বহু নিৰাপত্তাৰক্ষীকো গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে। আনহাতে, ‘দ্য ছান’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পুটিনক হত্যা কৰাৰ এই প্ৰচেষ্টা কেতিয়া হৈছিল সেয়া স্পষ্ট হোৱা নাই। মন কৰিবলগীয়া যে ইউক্ৰেইনত হোৱা প্ৰতিআক্ৰমণত ৰাছিয়াৰ সেনাৰ যথেষ্ট লোকচানৰ সন্মুখীন হোৱা সময়ত পুটিনৰ ওপৰত আক্ৰমণৰ দাবী কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.