শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৩অক্টোবৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আজিৰে পৰা তেজপুৰৰ পলফিল্ডত আৰম্ভ হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী মেছত সঞ্জীৱন সমাজ নগাঁও একাদশ দলে মৰাণ টাউন ক্লাৱ ক ৫-৩গলৰ ব্যৱধানত পৰাস্ত কৰে৷বিজয়ী দলৰ হৈ হেট্ৰিক কৰিবলৈ সক্ষম হয় টিকলি দাসে৷ আন দুটা গল কৰে লক্ষ্যজ্যোতি দাস আৰু অনন্ত ৰাভাই৷ আনহাতে বিজিত দলৰ হৈ কল্যাণজ্যোতি মৰাণ, যুৱৰাজ বৰগোহাঁই আৰু কেশব দাসে তিনিটা গল পৰিশোধ কৰে৷ বিজয়ী দলৰ টিকলি দাস আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয়৷ উল্লেখযোগ্য যে, প্ৰতিযোগিতাখন চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, ভাৰতীয় দলক এসময়ৰ প্ৰখ্যাত ফুটবল খেলুৱৈ দেৱাশীষ ৰয়, অসম অলিম্পিক সন্থাৰ উপ সভাপতি ঋতুবৰণ শৰ্মা, তেজপুৰ জিলা ক্ৰীড়া বিষয়া খনীন্দ্ৰ মুদৈ, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতি কমল হাজৰিকা, বিশিষ্ট ক্ৰীড়াবিদ পংকজ বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আনুষ্ঠানিক ভাবে উদ্বোধন কৰে৷ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ কাৰ্যকৰী সভাপতি মৃদুল কুমাৰ শৰ্মা আৰু ফুটবল সম্পাদক অশ্বিনী বৰাই আঁত ধৰা আজিৰ এই উদ্বোধনী অনুষ্ঠানত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই তেজপুৰৰ ক্ৰীড়া ক্ষেত্ৰখনক গতিশীলতা প্ৰদান কৰা ৰাজেন বৰঠাকুৰৰ অৱদান স্মৰণ কৰি এই প্ৰতিযোগিতা ধাৰাবাহিক ভাবে চলি থকাৰ কামনা কৰে৷
