ষ্টাফ ৰিপৰ্টাৰ, ২১ জুলাইঃ গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত যোৱা 27 জুলাইত অনুষ্ঠিত ৰাজ্যিক উশ্বু চেম্পিয়নশ্বিপত গোগামুখ কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ দেবৰঞ্জন পেৰ্মেই 56 কিলোগ্ৰাম শাখাত খেলি ৰূপৰ পদক পাবলৈ সক্ষম হয় । ঢকুৱাখনাৰ বেবেজিয়া চাৰিআলিৰ মহুৰা চাপৰিৰ দেবৰঞ্জন ব্ৰজেন্দ্ৰ পেৰ্মে আৰু তৰা পেৰ্মেৰ সন্তান । দেবৰঞ্জনে গোগামুখৰ পমুৱাৰ আশা দলেৰ পৰা প্ৰশিক্ষণ লৈ আছে । দেবৰঞ্জনৰ সাফল্যত অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।