ৰাজ্যিক পৰিবহন নিগমৰ অনলাইন টিকট সেৱা আৰম্ভ

0 13
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুলাই : অসম ৰাজ্যিক পৰিবহণ নিগমে বাছ সেৱাৰ বাবে অনলাইন টিকট সেৱা আৰম্ভ কৰিছে। এই বিষয়ে আজি ২৩ জুলাই শনিবাৰে অৱগত কৰে অসম পৰিবহন নিগমৰ পৰিচালন সঞ্চালক ৰাহুল চন্দ্ৰ দাসে। প্ৰথমে কামৰূপ-মেট্ৰ’ আৰু শোণিতপুৰ জিলাত অসম ইলেক্ট্ৰনিকছ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেড (AMTRON)ৰ সহযোগত এই সেৱা আৰম্ভ কৰা হৈছে। নগাঁও হৈ গুৱাহাটীৰ পৰা তেজপুৰলৈ যোৱা পথটো সামৰি লোৱা এটা পাইলট প্ৰজেক্টৰ অংশ হিচাপে এই চফটৱেৰটো ডিজাইন কৰা হৈছে। পৰৱৰ্তী সময়ত এই ব্যৱস্থাৰ অধীনত অসমৰ অন্যান্য পথসমূহো সংযোজন কৰা হ’ব। যাত্ৰীসকলে চহৰ আৰু আন্তঃজিলা উভয় সেৱাৰ বাবে এ এছ টি চি বাছত ই-টিকট সেৱাৰ সুবিধা ল’ব পাৰিব। www.astcbus.comত টিকট লাভ কৰিব পাৰিব। তদুপৰি যাত্ৰীসকলে হেল্প ডেস্ক বা অভিযোগ নিষ্পত্তি কোষৰ সৈতে astc2009@gmail.comত যোগাযোগ কৰিব পাৰিব। যাত্ৰীৰ অভিযোগ সমাধানৰ বাবে ১৮০০-৩৪৫-৩৯৮৬ নম্বৰত ২৪/৭ টোল ফ্ৰী হেল্প ডেস্কো স্থাপন কৰা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.