ৰাজ্যৰ বজাৰত ই জেদ ধ্ৰুৱ নামৰ ক’লা জিকা উপলব্ধ

জিকা খেতিৰে শোণিতপুৰৰ শৰৎ বৰুৱাই দেখুৱাইছে নিদৰ্শন

0 67

শতাব্দ প্ৰতিনিধি তেজপুৰ,২মে’: ৰাজ্যখনৰ একাংশ পৰিশ্ৰমী লোকে কৃষিকাৰ্যত জড়িত থাকি এইক্ষেত্ৰত সফলতাৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । যোৱা সময়চোৱাত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে সাধাৰণ জাতৰ বন্ধাকবি ফুলকবিৰ লগতে ভেলেন্টিনা,কেৰ’টিনা আৰু ব্ৰ’কলী জাতৰ আদিৰ খেতি কৰি ডেৰ লক্ষাধিক টকা আয় কৰিবলৈ সক্ষম হোৱা শোণিতপুৰৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ধলাইবিল চামধাৰা গাঁৱৰ শৰৎ বৰুৱা নামৰ প্ৰগতিশীল কৃষকজনে শেহতীয়াকৈ জিকা আৰু ভোলৰ খেতি কৰি লাভ কৰিছে আশানুৰূপ সাফল্য । স্থানীয় সঁচৰ লগতে বিদেশৰ পৰা সংগ্ৰহ কৰা জিকাৰ সঁচৰে তেওঁ এতিয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে  ।

উল্লেখযোগ্য যে, প্ৰায় আঢ়ৈ বিঘা মাটিত সম্পুৰ্ণ জৈৱিক পদ্ধতিৰে তেওঁ কৰিছে জিকা আৰু ভোলৰ খেতি । তদুপৰি, উন্নত প্ৰজাতিৰ এফ ১ কাবেৰী, এফ১কলস আৰু ইজেদ ধ্ৰুৱ শ্ৰেণীৰ জিকা খেতি কৰি তেওঁ যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । এইবাৰ আগতীয়া আৰু ধাৰাবাহিক বৰষুণৰ এনে প্ৰতিকূল বতৰ সত্বেও বৰুৱাই এটা সপ্তাহত সাত -আঠ কুইন্টল জিকা তেওঁৰ কৃষিক্ষেত্ৰৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে । সম্প্ৰতি তেওঁ এটা সপ্তাহত প্ৰতি কুইন্টল জিকা ছয়হেজাৰ টকা মূল্যত বিক্ৰী কৰিবলৈ সক্ষম হৈছে ।

প্ৰগতিশীল কৃষকজনে চৰকাৰী চাকৰিৰ সন্ধানত ব্যস্ত হোৱাৰ বিপৰীতে ৰাজ্যৰ গ্ৰামীণ বিকাশ বেংকৰ পৰা ৩০ হেজাৰ টকা কৃষি ঋণলৈ এহেজাৰ জোপা জিকা পুলি ৰোপন কৰিছিল । নিয়ম অনুসাৰে লোৱা যত্নৰ লগতে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা এই খেতিৰ পৰা তেওঁ যোৱা তিনিটা মাহত আঢ়ৈ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে কৃষক বৰুৱাই প্ৰথমবাৰলৈ নেদাৰলেন্ডৰ পৰা ই জেদ ধ্ৰুৱ নামৰ জিকা বিধৰ বীজ আমদানি কৰে ।

এইবিধ জিকাৰ বৰণ ক’লা । ৰাজ্যৰ বাবে প্ৰায় নতুন এই জিকাবিধৰো সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম হোৱা কৃষক বৰুৱাই এইবিধ ক’লা জিকা সুস্বাদু বুলি প্ৰকাশ কৰাৰ লগতে গ্ৰাহকেও আদৰি লোৱা বুলি কয় । তেওঁ লগতে জানিবলৈ দিয়ে যে তেওঁৰ কৃষি কাৰ্যত তেওঁৰ পত্নী সুনীতা দেৱী বৰুৱা আৰু পিতৃ গুণ বৰুৱাই সহায় সহযোগ আহিছে।চৰকাৰী কৃষি আঁচনিৰ সহায়ৰ অবিহনেই নিজস্ব প্ৰচেষ্টাৰে কৃষিকাৰ্য কৰি যোৱা কৃষকজন ৰাজ্যৰ কৃষি ক্ষেত্ৰকলৈ যথেষ্ট আশাবাদী আৰু ভৱিষ্যতে শিক্ষিত নিবনুৱা সকলেও ইয়াৰ প্ৰতি অধিক উৎসাহী হ’ব বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.