শতাব্দ প্ৰতিনিধি তেজপুৰ , ২১ জুলাইঃ একবিংশ শতিকাৰ এই প্ৰতিযোগিতামূলক জগতখনত উপলব্ধ বিভিন্ন বিষয়ক শিক্ষা গ্ৰহণৰ জৰিয়তে যুৱক-যুৱতীসকলে সংস্থাপনৰ পথ মুকলিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এনে প্ৰেক্ষাপটৰ মাজতে বিভিন্ন চৰকাৰী- বেচৰকাৰী অনুষ্ঠান আৰু প্ৰতিষ্ঠানত দক্ষ আঁত ধৰা অৰ্থাৎ এংকৰিঙ কৰা ব্যক্তিৰ প্ৰাধান্য ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত বিভিন্ন তথ্য- জ্ঞান, বুদ্ধিমত্তা আৰু শ্ৰুতিমধুৰ কথনশৈলী গুণৰ অধিকাৰীসকলে আঁত ধৰা কাৰ্য সম্পাদনক জীৱিকা হিচাপে গ্ৰহণ কৰাৰ পথ সুগম হৈছে । অনাগত দিনত একো গৰাকী দক্ষ আঁত ধৰোঁতাই এই সুযোগ গ্ৰহণ কৰা উচিত । আজি তেজপুৰত এইদৰে কয়, ৰাজ্য চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিনিময় বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক তথা স্থানীয় বিধায়ক পৃথ্বিৰাজ ৰাভাই। উল্লেখ্য যে, তেজপুৰৰ বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাৰ সোঁৱৰণত যোৱা ১৫জুলাইৰ পৰা ৯ দিনীয়াকৈ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাব্দী ভৱনত আয়োজিত আঁত ধৰা অৰ্থাৎ এংকৰিঙৰ কৰ্মশালাত আজি এগৰাকী প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ পৃথ্বিৰাজ ৰাভাই। এগৰাকী বিশিষ্ট অভিনেতা হিচাপে অংশগ্ৰহণ কৰা ৰাভাই আজি প্ৰায় দুকুৰি কিশোৰ-কিশোৰী প্ৰশিক্ষাৰ্থীক বিভিন্ন অনুষ্ঠান- কাৰ্যসূচী পৰিস্থিতি আৰু বিষয় অনুসাৰে আঁত ধৰোঁতা গৰাকীৰ ভিন্ন মাত্ৰাৰ কন্ঠস্বৰ শৈলী আৰু আত্মবিশ্বাস বৃদ্ধিৰ কৌশল বিষয়ত উদাহৰণসহ প্ৰশিক্ষণ প্ৰদান কৰে । এই প্ৰশিক্ষণ কালচোৱাত বিশিষ্ট অভিনেতা পৃথ্বিৰাজ ৰাভাই বিভিন্ন বোলছবি আৰু নাটক গীতমাত আৰু সংলাপ আওৰাই প্ৰশিক্ষাৰ্থীসকলক আপ্লুট কৰি তোলে। পাঠদানৰ মাজতে ৰাভাই প্ৰদান কৰা ভাষণ প্ৰসংগত ৰাজ্যখনৰ ভিতৰতে আঁত ধৰা বিষয়ক এই খনেই প্ৰণালীৱদ্ধ প্ৰথমটো কৰ্মশালা আৰু এই কৰ্মশালাতে উন্মোচিত হোৱা সাংবাদিক ৰাজ কুমাৰ মহন্তৰ দ্বাৰা ৰচিত আঁতধৰা বিষয়ক প্ৰথমখন অসমীয়া হাতপুথিখনৰ জৰিয়তে উঠি অহা প্ৰজন্মই আঁত ধৰা সম্পৰ্কত প্ৰাথমিক জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে। এনে সৃষ্টিশীল আৰু ব্যতিক্ৰমী পদক্ষেপৰ বাবে হেমন্ত কুমাৰ বৰুৱা স্মৃতিৰক্ষা সমিতিক ভূয়সী প্ৰশংসা কৰে । উল্লেখ্য যে, আজি দক্ষ আঁত ধৰোঁতা পংকজ বৰুৱাই নিৰ্দিষ্ট বিষয়ত পাঠদান দিয়া কৰ্মশালাখনিত শব্দ যন্ত্ৰী শিল্পী জয়ন্ত দত্তই প্ৰশিক্ষাৰ্থীসকলক মাইক্ৰ’ফোনৰ সদব্যৱহাৰ আৰু শব্দ যন্ত্ৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে । প্ৰকাশ যে অহা ২৩ জানুৱাৰীত স্থানীয় শতাব্দী ভৱনতে পুৱা ১০ বজাৰ বিস্তৃত কাৰ্যসূচীৰে এই ৯দিনীয়া কৰ্মশালাখনিৰ সামৰণী পৰিব। সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন দাসে অংশ গ্ৰহণ কৰিব । একেটি অনুষ্ঠানতে “গণ সংযোগৰ অন্যতম অংগ হিচাপে বিভিন্ন সামাজিক অনুষ্ঠানত আঁতধৰা গৰাকীৰ ভূমিকা” শীৰ্ষক বিষয়ত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° জয়া চক্ৰৱৰ্তীয়ে। এই ৯ দিনীয়া কৰ্মশালাখনি সামৰণী অনুষ্ঠানত তেজপুৰীয়া উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।
