ৰাভা দিৱসৰ প্ৰাকমুহূৰ্তত বানত ডুব গ’ল সৈনিক শিল্পীৰ সমাধিস্থল ‘সমন্বয় ক্ষেত্ৰ’

বাণ থিয়েটাৰৰ একাংক নাট প্ৰতিযোগিতা বাতিল

0 54

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯জুন: সৈনিক শিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ২০ জুনৰ ৫৪ সংখ্যক স্মৃতি দিৱসৰ প্ৰাকমুহুৰ্তত তেজপুৰৰ গেৰিকীস্থ সমাধিস্থল সমন্বয় ক্ষেত্ৰ ডুব গৈছে বানত। উল্লেখযোগ্য যে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু মৰাভৰলীৰ পাৰৰ এই সমন্বয় ক্ষেত্ৰৰ সন্মুখৰ পথত অঞ্চলটোৰ বন্যাক্ৰান্ত সকলে আশ্ৰয় লোৱাৰ বিপৰীতে এইসকল লোকৰ বাসগৃহ বৰ্তমান এবুকু পানীৰ তলত। প্ৰতিবছৰেই বাৰিষা হনুমান মন্দিৰৰ কাষৰ এই অংশ ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰে আৰু তেতিয়া তেওঁলোকে সমন্বয় ক্ষেত্ৰৰ সন্মুখৰ পথটোত আশ্ৰয় লোৱাৰ বিকল্প নাথাকে। উল্লেখযোগ্য যে, সমন্বয় ক্ষেত্ৰৰ সমীপৰ বনভোজস্থলী বৰ্তমান পানীৰ তলত। তদুপৰি বিগত সময় চোৱাত বনভোজস্থলীৰ কাষৰ বহু অংশ ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত আক্ৰান্ত হোৱাৰ লগতে হনুমান মন্দিৰৰ কাষলৈকে এই খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে হনুমান মন্দিৰ স্পৰ্শ কৰিছে খহনীয়াই। ইয়াৰ মাজতে সম্প্ৰতি অব্যাহত বানৰ কবলত পৰে সৈনিক শিল্পী গৰাকীৰ সমাধি ক্ষেত্ৰখনো। ছয় বিঘা মাটিৰ এই সমাধিক্ষেত্ৰত যোৱা নিশাৰ পৰাই ব্ৰহ্মপুত্ৰৰ বানে প্লাবিত কৰাৰ লগতে আজি বিয়লি পৰ্যন্ত সমাধিস্থলৰ বৃহৎ অংশত একাঁঠু পৰ্যন্ত পানী থকা বুলি জানিবলৈ দিছে সমাধি ক্ষেত্ৰখন দীৰ্ঘদিনৰে পৰা তদাৰক কৰি অহা পুতুল ৰাভাই। বৰ্তমান সমাধিক্ষেত্ৰৰ মূল স্থানকে ধৰি ইয়াত থকা কলাগুৰুৰৰ বহু ৰচনাৰ উক্তিৰ আধাৰত নিৰ্মিত মূৰ্তিও প্লাবিত হৈছে। ইয়াত বিষ্ণু ৰাভা দিৱস উপলক্ষে পৰিচালনা সমিতিৰ উদ্যোগত ২০জুনৰ পুৱা ৯.৩০ বজাৰ পৰা গীত-মাত-নৃত্যৰে বিশেষ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন চলিছে। এই অনুষ্ঠানতে সৈনিক শিল্পীগৰাকীৰ জীৱনকৃতী সামৰি পৰ্যটকৰ বাবে উপযোগী হোৱাকৈ অসমীয়া, ইংৰাজী, বড়ো, হিন্দী ভাষাৰ এখন হাতপুথি আনুষ্ঠানিকভাৱে উন্মোচন কৰিব শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । তেজপুৰৰ প্ৰায়সকল শিল্পীয়ে অংশগ্ৰহণ কৰিবলগা সাংস্কৃতিক অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন দৰ্শনৰ ওপৰত ৰাজ্যখনৰ বিশিষ্ট গীতিকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই ৰচনা কৰা আৰু আমেৰিকা নিবাসী কৃষাণু কৌশিকে কণ্ঠদান কৰা এটি গীতো আনুষ্ঠানিকভাৱে উন্মোচিত হ’ব। কিন্তু বৰ্তমান সমন্বয় ক্ষেত্ৰ প্লাবিত হোৱাত পৰিচালনা সমিতি চিন্তিত হ’লেও কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে ।

*বাণ থিয়েটাৰত আয়োজিত দুদিনীয়া কাৰ্যসূচী বাতিল

আনহাতে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক স্মৃতিদিৱস উপলক্ষে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে ১৯ আৰু ২০ জুনত আয়োজন কৰা সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা তথা এলানি কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও প্ৰতিকূল বতৰৰ বাবে এই কাৰ্যসূচী সাময়িক ভাবে বাতিল কৰিছে। উল্লেখ্য যে, ১৯ জুনৰ পৰা এই কাৰ্যসূচীৰ অংশ হিচাপে দুদিনীয়াকৈ সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ আয়োজন কৰাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ২১ টাকৈ নাট্য দলে অংশ গ্ৰহণ কৰিছিল। কিন্তু ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাবিত হৈ পৰাত একাংশ নাট্য দলৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত বাণ থিয়েটাৰ কৰ্তৃপক্ষই আয়োজন কৰা জৰুৰী কাৰ্যনিৰ্বাহক সভাত এই কাৰ্যসূচী সাময়িক ভাবে বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্যনিৰ্বাহক সভাই বতৰ অনুকুল হ’লেই পৰৱৰ্তী তাৰিখৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি এক বিবৃতিৰ জৰিয়তে জানিবলৈ দি ২০ জুনৰ দিনটোত অনুষ্টুপীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে শিল্পী গৰাকীক স্মৰণ কৰা হ’ব বুলি জনায়।

মন্তব্য দিয়ক

Your email address will not be published.