শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জুলাই : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৭২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। জানিব পৰা মতে, দায়িত্বত থকা বিষয়াসকলে এই ৭২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰি আছে। আইন অনুসৰি এজন প্ৰাৰ্থীক মনোনীত কৰিবলৈ কমেও ৫০ গৰাকী নিৰ্বাচিত প্ৰাৰ্থীৰ স্বাক্ষৰ থাকিব লাগিব। ইয়াৰ উপৰি আৰু ৫০ জন নিৰ্বাচিত প্ৰাৰ্থীৰ প্ৰয়োজন যিয়ে এই প্ৰস্তাৱক সমৰ্থন কৰিব। এজন নিৰ্বাচিত প্ৰাৰ্থী মনোনয়ন পত্ৰৰ প্ৰস্তাৱক বা সমৰ্থকহে হ’ব পাৰে। নিৰ্বাচনৰ বাবে আমানত হিচাপে ১৫ হাজাৰ টকা জমা কৰিব লাগে। মনোনয়ন দিয়াৰ আগত বা সময়ত এই ধন জমা কৰিব পাৰিব। এই জমা ধন পোনপটীয়াকৈ চৰকাৰী কোষাগাৰত জমা কৰিব পাৰিব। কিন্তু এই ক্ষেত্ৰত মনোনয়নৰ পূৰ্বে জমা দিব লাগিব। এজন প্ৰাৰ্থীয়ে সৰ্বাধিক চাৰিখন মনোনয়ন দাখিল কৰিব পাৰে। বিষয়াসকলে জনোৱা মতে, দ্ৰৌপদী মুৰ্মু আৰু যশোৱন্ত সিনহা দুয়োৰে মনোনয়নত নিজ নিজ শিবিৰৰ পৰা বিভিন্ন নিৰ্বাচিত প্ৰাৰ্থীয়ে চাৰিটা ছেট দাখিল কৰিছে। আন প্ৰাৰ্থীয়ে এনে প্ৰস্তাৱক বা সমৰ্থক পোৱাৰ সম্ভাৱনা কম। আন প্ৰাৰ্থীৰ ক্ষেত্ৰতো এই বিষয়টো চোৱা-চিতা কৰা হৈছে। শেষত দুই মূল প্ৰাৰ্থী যশোৱন্ত সিনহা আৰু দ্ৰৌপদী মুৰ্মুৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰিছে এনডিএয়ে। ইয়াৰ পূৰ্বে তেওঁ ঝাৰখণ্ডৰ ৰাজ্যপাল আছিল। দলিত আৰু আদিবাসীৰ দাবীত কণ্ঠস্বৰ হ’বলৈ ৰাজনীতিত যোগদান কৰিছিল। তাৰ পৰাই তেওঁ এতিয়া ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হৈছে। এন ডি এৰ লগতে বহুজন সমাজ পাৰ্টী, বিজু জনতা দলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰিছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাই বিৰোধী দলৰ হৈ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ আশাৰে মনোনয়ন দাখিল কৰিছে। কিন্তু ফেভাৰিটৰ তালিকাত বিৰোধী দলৰ যশোৱন্ত থকাৰ পূৰ্বে আছিল ফাৰুক আব্দুল্লা, শাৰদ পাৱাৰ আৰু গোপাল কৃষ্ণ গান্ধী। কিন্তু তিনিওজনে বিৰোধীৰ প্ৰস্তাৱ নাকচ কৰিলে। ইয়াৰ পিছতে বিৰোধীয়ে যশোৱন্ত সিনহাক প্ৰস্তাৱ আগবঢ়ায়। উল্লেখ্য যে এনডিএ চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল যশোৱন্ত সিনহা। বিজেপি ত্যাগ কৰি ২০২১ চনৰ মাৰ্চ মাহত বংগ বিধানসভা নিৰ্বাচনৰ ঠিক আগত তৃণমূলত যোগদান কৰে।