ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰা মিনাক্ষী গোস্বামীক অসমীয়া ক্লাবৰ বিশেষ অভিনন্দন জ্ঞাপন

0 35

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ অক্টোবৰ : তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবে আজি সন্ধিয়া ক্লাবৰ সদস্যা মিনাক্ষী গোস্বামীক ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰি ক্লাবৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত উষ্ম অভিনন্দন জ্ঞাপন কৰে ।অসমীয়া ক্লাবৰ উপ সভাপতি পংকজ বৰাৰ পৌৰোহিত্যত জ্যেষ্ঠ সদস্য ভূপেন শৰ্মাই আঁত ধৰা এই বিশেষ অনুষ্ঠানটিৰ আৰম্ভণিতে সম্পাদক অনু দেৱী মহন্তই আদৰণী ভাষণ দিয়াৰ পিছত ক্লাবৰ প্ৰাক্তন সভাপতি যতীন কোঁচ, উপসভাপতি পংকজ বৰা আৰু সম্পাদক অনু দেৱী মহন্তই গামোচা, অংগ বস্ত্ৰ, গ্ৰন্থৰ টোপোলা, অভিনন্দন পত্ৰৰে উষ্ম অভিনন্দন জ্ঞাপন কৰে। এই অভিনন্দন গ্ৰহণ কৰি তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা তথা কবি, লেখিকা মিনাক্ষী গোস্বামীয়ে নতুন দিল্লীত এই বঁটা গ্ৰহণৰ স্মৃতি ৰোমন্থন কৰি এই বঁটাৰ বাবে ২০১৮ চনৰ পৰাই কেনেদৰে সাজু হৈছিল তাৰ সবিশেষ বিৱৰণ দাঙি ধৰে

মন্তব্য দিয়ক

Your email address will not be published.