শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫মে’ঃ দেশৰ পাঞ্জা নিয়ন্ত্ৰণ ব’ৰ্ডৰ দ্বাৰা বাংগালুৰুত আয়োজিত তৃতীয় ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত তেজপুৰৰ প্ৰশান্ত তামুলীয়ে দুটা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ প্ৰতিযোগীজনে সোঁ আৰু বাওঁ দুয়োখন হাতৰে খেলি এই পদক অৰ্জন কৰাৰ লগতে মালয়েছিয়াত ২৬ছেপ্টেম্বৰৰ পৰা দুই অক্টোবৰলৈকে অনুষ্ঠিত হ’ব লগীয়া বিশ্ব পাঞ্জা প্ৰতিযোগিতাত নিজৰ শাখাত দেশক প্ৰতিনিধিত্ব কৰাৰ বাবেও সুযোগ লাভ কৰিছে৷