ৰাষ্ট্ৰীয় পাৰদৰ্শিতা জৰীপ ‘২০২১ৰ আধাৰত অনুষ্ঠিত দুদিনীয়া শিক্ষক প্ৰশিক্ষণ

0 58

উত্তৰ লখিমপুৰ, ৩১ মাৰ্চঃ লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত লখিমপুৰ জিলাৰ তিনিখনকৈ শিক্ষাখণ্ড ক্ৰমে নাওবৈচা, বিহপুৰীয়া আৰু নাৰায়ণপুৰ শিক্ষাখণ্ডৰ মুঠ ৬০ গৰাকী শিক্ষক প্ৰশিক্ষাৰ্থীকলৈ ৰাষ্ট্ৰীয় পাৰদৰ্শিতাৰ জৰীপ চমুকৈ এন এ এছ (National Achievement Survey)ৰ ফলাফল সম্পৰ্কীয় দুদিনীয়া প্ৰশিক্ষণৰ সফল সমাপ্তি ঘটে। বিহপুৰীয়া শিক্ষাখণ্ডৰ ফেনখাটি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণৰ দ্বাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে নিজৰ কৰ্মকুশলতা বৃদ্ধি কৰিব আৰু আগন্তুক ৰাষ্ট্ৰীয় পাৰদৰ্শিতাৰ জৰীপ চমুকৈ এন এ এছত ছাত্ৰ-ছাত্ৰীসকলে ভালফল দেখুৱাব পাৰিব বুলি আশা কৰা হৈছে। ৩০ মাৰ্চ’ ২০২৩ তাৰিখে পুৱা ১০ বজাত লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষা শ্ৰী যুতা দুলামী হেৰেঞ্জ পাণ্ডুৱে শুভ উদ্বোধন কৰা উক্ত প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা ক্ৰমে শ্ৰী কৰুণা কান্ত হাজৰিকা, শ্ৰী বিপ্লৱ গগৈ আৰু চন্দ্ৰানী ঘোষ তথা নাৰায়পুৰ শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি ডঃ বিনোদ গগৈ। এই দুদিনীয়া প্ৰশিক্ষণটিৰ আনুসংগিক দিশ সমূহৰ সম্পূৰ্ণ পৰিচলনাৰ দায়িত্বত থাকে নিজ লালুক মণ্ডল সমল কেন্দ্ৰৰ সম্বনয়ক নাৰায়ণ চন্দ্ৰ শৰ্মা আৰু লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰিসাংখ্যিক সহায়ক ত্ৰিৰঞ্জন টাইড । উল্লেখযোগ্য যে লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত ২৮ আৰু ২৯ মাৰ্চ ২০২৩ তাৰিখে ৰূপহী মধ্য ইংৰাজী বিদ্যালয়, চাউলধোৱাত লখিমপুৰ, বৰদলনি আৰু ঢকুৱাখনা শিক্ষাখণ্ডৰ মুঠ ৫০ গৰাকী শিক্ষক প্ৰশিক্ষাৰ্থীকলৈ এই একে প্ৰশিক্ষণৰ প্ৰথমলানি প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ।

মন্তব্য দিয়ক

Your email address will not be published.