ৰোগীৰ হাহাকাৰঃ ঘাৰমৰা ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰত এমাহে নাই চিকিৎসক

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৩ মার্চ : ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন অহা বুলি দন্তালি মৰা বি জে পি চৰকাৰৰ দিনত লখিমপুৰৰ এখন ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ সেৱা লাভ কৰিব নোৱাৰি ৰোগীয়ে নিতৌ ঘৰমুৱা হোৱা কাৰ্যই চৰকাৰখনৰ স্বৰূপ উদঙাই তুলিছে। প্রাপ্ত অভিযোগ অনুসৰি লখিমপুৰ সদৰৰ পৰা মাত্র ৪-৫ কিঃ মিঃ নিলগত থকা ঘাৰমৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রটি এতিয়া এক প্ৰকাৰে এজন ফাৰ্মাচিষ্টেহে চলাই আহিব লগা হৈছে। বৃহত্তৰ ঘাৰমৰা অঞ্চলৰ এই মিনি পি. এইছ চি খনত এতিয়া ৰোগীয়ে চিকিৎসকক বিচাৰি হাহাকাৰ কৰিবলগা হয়। আজি চাৰিখন বিচনা যুক্ত স্বাস্থ্য কেন্দ্রটিত উপস্থিত হোৱাৰ সময়ত কেইবাজনো ৰোগীয়ে বিনা চিকিৎসাই ঘৰমুৱা হ’ব লগা হোৱাৰ কথা দুখেৰে ব্যক্ত কৰে। উল্লেখনীয় কথা যে, ঘাৰমৰাৰ এই স্বাস্থ্য কেন্দ্ৰটিৰ অধীনত ১০ টা উপ-স্বাস্থ্য কেন্দ্ৰৰ লগতে ১১৭ গাঁৱৰ প্ৰায় ৫৭ হাজাৰৰ অধিক জনসংখ্যাক সামৰি লৈছে। তৎসত্বেও এই স্বাস্থ্য কেন্দ্রটিত এতিয়া ইয়াত নিযুক্ত তিনিজন চিকিৎসকৰ এজনকো পাবলৈ নাই। যাৰ ফলত ৰোগীয়ে এতিয়া চিকিৎসা কেন্দ্ৰটোৰ বৰ্ষীয়ান ফাৰ্মাচিষ্ট বিদেশৰ সোনোৱালৰ কাষ চাপিব লগা হয়। চলিত মাহত অৱসৰ গ্ৰহণ কৰিবলগা এইজন স্বাস্থ্য কর্মীয়ে এতিয়া ৰোগীক চিকিৎসকৰ পৰিৱৰ্তে তেওঁহে দিহা- পৰামৰ্শ তথা পথ্য আদি যোগান ধৰিব লগা হয়। প্রাপ্ত তথ্য অনুসৰি স্বাস্থ্য কেন্দ্রটিত ডাঃ উপাসনা শ‍ইকীয়া, ডাঃ ৰূপম নৰহ আৰু ডাঃ অন্যনা পেগুক নিযুক্তি দিয়া আছে যদিও ৰোগীয়ে ইয়াৰ এজন চিকিৎসককো লগ পাবলৈ সক্ষম নহয়। এবছৰীয়া চিকিৎসক ডাঃ উপাসনা শ‍ইকীয়াই কিছুদিন পূর্বে ষ্টাডী লীভত যোৱাৰ লগতে ডাঃ ৰূপম নৰহে ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নত এতিয়া সেৱা আগবঢ়াই অহাৰ লগতে ডাঃ অন্যনা পেগুৱে দুদিন পূর্বেহে স্বাস্থ্য কেন্দ্ৰটিত যোগদান কৰিছে। যোগদান কৰিয়েই পেগুৱে প্ৰশিক্ষণত যাব লগা হোৱাৰ বাবেই ৰোগীক চোৱা-চিতা কৰিব পৰা নাই। স্বাস্থ্য কেন্দ্রটিত চিকিৎসকৰ অবিহনেই এতিয়াও তিনিগৰাকী এ. এন. এম., চাৰিগৰাকী জি. এন. এম., এজন এছ, ডব্লিও, এজন লেবৰেট’ৰি টেকনিচিয়ান, এজন স্বাস্থ্য সহায়ক, এজন এচ. আই. আদিয়ে নিতৌ সেৱা আগবঢ়াই আহিছে। অতি পিছপৰা তথা ভিতৰুৱা অঞ্চলটোত থকা স্বাস্থ্য কেন্দ্রটিত এনেদৰে ৰোগীৰ সেৱা উপলব্ধ নোহোৱাত স্থানীয় একাংশ সচেতন লোকে স্বাস্থ্য বিভাগ তথা চৰকাৰৰ কর্মকাণ্ডত আশ্চর্য প্রকাশ কৰিছে। শীঘ্ৰে বৃহত্তৰ অঞ্চলটোৰ ৰোগী সেৱাৰ একমাত্ৰ স্থল এই ঘাৰমৰা ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰটিত চিকিৎসকৰ সেৱা নিয়মীয়াকৈ উপলব্ধ কৰাবলৈ লখিমপুৰৰ জিলা স্বাস্থ্য বিভাগৰ লগতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীক সকলোৱে আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.