ৰোগে জুৰুলা কৰিছে?

ৰাতিপুৱাই হালধি খোৱাৰ অভ্যাস কৰক

0 12
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুনঃ ৰাতিপুৱা খালী পেটত হালধি খালে এটাতকৈ অধিক ৰোগৰ সম্ভাৱনা নোহোৱা হয়! পুষ্টিবিদসকলৰ মতে, এন্টিবায়টিক আৰু এন্টি-অক্সিডেন্টেৰে ভৰপূৰ বহু শাক-পাচলি সঁচাকৈয়ে শৰীৰৰ বাবে উপকাৰী। খালী পেটত হালধি খালে শৰীৰ বিষমুক্ত হয়। ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা হৃদৰোগ প্ৰতিৰোধ কৰালৈকে হালধিৰ বৃহৎ উপকাৰিতা আছে।
* কি কি উপকাৰিতা আছে হালধিৰ?
এন্টি অক্সিডেন্ট সমৃদ্ধ হালধিয়ে তেজ বিশুদ্ধ কৰি ৰাখে। তেজত থকা চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। ৰাতিপুৱা খালী পেটত হালধি খালে প্ৰস্ৰাৱৰ যোগেদি শৰীৰৰ পৰা দূষিত পদাৰ্থ আঁতৰ হয়। আনহাতে যিসকলৰ দীৰ্ঘদিনীয়া চৰ্দি আছে তেওঁলোকৰ বাবে খালী পেটত হালধি খোৱাটো অতি উপযোগী। একেৰাহে দুসপ্তাহ ৰাতিপুৱা হালধি খালে চৰ্দি হোৱাৰ প্ৰৱণতা বহু পৰিমাণে হ্ৰাস পায়। হৃদৰোগীৰ ক্ষেত্ৰত হালধি বিশেষভাৱে ফলপ্ৰসূ। হৃদস্পন্দন নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ পেশীৰ বেৰত চাপ কমোৱাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। হালধিয়ে ৰক্ত সঞ্চালন বজাই ৰাখে। গতিকে উচ্চ ৰক্তচাপত ভুগি থকা ৰোগীৰ খাদ্যত হালধি থাকিব লাগে। হালধিয়ে যকৃত আৰু মূত্ৰাশয়ক সঠিকভাৱে কাম কৰাত সহায় কৰে। ইয়াৰ উপৰি পেটৰ অসুবিধা আৰু পাচনতন্ত্ৰৰ সমস্যা ৰোধ কৰাত হালধি উপযোগী। হালধিয়ে মেটাবলিজম বৃদ্ধি কৰি ওজন নিয়ন্ত্ৰণত সহায় কৰে। কিছুমান ভাইৰাছ আৰু সংক্ৰামক ৰোগ যেনে— ব্ৰংকাইটিছ, নিউমোনিয়া, হাপানী, প্ৰতিৰোধৰ ক্ষেত্ৰত হালধিৰ বহু ভূমিকা আছে।
মন্তব্য দিয়ক

Your email address will not be published.