কৃষিভূমি পৰীক্ষাৰ বাবে শীঘ্ৰেই উপলদ্ধ হ’ব ‘ভূ-পৰীক্ষক’

মাটি পৰীক্ষাৰ বিশ্লেষণৰ সকলো তথ্য এটা স্মাৰ্টফ'নতেই দিব

0 111

শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : ভাৰতৰ খেতিয়ক ৰাইজৰ সুবিধাৰ বাবে কানপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে শেহতীয়াকৈ উদ্ভাৱন কৰি উলিয়াইছে ‘ভূ-পৰীক্ষক’ নামৰ এটা মাটি পৰীক্ষা কৰা সঁজুলি। Near Infrared Spectroscopy প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এই সজুঁলিটোৱে মাটি পৰীক্ষাৰ বিশ্লেষণৰ সকলো তথ্য এটা স্মাৰ্টফ’নতেই দিব পাৰিব। ইয়াৰ বাবে কৃষকজনে গুগুল প্লে’ ষ্ট’ৰৰ পৰা ‘Bhu Parikshak’ এপটো ডাউনল’ড কৰি ল’ব লাগিব। সঁজুলিটো উদ্ভাৱন কৰিছে কানপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক জয়ন্ত কুমাৰ সিঙ আৰু তেওঁৰ সহযোগী সকলে। উদ্ভাৱকসকলে দাবী কৰা অনুসৰি, এই সঁজুলিটোৰ সহায়ত ৯০ ছেকেণ্ডৰ ভিতৰতে পৰীক্ষা কৰা মাটিৰ স্বাস্থ্য সম্পৰ্কে বিশদ বিৱৰণ লাভ কৰিব পৰা যাব। অধ্যাপক সিঙৰ মতে, কোনো পৰীক্ষাগাৰলৈ নোযোৱাকৈয়ে খেতিয়ক সকলে এই সঁজুলিটো ব্যৱহাৰ কৰি কৃষি ভূমিৰ মাটিৰ গুণাগুণ তৎকালেই জানিব পাৰিব আৰু সাৰকে ধৰি আন কি কি পোষক দ্ৰব্য কিমান পৰিমাণে প্ৰয়োগ কৰিব লাগিব তাৰ দিহা পৰামৰ্শও খেতিয়কজনৰ স্মাৰ্টফ’নটোত উপলদ্ধ হ’ব। ইতিমধ্যে সঁজুলিটো ব্যৱসায়িক ভিত্তিত উৎপাদন কৰিবৰ বাবে কানপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে AgroNxt Services নামৰ এটা সংস্থাক অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। সংস্থাটোৱে জনোৱা মতে শীঘ্ৰেই বজাৰত কৃষক সকলৰ বাবে এই সঁজুলিটো উপলদ্ধ হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.