হাতত কাঁহী-বাতি লৈ লখিমপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাৰ উত্তাল প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ হাতত কাঁহী বাতি লৈ আজি লখিমপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সমস্ত বকেয়া ধন আদায় দিয়া, প্ৰতিমাহে প্ৰথম সপ্তাহৰ ভিতৰত মাহৰ মাননি নিয়মীয়া কৰা, বছৰটোৰ প্ৰতিমাহে মাননি…

লখিমপুৰৰ জীয়ৰী ভৱানী দলেৰ চুটি ছবি ‘সক্ষম’ৰ সৰ্বভাৰতীয় চুটি ছবি প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চুটি ছবি প্ৰতিযোগিতাত লখিমপুৰৰ জীয়ৰী পৰিচালক ভৱানী দলে টাহু আৰু সহকাৰী পৰিচালক গুৱাহাটীৰ গৌৰী শইকীয়াৰ “সক্ষম’’ (Enabled) নামৰ অসমীয়া ভাষাৰ চুটি ছবিখনে সৰ্ব ভাৰতীয় পৰ্যায়ত…

 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত শ্ৰেষ্ঠ স্নাতক হিচাপে সোণৰ পদক লাভ লখিমপুৰৰ  নিতুমণি…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ লখিমপুৰ জিলাৰ তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী নিতুমণি দেৱীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ দীক্ষান্ত সমাৰোহত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ যোৱা ৩ মে’ত…

তিনিচুকীয়াত আৰোহণ আচঁনিৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মে’ : তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত অসম চৰকাৰৰ কেবিনেটৰ নিৰ্দেশ মৰ্মে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ উত্তৰণৰ বাবে দিয়া নিৰ্দেশ অনুসৰি…

অষ্টম মৃত্যুবাৰ্ষিকীত তেজপুৰৰ বাণ থিয়েটাৰত কাৰ্তিক হাজৰিকাক স্মৰণ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৪ মে'ঃ একেৰাহে চৈধ্য বছৰ ধৰি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি বাণ থিয়েটাৰৰ সামগ্ৰিক উত্তৰণত অহোপুৰুষাৰ্থ কৰি যোৱা সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সভাপতি, দক্ষ মঞ্চ আৰু চলচ্চিত্ৰ…

তিনিচুকীয়াৰ সত্ৰ সমূহৰ সমস্যাৰ বুজ ল’লে সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মে’ : অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা সঁজাতী দলে আজি তিনিচুকীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মামৰণী গাৱঁৰ শ্ৰীশ্ৰী মায়ামৰা ৰূপহী সত্ৰৰ লগতে ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত কৰ্দৈগুৰিৰ শ্ৰীশ্ৰী…

   ঝক্ ঝক্ ৰেল চলে সেউজ সতেজতাৰ মাজেৰে…

ৰুবী বৰা      পুৱা ৫ বাজি ৫৫ মিনিট হোৱাৰ লগে লগে হাৰমতী অভাৰব্ৰীজখনৰ তলেদি নাহৰলগুন-তিনিচুকীয়া ভিষ্টাডাম ট্ৰেইনখন দীঘলীয়া উকি মাৰি হাৰমতী জংচনত প্ৰৱেশ কৰিলেহি। ট্ৰেইনখনত উঠিয়েই নিজৰ পচন্দৰ খিৰিকী কাষৰ ছীট এটা বিচাৰি বহি ল’লো। বেগ-পাতি থান…

তেজপুৰ বিশ্ববিদ্যালয়ত বিশ্ব সংবাদ স্বাধীনতা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩মে’ঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনত পালন কৰা হয় ৩০সংখ্যক বিশ্ব সংবাদ স্বাধীনতা দিৱস৷ উল্লেখ্য যে, সংবাদ মাধ্যমে সম্প্ৰতি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে…

দেশৰ ভিতৰতে ডিজিটেল বিত্তীয় লেনদেনৰ শীৰ্ষত অসমৰ তিনি মহিলা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩ মে' : দেশৰ গ্ৰামাঞ্চলত ঘৰে ঘৰে ডিজিটেল বিত্তীয় তথা বেংকিং সেৱাসমূহ প্ৰদান কৰি দেশৰ ভিতৰতে শীৰ্ষৰ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে শোণিতপুৰৰ বিহগুৰি উন্নয়ন খণ্ডৰ অধীনত বৰগাঁৱৰ ধনেশ্বৰী বড়ো৷ ৰাজ্যখনৰ আন…

প্ৰাক্তন ফুটবল খেলুৱৈ দেৱেন নাৰ্জাৰীৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩মে’ঃ ৰাজ্যৰ এগৰাকী দক্ষ প্ৰাক্তন ফুটবল খেলুৱৈ তথা শোণিতপুৰৰ এজন সৰবৰহী ক্ৰীড়া সংগঠক,প্ৰাক্তন ছাত্ৰ নেতা,সমাজকৰ্মী দেৱেন নাৰ্জাৰী(৫৬)ৰ অকাল বিয়োগত শোণিতপুৰত শোকৰ ছাঁ পৰিছে৷গুৰুতৰ অসুস্থতাত ভোগা নাৰ্জাৰীৰ কালি…