লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে দুটাকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মাৰ্চঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনলৈ ক্ৰমান্বয়ে গতিশীলতা আহিবলৈ ধৰিছে৷ দুটাকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ যোৱা দুটা দিনত সম্পন্ন কৰি তুলিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলে৷ সোমবাৰে লখিমপুৰ…

 লখিমপুৰত সদৌ চুতীয়া জাতি সন্মিলনৰ দুদিনীয়া কেন্দ্ৰীয় সভাৰ আয়োজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মাৰ্চঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত থকা টাউন মডেল স্কুলৰ সমীপৰ সাহিত্য সভা ভৱনত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ এখন বিশেষ প্ৰতিনিধি সভা কাইলৈ ২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ লখিমপুৰ জিলা…

লখিমপুৰ জিলাত “পোষণ পখোৱাৰা ২০২৩” ৰ শুভ উদ্বোধন

উত্তৰ লখিমপুৰ, ২১ মাৰ্চঃ  সোমবাৰে, লখিমপুৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পোষণ অভিযান, জিলা মহিলা আৰু শিশু বিকাশ বিভাগ লখিমপুৰৰ উদ্যোগত অনুষ্ঠিত কৰা "পোষণ পখোৱাৰা ২০২৩" অভিযানৰ শুভ উদ্বোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাঙে। পোষণ…

উচ্ছেদ,বনভূমি সুৰক্ষা আৰু বিশ্ব বন দিৱস

মুক্তাৰ আলী যোৱা কেইদিনমানৰপৰা অবাধে বৰষুণ হৈ আছে আৰু আগন্তুক কেইবাদিনলৈকে বতৰ পৰিৱৰ্তনৰ আশা বতৰ বিজ্ঞানীসকলে পোৱা নাই।বিগত বহুদিন বৰষুণৰ অভাৱত শুকাই পৰিছিল পৃথিৱী। এইদৰে অতিবৃষ্টি অনাবৃষ্টিৰ প্ৰকোপ দিনে দিনে বাঢ়িব ধৰিছে। ইয়াৰো এক অন্যতম…

ৰাজ্যপাল আৰু উপায়ুক্তলৈ পৃথকে স্মাৰকপত্ৰ শোণিতপুৰ কংগ্ৰেছৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মাৰ্চঃ ৰাজ্য চৰকাৰে পৌৰ কৰ বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আজি ৰাজ্যৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উপৰি শোণিতপুৰ তথা তেজপুৰৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আজি শোণিতপুৰ জিলা কংগ্ৰেছে শোণিতপুৰৰ…

অৰুণাচলৰ পশ্চিম কামেংৰ নেচিফুত সুৰংগ নিৰ্মাণৰ কাম সমাপ্ত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মাৰ্চ: অৰুণাচল প্ৰদেশৰ ভাৰত- চীন সীমান্তলৈ যোৱা পশ্চিম কামেং জিলাৰ নেচিফু সুৰংগৰ নিৰ্মাণ সমাপ্তি ঘটিল। মে' মাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সুৰংগ মুকলি কৰাৰ সম্ভাৱনা আছে। ভাৰত-চীন সীমান্তলৈ যোৱা…