Browsing Category
অসম
তেজপুৰ চেলেঞ্জ কাপঃ ছিৰাং দুৱাৰৰ জয়লাভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ছেপ্টেম্বৰঃ তেজপুৰৰ পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ এখন গুৰুত্বপূৰ্ণ মেছত ছিৰাং দুৱাৰ কোকৰাঝাৰ ফুটবল দলে নিউ মডেল স্প’ৰ্টছ ক্লাৱ, ওদালগুৰিক ২-০গলৰ ব্যৱধানত পৰাভূত কৰে৷ উল্লেখযোগ্য যে,দৰ্শনীয় মেছখন প্ৰথমাৰ্ধত গ’ল শূন্য ভাবে অন্ত পৰিছিল যদিও দ্বিতীয়াৰ্দ্ধত ছিৰাং দুৱাৰ দলে আক্ৰমণৰ চোক বৃদ্ধি কৰি প্ৰতিপক্ষৰ বেহু ভেদ কৰিবলৈ সক্ষম হয়৷ বিজয়ী দলটোৰ হৈ পেংফাই চোনাৰ আৰু ডেভিদ দৈমাৰীয়ে একোটাকৈ গ’ল স্কৰ কৰিবলৈ সক্ষম হয়৷
ড° ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে” শীৰ্ষক গ্ৰন্থলৈ “অকণিৰ সাহিত্য সভা”ৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা ঘোষণা
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ১৫ ছেপ্টম্বৰঃ শিশু আৰু কিশোৰ-কিশোৰীৰ বাবেই নহয় সকলো শ্ৰেণী পাঠকৰ বাবে প্ৰেৰণাদায়ক আৰু উপযোগী ড০ ৰুবুল মাউতৰ "মোৰো এটা সপোন আছে" শীৰ্ষক গ্ৰন্থলৈ" অকণিৰ সাহিত্য সভা"ৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদানৰ কথা আজি তেজপুৰত এক প্ৰেছ বিবৃত্তি যোগে ঘোষণা কৰিছে "অকণিৰ সাহিত্য সভা" ৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক দ্বীপজ্যোতি বৰাই। উল্লেখ্য যে বিজ্ঞানৰ চমকপ্ৰদ আবিষ্কাৰ ছপা যন্ত্ৰৰ দ্ৰুত অগ্ৰগতিত কিতাপ প্ৰকাশ কৰাটো সহজ বিষয় হৈ পৰাত প্ৰতিদিনে ন ন শিশু গ্ৰন্থ প্ৰকাশ হ'বলৈ ধৰিছে। তেনেক্ষেত্ৰত শিশুসকলে কি…
ব্যাপক বন ধ্বংস হোৱা শোণিতপুৰত অমৃতবৃক্ষ আন্দোলনৰ কুচকাৱাজ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ছেপ্টম্বৰঃ অহা ১৭ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ ওলোৱা অমৃত বৃক্ষ আন্দোলনৰ বাবে ইতিমধ্যেই সাজু হৈছে শোণিতপুৰ প্ৰশাসনো৷এই অভিলাষী প্ৰকল্পৰ বাবে শোণিতপুৰৰ বন বিভাগৰ লগতে গাঁওপঞ্চায়তকে ধৰি মহিলা আত্মসহায়ক গোট আদি সকলোকে সাজুকৰা হৈছে৷ ইতিমধ্যেই বিতৰণ কৰা হৈছে চিনাকী অচিনাকী বিভিন্ন গছ পুলি৷প্ৰনিধানযোগ্য যে,বিগত সময়ত ১৭.৪হেজাৰ হেক্টৰ বনভূমি ধ্বংস হোৱা শোণিতপুৰত ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ নামতে পথৰ দাঁতিৰ প্ৰায় ১৫হেজাৰ জোপা গছ কাটি পেলোৱা হৈছিল৷একেদৰেই সম্প্ৰতি জিলা সদৰ তেজপুৰত উৰণীয়া সেঁতু…
তিনিচুকীয়া প্ৰেছ ক্লাবলৈ সহায়ৰ হাত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ ছেপ্তেম্বৰ : সুদীৰ্ঘ ৩৫ বছৰীয়া পৰিক্ৰমাৰ অন্তত আজিৰ পৰ্যায়ত আহি উপনীত হোৱা তিনিচুকীয়াৰ সাংবাদিকসকলৰ এক মৰ্য্যদাপূৰ্ণ অনুষ্ঠান হৈছে তিনিচুকীয়া প্ৰেছ ক্লাব (তিনিচুকীয়া সাংবাদিক চ’ৰা) ৷ অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আগবঢ়োৱা অনুদানৰ লগতে স্থানীয় বিধায়কে আগবঢ়োৱা পুঁজিৰ জৰিয়তে তিনিচুকীয়া সাংবাদিক চ'ৰাৰ কাৰ্যালয়ৰ উপৰি সভাকক্ষ ইতিমধ্যে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হয় যদিও আনুসংগিক কিছু সা-সুবিধা তথা বয়-বস্তুৰ অভাৱত কাৰ্যালয় আৰু সভাকক্ষ আধৰুৱা হৈ আছিল ৷ ইয়াৰ মাজতে চ'ৰাৰ…
তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা জীনা ৰাজকুমাৰীৰ গীত – কথা আৰু নাচেৰে মুখৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ :অসমৰ লোকগীত - লোকসংগীতক নিজস্ব শৈলীৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰা ভাৰত চৰকাৰৰ বৈদেশিক সমন্বয় পৰিষদৰ অনুমোদিত শিল্পী তথা প্ৰচাৰ ভাৰতীৰ বি গ্ৰেডৰ শিল্পী জীনা ৰাজকুমাৰীৰ গীত - কথা আৰু নাচেৰে আজি মুখৰিত হৈ পৰিল তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয় প্ৰাংগন। উল্লেখ্য যে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ এই বৰ্ষৰ নৱাগত আদৰণী সভাখনি আজি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ তপন কুমাৰ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হৈ যায়। নৱাগত আদৰণী সভাখনিত বিশিষ্ট অতিথি হিচাপে আসন অলঙ্কৃত…
অমৃত বৃক্ষ আন্দোলনলৈ সহযোগিতা : তিনিচুকীয়াত ভাষাৰ ওজাৰ সোঁৱৰণত গছপুলি বিতৰণ পৰিৱেশ সুৰক্ষা সমিতিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ছেপ্তেম্বৰ : ৰাজ্যখনত বৃক্ষ অৰ্থনীতি সমৃদ্ধিশালী কৰাৰ লগতে সেউজ আৱৰণ বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰে ’অমৃত বৃক্ষ আন্দোলন’ কাৰ্যসূচীৰ জৰিয়তে ১৭ ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যত এক কোটি বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই কাৰ্যসূচীলৈ সহযোগিতাৰ উদ্দেশ্যেৰে পৰিৱেশ সুৰক্ষা সমিতি নামৰ সংগঠনটোৱে ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ উদ্যোগত আৰু অমৃত বৃক্ষ ৰোপণ ৰাজ্যিক পৰিচালনা সমিতিৰ সহযোগিতাত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি বিতৰণ কাৰ্যসূচী গ্ৰহণ…
তেজপুৰৰ চেলেঞ্জ কাপ ফুটবল
শতাব্দ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ : তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত কালিৰে পৰা আৰম্ভ হোৱা বহু প্ৰত্যাশিত "ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয় প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলখনত অবৰ্তীণ হয় তেজপুৰ এফ চি আৰু ডিফুৰ মৰ্ণিং ষ্টাৰ। উল্লেখ্য যে তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনৰ ৯০ মিনিটলৈ ১ - ১ গ'লত অমীমাংসিত হোৱাৰ পিছত ৰেফাৰীয়ে ট্ৰাইবেকাৰ পদ্ধতিৰ সহায় লোৱাৰ পিছতো ৫ - ৫ গলত পুনৰ অমীমাংসিত হৈ ৰোৱাত চাডেন ডেথ পদ্ধতিৰ সহায় লোৱাত ১ - ০ গ'লত জয়লাভ কৰে ডিফুৰ মৰ্ণিং ষ্টাৰ দলে।
অৰুণাচলত আছাম ৰাইফলছৰ সৈতে সংঘৰ্ষত নিহত এন এছ চি এন কেডাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ছেপ্তেম্বৰ : অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আজি পুৱা নিৰাপত্তা বাহিনীৰ সৈতে সংঘটিত এক সংঘৰ্ষত নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ এজন কেডাৰ নিহত হোৱাৰ বাতৰি পোৱা গৈছে ৷ জানিব পৰা মতে চাংলাং জিলাৰ মিয়াও থানাৰ অন্তৰ্গত বেটকেম্প এলেকাত আছাম ৰাইফলছৰ সৈতে দুই সন্দেহজনক এন এছ চি এন (কে) উগ্ৰপন্থীৰ গুলীয়াগুলীৰ সূত্ৰপাত হয় ৷ নিৰাপত্তা বাহিনীৰ নিয়মীয়া তহলৰ সময়ত ১১ আছাম ৰাইফলছৰ এটা দলৰ সৈতে এন এছ চি এনৰ কেডাৰদ্বয়ৰ সংঘৰ্ষ হয় ৷ সূত্ৰমতে এন এছ চি এনৰ (কে) দুই উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীৰ প্ৰতি লক্ষ্য কৰি…
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক স্বাস্থ্য প্ৰতিষ্ঠানত “হিন্দী পষেক” উদযাপন
শতাব্দ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ : উত্তৰ পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্য ক্ষেত্ৰৰ অগ্ৰণী প্ৰতিষ্ঠান তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘হিন্দী পষেক’। ৷ আজি অৰ্থাৎ ১৪ ছেপ্তেম্বৰ হিন্দী দিৱসৰ লগত সংগতি ৰাখি অহা ২৯ ছেপ্তেম্বৰলৈ উদযাপিত হ’বলগীয়া দিৱসৰ শুভাৰম্ভণি অনুষ্ঠানত আজি সভাপতিত্ব কৰে উপ অধীক্ষক ডাঃ কুশল তামুলীয়ে৷ অনুষ্ঠানত চাইকিয়াট্ৰিক চচিয়েল ৱৰ্ক বিভাগৰ মুৰব্বী অধ্যাপক ডঃ চোনিয়া পি দেউৰী আৰু হিন্দী বিভাগৰ তত্ত্বাৱধায়কৰ লগতে অধ্যাপক ডঃ ইন্দ্ৰজিৎ…
বানৰ পিছত তেজপুৰৰ কৃষকৰ ওপৰত খৰাঙৰ মাধমাৰ
শতাব্দ, ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪ছেপ্টম্বৰঃ এফালে চৰকাৰৰ পথাৰত নিজৰ উৎপাদনৰে ৰাজ্যৰ বজাৰ দখলৰ উদাত্ত আহ্বান আৰু আনহাতে শিক্ষিত তথা আগ্ৰহী কৃষকৰ বাৰম্বাৰ আহ্বান সত্বেও প্ৰয়োজনীয় বহু কৃষিপথাৰত নাই জলসিঞ্চন ব্যৱস্থা৷ সম্প্ৰতি শোণিতপুৰৰ পক্ষীয়াঝাৰ অঞ্চলৰ লগতে কাষৰীয়া কেবাশ বিঘা কৃষিপথাৰ ছিৰালফাট দিয়াৰ লগতে বান আৰু খৰাঙত সমানে জুৰুলা হোৱা কমেও ডেৰশ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থাৰ উদ্ভৱ হৈছে৷উল্লেখযোগ্য যে,এইবাৰ জুন মাহৰ পৰাই অঞ্চলটোৰ বহু কৃষিপথাৰ বানৰ কৱলত পৰিছিল৷ ভাদৰ অধিকাংশ সময়েই ঘগৰা আৰু ডিপোটা নৈৰ বানত জুৰুলা হোৱা এই অঞ্চল…
