Browsing Category

অসম

কাইলৈ নৈশালোকত ছেমি ফাইনেলঃ তেজপুৰ চেলেঞ্জ কাপৰ ছেমিত অৰুণাচল ৰাজ্যিক দল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ছেপ্টেম্বৰঃ তেজপুৰৰ পলফিল্ডত তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ চতুৰ্থটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অৰুণাচল ৰাজ্যিক দলে৷আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত দলটোৱে ছিলঙৰ পি ই এফ একাডেমিক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে৷ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ মেচখনৰ প্ৰথমাৰ্দ্ধত অৰুণাচল ৰাজ্যিক দলে ২-১গ’লৰ অগ্ৰগতি লাভ কৰাৰ পাছত দ্বিতীয়াৰ্দ্ধতো একে ফলাফলৰ পুণৰাবৃত্তি ঘটে৷উল্লেখযোগ্য যে অৰুণাচল দলৰ হৈ অনবৈদ্য খেল প্ৰদৰ্শন কৰা টাৰ্পি…

তেজপুৰৰ বালি সত্ৰৰ সংৰক্ষিত সাঁচিপতীয়া পুথি তেজপুৰ বিশ্ববিদ্যালয়ক অৰ্পণ

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২০ ছেপ্টেম্বৰ : "ভাৰতৰ নতুন শিক্ষানীতি-২০ য়ে বিশেষভাৱে গুৰুত্ব দিছে পৰম্পৰাগত জ্ঞান-চৰ্চাক। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ বিশ্ববিদ্যালয়ে সময়ে সময়ে এই সম্পৰ্কীয় ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বহুমুখী প্ৰতিভাৰ অধিকাৰী শ্ৰীমন্ত শঙ্কৰদেৱকে ধৰি প্ৰাক-আধুনিক কালৰ ধৰ্মগুৰু-সাহিত্যিকসকলে যি আপুৰুগীয়া সাঁ‌চিপতীয়া পুথি লিখনৰ পৰম্পৰাৰ সৃষ্টি কৰিছিল তাক অধ্যয়ন কৰাৰ অত্যন্ত প্ৰয়োজন। অকল লিখন পৰম্পৰাই নহয়, মহাপুৰুষ শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা অন্যান্য পৰম্পৰাগত জ্ঞান আৰু জীৱনশৈলীও পুনৰ্জীৱিত কৰাৰ…

লখিমপুৰত পি এম এ ৱাই গৃহ নিৰ্মাণৰ নামত সংঘটিত কেলেংকাৰিৰ ন ন তথ্য উন্মোচন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত কৰুণাবাৰী উন্নয়ন খণ্ডৰ ডিক্ৰং গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণত সংঘটিত হোৱা কেলেংকাৰিৰ ন ন তথ্য পোহৰলৈ আহিয়ে আছে৷ ইতিপূৰ্বে পঞ্চায়তখনৰ একাধিক কৰ্মচাৰী এই কেলেংকাৰিত জেললৈ যোৱাৰ পিছতো পঞ্চায়তখনত এতিয়াও ন ন কেলেংকাৰি সংঘটিত হৈয়ে আছে৷ উন্নয়নখণ্ডটোৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই এতিয়া লখিমপুৰৰ প্ৰকল্প সঞ্চালক তথা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক হিতাধিকাৰীয়ে লিখিত ভাৱে অভিযোগ দাখিল কৰি কয় যে আৱণ্টিত গৃহৰ ধন…

বালিপৰাত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ মৃত্যুঃ আন এটা আহত হাতীৰ আৰ্তনাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ছেপ্টেম্বৰঃ বিগত ২৪দিনে আহত অৱস্হাত শোণিতপুৰৰ চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত ৰিংখাংপুৰত পৰি থকা বনৰীয়া হাতীটোৰ আজি মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,হাতীটো অঞ্চলটোৰ এটা খাৱৈত ইমানদিনে যন্ত্ৰণাত চটফটাই পৰি আছিল৷স্হানীয় বন বিভাগৰ লগতে কাজিৰঙাৰ পৰা অহা চিকিৎসকেও আহত হাতীটোৰ চিকিৎসা কৰিছিল যদিও ঠেঙত গুৰুতৰ আঘাত পোৱা হাতীটো থিয় হ’ব পৰা নাছিল৷ শৰীৰৰ পিছ অংশ ডাঙিব নোৱৰা হাতীটো খাৱৈটোৰ পানী যুঁৱলীতে যোৱা ২৪দিন পৰি থকাৰ বিপৰীতে স্হানীয় ৰাইজে হাতীটোক খাদ্য যোগান ধৰি আহিছিল যদিও ক্ৰমান্বয়ে হাতীটোৰ…

৪২ ৰ ১৩ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি প্ৰদেশ কংগ্ৰেছৰ  

শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ২০ ছেপ্টেম্বৰ: শ্বহীদৰ নগৰী, শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰদেশ  কংগ্ৰেছৰ উদ্যোগত ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ দিৱস পালন কৰে ৷ এই কাৰ্য্যসূচীতে কংগ্ৰেছে বিশাল ৰেলী উলিয়ায়৷ অনুষ্ঠানত কেইবাগৰাকী জেষ্ঠ কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে।আজি ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ দিৱস৷ ”কৰিম কিম্বা মৰিম” সপোন লৈ দেশ মাতৃক পৰাধীনতাৰ পৰা মুক্ত কৰিবলৈ ওলাই আহি দেশ মাতৃৰ বাবে স্বাধীনতা সংগ্ৰামী সকলে স্বইচ্ছাই প্ৰাণ আহুতি দিছিল৷ হয়, আমি কব বিচাৰিছো ভাৰত ত্যাগ আন্দোলনৰ ঢেকীয়াজুলিৰ ১৩গৰাকী বীৰ -বীৰাংগনাৰ…

তেজপুৰ পৌৰসভাৰ কেবালাখ টকীয়া আঁচনিঃবাঁহৰ বেৰা দি বন্ধ কৰিব আৱৰ্জনা পেলোৱা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯ছেপ্টেম্বৰঃ তেজপুৰৰ বিভিন্ন স্হানত একাংশ লোকে আৱৰ্জনা পেলাই যি পৰিস্হিতিৰ উদ্ভৱ কৰি আহিছে তাৰ পৰিত্ৰাণ বিচাৰি হাঁহাকাৰ কৰিবলগীয়া হৈছে তেজপুৰ পৌৰসভাই৷উল্লেখযোগ্য যে,তেজপুৰ পৌৰসভাৰ অধীনত কৰ্মৰত বহুসংখ্যক হৰিজন থকাৰ উপৰিও সম্প্ৰতি ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহৰো ব্যৱস্থা আছে৷একেদৰে পৌৰসভাই নিজাববীয়াকৈ বিভিন্ন অঞ্চলৰ পৰা আৱৰ্জনা দৈনিক সংগ্ৰহ কৰি নিয়াৰো ব্যৱস্থা আছে৷পৌৰনেত্ৰী হিচাপে পুস্পা ডেকাৰ কাৰ্যকালত তেজপুৰ পৌৰসভাই চহৰখনক পৰিস্কাৰ চহৰ হিচাপে পুনৰ এবাৰ প্ৰতিষ্ঠা কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা বঁটা লাভ…

লখিমপুৰত ১ লাখ টকাৰ উৎকোচ বিছাৰি মণ্ডল গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে উৎকোচ গ্ৰহণকাৰী বিষয়া কৰ্মচাৰী সঘনাই আৰক্ষীৰ জালত পৰাৰ সময়তে লখিমপুৰত ১ লাখ টকাৰ ধনদাবীৰ অভিযোগত আজি এজন মণ্ডলক আৰক্ষীয়ে আটক কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি ধৃত মণ্ডলজন হৈছে মঙলদৈ নিবাসী হেমেন্দ্ৰ শৰ্মা৷ শৰ্মাই লখিমপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত লখিমপুৰ মৌজাৰ ৪নং লাটৰ তিনিকুৰীয়া সোণাৰী গাঁৱৰ দায়িত্বত আছিল৷ এই সময়চোৱাত হেমেন্দ্ৰ শৰ্মাই তিনিকুৰীয়া সোণাৰী লাটৰ টংকেশ্বৰ ডেকা নামৰ এজন লোকৰ মাটি-বাৰী কিনা বেচাৰ ক্ষেত্ৰত সকলো কাম…

বাৰেকুৰিবাসীৰ মৰমৰ হলৌ বান্দৰ ”কলীয়া”ৰ চিৰবিদায়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ বাৰেকুৰিবাসীৰ মৰমৰ কলীয়া আৰু নাই ৷ প্ৰায় চাৰিটা দশক বাৰেকুৰিৰ কোলাত উমলি পাৰ কৰা কলীয়াই সোমবাৰে নিশা সকলোকে কন্দুৱাই প্ৰাণ ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত কলীয়াৰ বয়স হৈছিল প্ৰায় ৩৮-৪০ বছৰ ৷ দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্য্টনৰ ভেটি গঢ় লৈ উঠা তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকো গাঁৱৰ চাৰিজনীয়া হলৌ পৰিয়ালটোৰ জ্যেষ্ঠ সদস্য আছিল কলীয়া৷ বাল্যকালৰ পৰাই হলৌৰ সংৰক্ষণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ সভাপতি দিপ্লৱ…

বাঁহবাৰীত চতুৰ্দশ বাৰ্ষিক কৰম উৎসৱ

শতাব্দ ষ্টাফ ৰিপ'টাৰ ১৭ছেপ্টেম্বৰ: ভাদ মাহৰ একাদশীত উদযাপন কৰা হয় অসম চাহ জনগোষ্ঠীসকলৰ কৰম উৎসৱ।এই উৎসৱে জনজাতীয় লোকসকলৰ পৰম্পৰাত এক বিশেষ গুৰুত্ব বহন কৰে । আজিৰ দিনটোতেই চাহ জনজাতীয় পুৰুষ আৰু মহিলাসকলে একেলগে কৰম দেৱতাৰ উপাসনা কৰে । মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা হিচাপে জনাজাত । কৃষিকাৰ্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে পালন কৰা হয় এই উৎসৱ।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তেজপুৰ চহৰৰ নিকটবৰ্তী বাঁহবাৰীত আনন্দ উল্লাহেৰে পালন কৰম উৎসৱ ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা) বাঁহবাৰী…

নৱ-প্ৰভাত আৰু এন পি আই এফ টিৰ উদ্যোগত ৰাজ্যিক বঁটা প্ৰদান আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭ছেপ্টেম্বৰঃ ৰাজ্যত অনুসূচিত জাতিৰ সৰ্ব্বোচ্চ সন্মান হিচাপে বিগত আঠ টা বছৰে জাতিটোৰ একো একোগৰাকী মহান ব্যক্তি তথা মহিয়সী নাৰীক প্ৰদান কৰি অহা হৈছে। অসম অনুসূচিত জাতি প্ৰাণ বঁটা তথা প্ৰশাসনিক, সাংস্কৃতিক, শৈক্ষিক, ব্যৱসায়িক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত নিজ নিজ কৰ্মৰাজীৰে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা জাতিটোৰ সম্পদ স্বৰূপ ব্যক্তিসকলক সমাজ, দেশ তথা ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অৱদানৰ বাবে প্ৰতি বছৰে আগবঢ়োৱা হয় অসম অনুসূচিত জাতি গৌৰৱ বঁটা, অসম অনুসূচিত জাতি শিল্পী বটাঁ আৰু অসম অনুসূচিত…