Browsing Category

অসম

তেজপুৰ চেলেঞ্জ কাপঃ দৰ্শনীয় প্ৰদৰ্শনৰে অসম ৰাইফলছ ছেমিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭ছেপ্টেম্বৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত অনুষ্ঠিত হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অসম ৰাইফলছে৷ আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলখনত অসম ৰাইফলছে শিলচৰৰ লেণ্ড ৰ’লাৰ্ছ এফ চিৰ বিৰুদ্ধে দমনীয় খেল প্ৰদৰ্শন কৰি ৪-০গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ তৃতীয়টো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰে৷উল্লেখযোগ্য যে,মেচৰ প্ৰথমাৰ্দ্ধত দুটা আৰু দ্বিতীয়াৰ্দ্ধত আন দুটা গ’লৰে সহজ বিজয় সাব্যস্ত কৰা অসম ৰাইফলছৰ ডেভিদ টামাঙে হেট্ৰিক…

তেজপুৰ চেলেঞ্জ কাপ ফুটবল

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১৬ছেপ্টেম্বৰঃ ফুটবল খেলত ৰাজ্যৰ খেলুৱৈৰ প্ৰবল পৰাক্ৰম দেখুৱাই আজি ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কাৰ্বি আংলঙৰ মৰ্ণি ষ্টাৰ এফ চিয়ে কলকাতাৰ দুৰ্গাপুৰ এফ চিক ১১-০গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে৷ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা তেজপুৰ চেলেঞ্জ কাপৰ বহু প্ৰত্যাশিত মেছ আছিল এইখন৷ কলকাতাৰ দলটোৰ বিপৰীতে ইতিমধ্যেই পূৰ্বৰ দৃষ্টিনন্দন খেলৰে দৰ্শকক সন্মোহিত কৰা কাৰ্বিআংলঙৰ মৰ্ণি ষ্টাৰ দলে আজি যে প্ৰবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাকে লৈ দলটোৰ…

তেজপুৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ ছেপ্তেম্বৰঃ ১৯৭৪ চনৰ ২ নবেম্বৰত পদ্মশ্ৰী শীলা বৰঠাকুৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মহিলাৰ সৰ্ববৃহৎ অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ “সোণালী জয়ন্তী“ উদযাপন, কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আগন্তুক ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ শেষ সপ্তাহত তেজপুৰত অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে৷ এই উপলক্ষে ৬/যোৱা ৯ ছেপ্তেম্বৰ তাৰিখে মিচন চাৰিআলিত সদৌ অসম লেখিকা সমাৰোহ, জিলা সমিতিৰ উদ্যোগত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছিল যদিও সমিতি খনৰ পূৰ্ণাংগ ৰূপ দিয়া হয় কালি তেজপুৰৰ কেন্দ্ৰীয় কাৰ্যালয়ত ৰূপালী বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত…

নৰ্থ লখিমপুৰ কলেজত ‘ভাষাবিজ্ঞানঃ তত্ত্ব আৰু প্ৰয়োগ’ শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ চেপ্তেম্বৰঃ নৰ্থ লখিমপুৰ কলেজ ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি ‘ভাষাবিজ্ঞানঃতত্ত্ব আৰু প্ৰয়োগ’ শীৰ্ষক এক বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়৷ বিভাগৰ মুৰব্বী ড০ অৰবিন্দ ৰাজখুৱাই সঞ্চালনা কৰা অনুষ্ঠানটিৰ উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় সহকাৰী অধ্যাপক মুন্‌মী দত্তই৷ নিমন্ত্ৰিত প্ৰথম গৰাকী সমল ব্যক্তি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ড০ গৌতম কাকতীয়ে ভাষাতত্ত্ব আৰু ভাষাবিজ্ঞান সম্পৰ্কীয় প্ৰাথমিক পৰিচয়মূলক চৰ্চাত থকা বিভ্ৰান্তিসমূহৰ বিষয়ে আলোচনা কৰে৷ পৰৱৰ্তী সময়ত তেওঁ অসমীয়াকে ধৰি বিভিন্ন…

মাৰ্ঘেৰিটাৰ বিননিঃ এফালে পাটকাইৰ বুকু বিদীৰ্ণ কৰি চলিছে কয়লাৰ লুণ্ঠন আনফালে গছপুলি ৰোপণৰ বিশ্ব অভিলেখ

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৬ ছেপ্তেম্বৰঃ এফালে কয়লা চোৰৰ উপদ্ৰৱত পাটকাইৰ ৰোদন আৰু আনফালে চলিছে চৰকাৰী পৃষ্ঠপোষকতাত গছপুলি ৰোপণৰ বিশ্ব অভিলেখ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত চলি থকা কয়লাৰ চোৰাং বেহাই সঘনাই দখল কৰি আহিছে সংবাদ মাধ্যমৰ শিৰোনামা৷ পাটকাইৰ বুকু বিদীৰ্ণ কৰি চলি থকা কয়লাৰ চোৰাং বেহাত পেটৰ তাড়নাত নিয়োজিত হ’বলৈ গৈ প্ৰাঞ্জল মৰাণৰ দৰে অগণন নিৰীহ শ্ৰমিকে প্ৰাণ হেৰুৱাটো এক সাধাৰণ ঘটনাত পৰিণত হ’বলৈ ধৰিছে৷ চৰকাৰে এফালে সেউজীয়া পাহাৰ ধ্বংস কৰি কয়লাৰ চোৰাং বেহাৰ লগত জড়িত থকাৰ অভিযোগত দুৰ্বৃত্ত বুলি ঘোষণা কৰা…

শোণিতপুৰত জলসিঞ্চন ব্যৱস্থাৰ স্বৰূপ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ছেপ্টেম্বৰঃ কৃষিৰ বাবে উপযুক্ত ব্যৱস্থাৰ অভাবে ৰাজ্যৰ বহু কৃষককে হতাশাগ্ৰস্ত কৰাৰ উদাহৰণ ৰাজ্যত দেধাৰ আছে৷থলুৱা লোকে কৃষি কাৰ্য নকৰে বুলি অতি সহজেই একাংশই প্ৰকাশ কৰি অহাৰ বিপৰীতে বছৰি ধান খেতি কৰা বহুসংখ্যক কৃষকে উপযুক্ত সাসুবিধাৰ অভাৱৰ ফলত খেতি কৰিও লোকচানৰ সন্মুখীন হৈ অহাৰ বিষয়ে প্ৰকাশ কৰি আহিছে৷বৰষুণৰ ওপৰত ভৰষা কৰিয়েই কৃষি কাৰ্য কৰা খেতিয়ক সকলে আকৌ বানৰ বাবেও লোকচানৰ সন্মুখীন হ’বলগীয়া হয়৷উল্লেখযোগ্য যে,এইবাৰ বানে শোণিতপুৰৰ বিভিন্ন অঞ্চলৰ কৃষকৰ ধানখেতি একাধিকবাৰ নস্ত কৰাৰ বিপৰীতে সম্প্ৰতি…

তেজপুৰ চেলেঞ্জ কাপঃ ছিৰাং দুৱাৰৰ জয়লাভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ছেপ্টেম্বৰঃ তেজপুৰৰ পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ এখন গুৰুত্বপূৰ্ণ মেছত ছিৰাং দুৱাৰ কোকৰাঝাৰ ফুটবল দলে নিউ মডেল স্প’ৰ্টছ ক্লাৱ, ওদালগুৰিক ২-০গলৰ ব্যৱধানত পৰাভূত কৰে৷ উল্লেখযোগ্য যে,দৰ্শনীয় মেছখন প্ৰথমাৰ্ধত গ’ল শূন্য ভাবে অন্ত পৰিছিল যদিও দ্বিতীয়াৰ্দ্ধত ছিৰাং দুৱাৰ দলে আক্ৰমণৰ চোক বৃদ্ধি কৰি প্ৰতিপক্ষৰ বেহু ভেদ কৰিবলৈ সক্ষম হয়৷ বিজয়ী দলটোৰ হৈ পেংফাই চোনাৰ আৰু ডেভিদ দৈমাৰীয়ে একোটাকৈ গ’ল স্কৰ কৰিবলৈ সক্ষম হয়৷

ড° ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে” শীৰ্ষক গ্ৰন্থলৈ “অকণিৰ সাহিত্য সভা”ৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা ঘোষণা

শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ১৫ ছেপ্টম্বৰঃ শিশু আৰু কিশোৰ-কিশোৰীৰ বাবেই নহয় সকলো শ্ৰেণী পাঠকৰ বাবে প্ৰেৰণাদায়ক আৰু উপযোগী ড০ ৰুবুল মাউতৰ "মোৰো এটা সপোন আছে" শীৰ্ষক গ্ৰন্থলৈ" অকণিৰ সাহিত্য সভা"ৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদানৰ কথা আজি তেজপুৰত এক প্ৰেছ বিবৃত্তি যোগে ঘোষণা কৰিছে "অকণিৰ সাহিত্য সভা" ৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক দ্বীপজ্যোতি বৰাই। উল্লেখ্য যে বিজ্ঞানৰ চমকপ্ৰদ আবিষ্কাৰ ছপা যন্ত্ৰৰ দ্ৰুত অগ্ৰগতিত কিতাপ প্ৰকাশ কৰাটো সহজ বিষয় হৈ পৰাত প্ৰতিদিনে ন ন শিশু গ্ৰন্থ প্ৰকাশ হ'বলৈ ধৰিছে। তেনেক্ষেত্ৰত শিশুসকলে কি…

ব্যাপক বন ধ্বংস হোৱা শোণিতপুৰত অমৃতবৃক্ষ আন্দোলনৰ কুচকাৱাজ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ছেপ্টম্বৰঃ অহা ১৭ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ ওলোৱা অমৃত বৃক্ষ আন্দোলনৰ বাবে ইতিমধ্যেই সাজু হৈছে শোণিতপুৰ প্ৰশাসনো৷এই অভিলাষী প্ৰকল্পৰ বাবে শোণিতপুৰৰ বন বিভাগৰ লগতে গাঁওপঞ্চায়তকে ধৰি মহিলা আত্মসহায়ক গোট আদি সকলোকে সাজুকৰা হৈছে৷ ইতিমধ্যেই বিতৰণ কৰা হৈছে চিনাকী অচিনাকী বিভিন্ন গছ পুলি৷প্ৰনিধানযোগ্য যে,বিগত সময়ত ১৭.৪হেজাৰ হেক্টৰ বনভূমি ধ্বংস হোৱা শোণিতপুৰত ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ নামতে পথৰ দাঁতিৰ প্ৰায় ১৫হেজাৰ জোপা গছ কাটি পেলোৱা হৈছিল৷একেদৰেই সম্প্ৰতি জিলা সদৰ তেজপুৰত উৰণীয়া সেঁতু…

তিনিচুকীয়া প্ৰেছ ক্লাবলৈ সহায়ৰ হাত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ ছেপ্তেম্বৰ : সুদীৰ্ঘ ৩৫ বছৰীয়া পৰিক্ৰমাৰ অন্তত আজিৰ পৰ্যায়ত আহি উপনীত হোৱা তিনিচুকীয়াৰ সাংবাদিকসকলৰ এক মৰ্য্যদাপূৰ্ণ অনুষ্ঠান হৈছে তিনিচুকীয়া প্ৰেছ ক্লাব (তিনিচুকীয়া সাংবাদিক চ’ৰা) ৷ অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আগবঢ়োৱা অনুদানৰ লগতে স্থানীয় বিধায়কে আগবঢ়োৱা পুঁজিৰ জৰিয়তে তিনিচুকীয়া সাংবাদিক চ'ৰাৰ কাৰ্যালয়ৰ উপৰি সভাকক্ষ ইতিমধ্যে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হয় যদিও আনুসংগিক কিছু সা-সুবিধা তথা বয়-বস্তুৰ অভাৱত কাৰ্যালয় আৰু সভাকক্ষ আধৰুৱা হৈ আছিল ৷ ইয়াৰ মাজতে চ'ৰাৰ…