Browsing Category

অসম

এন এইচ পি চিত পুনৰ ভূমিস্খলনঃ পূৰ্বে পাহৰ খহি বন্ধ হৈ থকা ডাইভাৰ্চন টাৰ্নেলৰ সন্মুখ মুকলি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে এই পৰ্যন্ত প্ৰকল্পস্থলীত ভূমিস্খলন হৈয়ে আছে৷ গেৰুকামুখ পাহাৰৰ ভূমিস্খলনৰ ফলত পূৰ্বে বন্ধ হৈ পৰা ১নং ডাইভাৰ্চন টাৰ্নেলৰ ইনলেট আজি নিজে নিজে মুকলি হৈ পূৰ্বৰ সুংৰগটো ওলাই পৰে৷ উল্লেখ্য যে পূৰ্বে গেৰুকামুখত পাহাৰ খহি এই ১নং ডাইভাৰ্চন টাৰ্নেলটো বন্ধ হৈ পৰিছিল৷ দীৰ্ঘদিনধৰি বন্ধ হৈ থকা টাৰ্নেলৰ সন্মুখ ভাগ আজি হঠাতে মুকলি হৈ পৰাত পূৰ্বৰ সুৰংগটো ওলাই পৰে৷ উল্লেখনীয় কথা যে বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ ৫টা ডাইভাৰ্চন…

বালিপৰাত হেৰইন জব্দ:নৈত জাপ দি পলাল সৰবৰাহকাৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২ছেপ্টেম্বৰঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত গুদামঘাটত যোৱা নিশা মাৰাত্মক হে'ৰইন জব্দ কৰাৰ বিপৰীতে দুই সৰবৰাহকাৰীয়ে নৈত জাপ দি পলায়ন কৰে৷উল্লেখযোগ্য যে,ইতিমধ্যেই জিলাখনৰ তেজপুৰ আৰু চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত বিভিন্ন অঞ্চলত বৰবিহ ড্ৰাগচে একাংশ যুৱকৰ ভৱিষ্যত বিপদাপন্ন কৰাৰ বিপৰীতে আৰক্ষীৰ অভিযানতো এনে একাংশ সৰবৰাহকাৰী কিছু পৰিমানৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ হ’লেও বৰ্তমানেও শোণিতপুৰত এনে মাৰাত্মক বেহা চলিয়েই আছে৷এনে অৱস্হাত যোৱা নিশা খনামুখৰ দিশৰ পৰা অহা দুই যুৱকক গুদাম ঘাটত সন্দেহজনক…

লখিমপুৰৰ শিক্ষক-আলোকচিত্ৰ শিল্পী প্ৰাণজিত বৰুৱাৰ অকাল বিয়োগত শোক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ লখিমপুৰৰ জনপ্ৰিয় ফটোগ্ৰাফাৰ, শিক্ষক আৰু সাহিত্য সংস্কৃতিৰ লগত জড়িত প্ৰাণজিৎ বৰুৱাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩২ বছৰ৷ অতি কম বয়সতে সামাজিক মাধ্যমত জনমত গঠনৰ মঞ্চ তৈয়াৰ কৰাৰ লগতে ইতিবাচক চিন্তাৰে কাম কৰি থকা প্ৰাণজিৎ কিছুদিনৰ পূৰ্বে হঠাতে এক জটিল ৰোগত আক্ৰান্ত হয়। প্ৰাণজিতক প্ৰথম পৰ্যায়ত লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ আয়ুৰচন্দ্ৰা’ আৰু গুৱাহাটী মেডিকেল কলেজত ভৰ্তি…

তিনিচুকীয়াত সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২২ ছেপ্তেম্বৰ : ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিভাসমূহক উজ্বলাই তোলাৰ লক্ষ্যৰে চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ৷ তিনিচুকীয়া জিলাতো এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ উদ্দেশ্যেৰে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৷ তিনিচুকীয়াৰ আয়ুক্ত স্বপ্নীল পালৰ পৌৰোহিত্যত সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ সন্দৰ্ভত এখন সভা আজি আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ অতিৰিক্ত আয়ুক্ত সোনতৃষ্ণা ঘৰফলীয়াই আঁত ধৰা সভাত আয়ুক্তই সাংস্কৃতিক…

নৰ্থ লখিমপুৰ কলেজত ‘অসমীয়া প্ৰকৃতি সাহিত্যৰ গতিধাৰা’ শীৰ্ষক বক্তৃতানুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰঃ ‘অসমীয়া প্ৰকৃতি সাহিত্য চৰ্চাৰ বাটকটীয়া হ’ল নৰ্থ লখিমপুৰ কলেজ৷ এই কলেজেই বিগত প্ৰায় ছয়-সাত বছৰ ধৰি সাহিত্যৰ এই নতুন ধাৰাটোক চৰ্চাৰ মাজেৰে এক সবল পৰ্যায়লৈ আগুৱাই আনিলে৷’ – এই মন্তব্য বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তৰ৷ দত্তই আজি নৰ্থ লখিমপুৰ কলেজত ‘অসমীয়া প্ৰকৃতি সাহিত্যৰ গতিধাৰা’ শীৰ্ষক বক্তৃতানুষ্ঠানত ভাগ লৈ এইদৰে কয়৷ তেওঁ লগতে কয় যে, প্ৰকৃতি সংৰক্ষণৰ চেতনা ব্যাপকভাৱে প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত প্ৰকৃতি সাহিত্যৰ বিশেষ ভূমিকা আছে৷ এইক্ষেত্ৰত নতুন প্ৰজন্ময়ো কিছু দায়িত্ব ল’ব লাগিব৷…

তেজপুৰত জ্যেষ্ঠ নাগৰিক মঞ্চৰ অধিৱেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্ভুক্ত মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ দশম বাৰ্ষিক অধিবেশনখন আজি সুকলমে অনুষ্ঠিত হয়। পুৱা আঠ বজাত পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণৰে আৰম্ভ কৰি ন বজাত পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত সভাপতি ইন্দ্ৰেশ্বৰ শইকীয়াই। শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে যতিন কোছে। ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত সভাপতিত্ব কৰে ইন্দ্ৰেশ্বৰ শইকীয়াই। সম্পাদকীয় পাঠ কৰে দেৱ দাসে। বছৰটোত খালী হোৱা দুজন কাৰ্য্যকৰী সদস্যৰ বাচনিৰ পিছত ষাঠি উৰ্দ্ধৰ লোক সকলৰ বাবে বন্ধ হৈ থকা ৰেল…

২৩ ছেপ্টেম্বৰত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন

গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় দ্বাদশ সমাৱৰ্তন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত হৈ উঠিছে । অহা ২৩ চেপ্তেম্বৰ, ২০২৩ তাৰিখে বিশ্ববিদ্যালয়ৰ টেপেছিয়া প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তনখনিত মুখ্য অতিথিৰ আসন শুৱনি কৰি সমাৱৰ্তনৰ ভাষণ প্ৰদান কৰিব  ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই । সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট তথা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিবলগীয়া অনুষ্ঠানটি ৱেবছাইট www.dbuniversity.ac.in যোগে পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানটিৰ অন্য দুজন বক্তা হ’ল অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ আচাৰ্য…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৭০ গৃহৰক্ষী জোৱানক অব্যাহতিত প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ সমূহত কেৱল লখিমপুৰ আৰু ধেমাজি জিলাৰ যুৱক-যুৱতী সকলক নিযুক্তি প্ৰদান কৰা হ’ব বুলি ৰাজহুৱা সভাত দম্ভালি মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই ঘোষণা এতিয়া অন্তঃসাৰশূন্যত পৰিণত হৈছে৷ শেহতীয়াকৈ চিকিৎসালয় কতৃৰ্পক্ষই থলুৱা ৭০ জন গৃহৰক্ষী জোৱানক হঠাতে চিকিৎসালয়খনৰ পৰা বাহিৰ কৰি দিয়াত লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰশাসন তথা চিকিৎসালয় কতৃৰ্পক্ষক এনে হঠকাৰী সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী জনাইছে সদৌ অসম নিবনুৱা…

তেজপুৰৰ নাৰ্ছিং হ’মত প্ৰসুতিৰ মৃত্যুকলৈ উত্তপ্ত পৰিস্থিতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ছেপ্টেম্বৰঃ প্ৰসুতিৰ মৃত্যুক কেন্দ্ৰ কৰি আজি পুৱা এক উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয় তেজপুৰৰ এখন নাৰ্ছিংহোমত৷ উল্লেখযোগ্য যে, চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে চৰকাৰী চিকিৎসালয়ৰ পৰিবৰ্তে ব্যক্তিগত নাৰ্চিং হোমত দুবাৰকৈ অস্ত্ৰোপচাৰ কৰে প্ৰসুতি গৰাকীক৷ অভিযোগ মতে,ঢেকিয়াজুলিৰ ৩০ খন বিচনাযুক্ত শিশু মাতৃ হাস্পতালত ১৮ ছেপ্টেম্বৰত ভৰ্তি কৰোৱা হয় সুনয়না শ্বাহ নামৰ প্ৰসুতি গৰাকীক৷ চিকিৎসালয় খনৰ প্ৰসুতি বিভাগৰ চিকিৎসক প্ৰদীপ চাহুয়ে প্ৰসুতি গৰাকীৰ অৱস্থা কিছু জটিল বুলি কৈ চৰকাৰী চিকিৎসালয়খনৰ পৰিবৰ্তে তেজপুৰৰ অনন্ত…

অসম আন্দোলনত সৰ্বাধিক বছৰ কাৰাবন্দিত্বৰ জীৱন কটোৱা তেজপুৰৰ আপোচহীন জাতীয়তাবাদী সত্বা, জ্যেষ্ঠ অধিবক্তা অশোক কুমাৰ মহন্তৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২০ ছেপ্টেম্বৰ : তেজপুৰৰ জ্যেষ্ঠ অধিবক্তা, প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰবল জাতীয়তাবাদী অশোক কুমাৰ মহন্তৰ যোৱা নিশা প্ৰায় ৩ - ৫২ বজাত হৃদযন্ত্ৰজনিত ৰোগত আকস্মিক ভাৱে ৭৪ বছৰ বয়সত তেজপুৰৰে টাইমছ হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰৰ লগতে জিলাখনৰ সৰ্বত্ৰ শোকৰ ছাঁ পৰিছে ।উল্লেখ্য যে নগাঁৱৰ ভোটাই গাঁৱত ১৯৪৯ চনত জন্মগ্ৰহণ কৰা আৰু পিতৃৰ কৰ্মসূত্ৰে পৰৱৰ্তী সময়ত তেজপুৰৰ ডালিম বৰা পথৰ পিছত লম্বোদৰ বৰা পথত স্হায়ী ভাৱে থাকিবলৈ লোৱা বিশিষ্ট অধিবক্তা, সমাজকৰ্মী গৰাকীৰ কালি পুৱা ৯ বজাত হঠাৎ বুকুৰ বিষ অনুভৱ…