Browsing Category

অসম

তিনিচুকীয়াত তীব্ৰবেগী গাড়ীৰ খুন্দাত নিহত ১ : মৃতদেহ লৈ পথ অৱৰোধ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ আগষ্ট : তীব্ৰবেগী ডাম্পাৰ আৰু কেঁচা চাহপাত কঢ়িওৱা গাড়ীৰ দৌৰাত্ম্যত তিনিচুকীয়াত সাধাৰণ পথচাৰী নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ৷ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ চান্দমাৰী বাগিচাৰ সুৰেণ মুৰ্মু নামৰ এজন শ্রমিকক শুকুৰবাৰে সন্ধিয়া এখন তীব্ৰবেগী কেঁচা চাহপাত কঢ়িওৱা গাড়ীয়ে খুন্দা মৰাৰ ফলত শ্ৰমিকজন থিতাতে নিহত হয় ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে গাড়ীখনে ৷ আজি শ্রমিকজনৰ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষাৰ অন্তত স্থানীয় চাহ শ্রমিকসকলে অকালতে মৃত্যুবৰণ কৰা সুৰেণ মুৰ্মুৰ মৃতদেহ লৈ ক্ষতিপূৰণৰ দাবীত মাকুম…

লখিমপুৰত চুৰি বিদ্যুৎ ব্যৱহাৰৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ আগষ্টঃ উত্তৰ লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত ৮ নং ৱাৰ্ডত চুৰি বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজন কিশোৰৰ মৃত্যু হোৱা ঘটনাই লখিমপুৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ ঘটনাৰ বিৱৰণী মতে যোৱা ২৪ আগষ্টত বিকাশ মুণ্ডা ওৰফে বিকি নামৰ লোকজনে তেওঁৰ নিজা ঘৰত চুৰি বিদ্যুৎ সংযোগ কৰি গৃহ নিৰ্মাণৰ ৱেলডিঙৰ কাম কৰাই থকা অৱস্থাত উত্তৰ লখিমপুৰ সদৰ থানাৰে অন্তৰ্গত ২ নং ৰাওনাপুৰৰ মোতামিল হকৰ পুত্ৰ ৰাজিবুল আলি ৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়৷ এই সন্দৰ্ভত মৃত…

তেজপুৰত ভদীয়া বানৰ সংহাৰী ৰূপ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬আগষ্টঃ ভদীয়া বানে শোণিতপুৰৰ ভালেসংখ্যক অঞ্চল প্লাৱিত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিপথাৰ তথা বাসগৃহ জলমগ্ন কৰাত ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ প্ৰায় ২০খন গাঁও আজি পুৱাৰে পৰা বানত বুৰ গৈছে৷ বাহবাৰী আৰু বিহগুৰি মৌজাৰ ঘগৰা খেলমাটি, নাহৰণি, বৰছন, ঘনশ্যাম চেন্টাৰ, ঘগৰা, কুকুৰ বস্তি, বাহবাৰী খণ্ড, বেতনি, হাতখোলা, মোৱামাৰি, ডেকা চুবুৰী, বৰা চুবুৰী, ছিঙা চুবুৰী, খোলাকটি কছাৰী আদি অঞ্চল সম্প্ৰতি সম্পূৰ্ণ বানৰ তলত৷ কৃষিপ্ৰধান অঞ্চলসমূহৰ সকলো পথাৰ…

লখিমপুৰত মেধাৱী ছাত্ৰক শৈক্ষিক বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰৰ বাধাকৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণী সভাত আজি এজন মেধাবী ছাত্ৰক শৈক্ষিক বঁটা প্ৰদান কৰা হয়৷ আজি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে বাধাকৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বিজুমনি সোণোৱালে৷ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰবি পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে নৱাগত সকলৰ চিনাকি পৰ্বৰ আঁত ধৰে৷ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক বাবুল চন্দ্ৰ চুতীয়াই চন্দ্ৰযান– ৩ ৰ সফল…

লখিমপুৰৰ বঙালমৰাত ৬ ড্ৰাগছ-গাঞ্জা সৰবৰাহকাৰীক ৰাইজে ধৰি গতালে আৰক্ষীক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰত ড্ৰাগছ, মদ, ভাঙকে ধৰি বিভিন্ন অসমাজিক কাৰ্যকলাপ পুনৰ বৃদ্ধি পাব ধৰিছে৷ কিছুদিন এনে কাৰ্যকলাপ স্তিমিত হৈ আছিল যদিও পুনৰ প্ৰায়ে আৰক্ষীৰ হাতত ড্ৰাগছ ব্যৱসায়ীয়ে ধৰা খাই আহিছে৷ আজিও এনে কেইজনমান অপৰাধীক ৰাইজে হাতে লোতে ধৰি আৰক্ষীক চমজাই দিয়া তথ্য পোহৰলৈ আহিছে৷ জিলাখনৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ১নং আহমেদমপুৰত ৰাইজে ৫টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক চমজাই দিয়ে৷ ধৃত অপৰাধী কেইজন হৈছে নুৰ আহমেদ, ফইজুল ছিলাম, নুৰুল হক, মজিবুৰ ৰহমান আৰু জিয়াউৰ ৰহমান৷ ধৃত যুৱককেইজনৰ পৰা ড্ৰাগছ…

পথৰ অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণৰ বাবে খোৱাৰ খোলাৰ নিৰ্দেশ লক্ষীমপুৰ জিলা দণ্ডাধীশৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লক্ষীমপুৰ, ২৫ আগষ্ট: লক্ষীমপুৰ জিলাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত ঘূৰি ফুৰা অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে লক্ষীমপুৰ জিলা প্ৰশাসনে। এই গৰুবোৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত অবাধে বিচৰণ কৰি আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ হিচাপে পৰিগণিত হোৱাৰ উপৰি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে বুলি পতিয়ন গৈছে লক্ষীমপুৰ জিলা প্ৰশাসন।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত সম্ভাব্য দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এনেধৰণৰ অনিয়ন্ত্ৰিত গৰু…

তেজপুৰৰ বাণ থিয়েটাৰত একুৰি প্ৰয়াত নাট্যশিল্পীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

পুনৰুজ্জীৱিত হ'ল ১৯৭৩ চনত গঢ় লোৱা "সৰগম সাংস্কৃতিক গোষ্ঠী" আধুনিক নাট্য আন্দোলনৰ গতিশীলতাত সৰগমে তেজপুৰৰ পৰা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল - পৃথ্বিৰাজ ৰাভা শতাব্দ ষ্টাফ ৰিপটাৰ,তেজপুৰ ২৩ আগষ্ট : তেজপুৰত আধুনিক নাট্য আন্দোলনৰ এক বিশেষ ধাৰা সূচনা কৰি ১৯৭৩ চনতে গঢ়ি উঠা "সৰগম সাংস্কৃতিক গোষ্ঠী" ৰ সৈতে জড়িত প্ৰয়াত একুৰি নাট্যশিল্পীক কালি সন্ধিয়া তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলে । উল্লেখ্য যে প্ৰতিষ্ঠা লগ্নৰ গৰিষ্ঠ সংখ্যক শিল্পী প্ৰয়াত হোৱাৰ…

লখিমপুৰৰ শিঙৰা সমবায় সমিতিত পি ডি এছৰ কেবাশ কুইণ্টল চাউল অন্তৰ্ধান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ আগষ্টঃ লখিমপুৰ জিলাৰ শিঙৰা সমবায় সমিতিত পি ডি এছৰ ৭২০ কুইণ্টল চাউল অন্তৰ্ধানৰ ঘটনাই নতুন মোৰ লৈছে৷ সমবায় সমিতিখনৰ পৰা চাউল অন্তৰ্ধান হোৱা ঘটনাক কেন্দ্ৰ কৰি নাওবৈচাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি সংবাদ মাধ্যমত এই সন্দৰ্ভত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছত সমবায় সমিতিখনৰ লগতে লখিমপুৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ উল্লেখ যে সমবায় সমিতিখনলৈ জুলাই মাহত দৰিদ্ৰ সীমাৰেখা তলৰ হিতাধিকাৰীলৈ আগষ্ট মাহৰ ৮৮১ কুইণ্টল ৯০ কিলোগ্ৰাম চাউল আৱণ্টন হোৱাৰ পিছত ইয়াৰে ৭২০…

জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱালৰ অকালতে দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ আগষ্টঃ জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱাল আৰু নাই৷ আজি পুৱতি নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত শিল্পীজনে শেষ নিশ্বাস ত্যাগ কৰে৷ সোণোৱালৰ অকাল বিয়োগত তেওঁৰ গৃহ জিলা লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱাল কিছুদিনৰ পৰা যকৃত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ গৰমজান- ১, ২, ৩, অ’ মোৰ লোকেল চুলাই, চুলাই খাই পাতি যাঁও বিহু, নাখালে চুলাই বিহুৱে নোলায়, ধুমমছলা, ডাৰ্লিং নম্বৰ ১, লালুভাই বিহু, মেকচি আদিৰ লগতে ভিচিডি কেছেটত কণ্ঠদান কৰা টেঙা টেঙা মন, বাধা আৰু…

ধেমাজিৰ সৰ্বনিন্দিত-ঘৃণনীয় বোমা বিস্ফোৰণ কাণ্ড কোনে কৰিছিল

চূড়ান্ত শুনানীৰ সম্পূৰ্ণ এমাহৰ পাছত ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে পূৰ্বে মুহি সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলী গোহাঁইক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছিল ৷শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৪ জুলাই : কুৰি বছৰীয়া এক আইনী প্ৰক্ৰিয়াই আকৌ জোকাৰি গ’ল সমগ্ৰ অসম ৷ সমগ্ৰ দেশ কঁপোৱা ২০০৪ চনৰ ১৫ আগষ্টৰ সৰ্বনিন্দিত-ঘৃণনীয় বোমা বিস্ফোৰণ কাণ্ডৰ চুড়ান্ত ৰায়দান ২০১৯ চনতে শেষ হ’ল বুলি ভাবিছিল বহুতে ৷কিন্তু নহয়,…