Browsing Category

অসম

লখিমপুৰৰ বঙালমৰাত ৬ ড্ৰাগছ-গাঞ্জা সৰবৰাহকাৰীক ৰাইজে ধৰি গতালে আৰক্ষীক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰত ড্ৰাগছ, মদ, ভাঙকে ধৰি বিভিন্ন অসমাজিক কাৰ্যকলাপ পুনৰ বৃদ্ধি পাব ধৰিছে৷ কিছুদিন এনে কাৰ্যকলাপ স্তিমিত হৈ আছিল যদিও পুনৰ প্ৰায়ে আৰক্ষীৰ হাতত ড্ৰাগছ ব্যৱসায়ীয়ে ধৰা খাই আহিছে৷ আজিও এনে কেইজনমান অপৰাধীক ৰাইজে হাতে লোতে ধৰি আৰক্ষীক চমজাই দিয়া তথ্য পোহৰলৈ আহিছে৷ জিলাখনৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ১নং আহমেদমপুৰত ৰাইজে ৫টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক চমজাই দিয়ে৷ ধৃত অপৰাধী কেইজন হৈছে নুৰ আহমেদ, ফইজুল ছিলাম, নুৰুল হক, মজিবুৰ ৰহমান আৰু জিয়াউৰ ৰহমান৷ ধৃত যুৱককেইজনৰ পৰা ড্ৰাগছ…

পথৰ অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণৰ বাবে খোৱাৰ খোলাৰ নিৰ্দেশ লক্ষীমপুৰ জিলা দণ্ডাধীশৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লক্ষীমপুৰ, ২৫ আগষ্ট: লক্ষীমপুৰ জিলাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত ঘূৰি ফুৰা অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে লক্ষীমপুৰ জিলা প্ৰশাসনে। এই গৰুবোৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত অবাধে বিচৰণ কৰি আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ হিচাপে পৰিগণিত হোৱাৰ উপৰি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে বুলি পতিয়ন গৈছে লক্ষীমপুৰ জিলা প্ৰশাসন।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত সম্ভাব্য দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এনেধৰণৰ অনিয়ন্ত্ৰিত গৰু…

তেজপুৰৰ বাণ থিয়েটাৰত একুৰি প্ৰয়াত নাট্যশিল্পীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

পুনৰুজ্জীৱিত হ'ল ১৯৭৩ চনত গঢ় লোৱা "সৰগম সাংস্কৃতিক গোষ্ঠী" আধুনিক নাট্য আন্দোলনৰ গতিশীলতাত সৰগমে তেজপুৰৰ পৰা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল - পৃথ্বিৰাজ ৰাভা শতাব্দ ষ্টাফ ৰিপটাৰ,তেজপুৰ ২৩ আগষ্ট : তেজপুৰত আধুনিক নাট্য আন্দোলনৰ এক বিশেষ ধাৰা সূচনা কৰি ১৯৭৩ চনতে গঢ়ি উঠা "সৰগম সাংস্কৃতিক গোষ্ঠী" ৰ সৈতে জড়িত প্ৰয়াত একুৰি নাট্যশিল্পীক কালি সন্ধিয়া তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলে । উল্লেখ্য যে প্ৰতিষ্ঠা লগ্নৰ গৰিষ্ঠ সংখ্যক শিল্পী প্ৰয়াত হোৱাৰ…

লখিমপুৰৰ শিঙৰা সমবায় সমিতিত পি ডি এছৰ কেবাশ কুইণ্টল চাউল অন্তৰ্ধান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ আগষ্টঃ লখিমপুৰ জিলাৰ শিঙৰা সমবায় সমিতিত পি ডি এছৰ ৭২০ কুইণ্টল চাউল অন্তৰ্ধানৰ ঘটনাই নতুন মোৰ লৈছে৷ সমবায় সমিতিখনৰ পৰা চাউল অন্তৰ্ধান হোৱা ঘটনাক কেন্দ্ৰ কৰি নাওবৈচাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি সংবাদ মাধ্যমত এই সন্দৰ্ভত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছত সমবায় সমিতিখনৰ লগতে লখিমপুৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ উল্লেখ যে সমবায় সমিতিখনলৈ জুলাই মাহত দৰিদ্ৰ সীমাৰেখা তলৰ হিতাধিকাৰীলৈ আগষ্ট মাহৰ ৮৮১ কুইণ্টল ৯০ কিলোগ্ৰাম চাউল আৱণ্টন হোৱাৰ পিছত ইয়াৰে ৭২০…

জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱালৰ অকালতে দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ আগষ্টঃ জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱাল আৰু নাই৷ আজি পুৱতি নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত শিল্পীজনে শেষ নিশ্বাস ত্যাগ কৰে৷ সোণোৱালৰ অকাল বিয়োগত তেওঁৰ গৃহ জিলা লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱাল কিছুদিনৰ পৰা যকৃত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ গৰমজান- ১, ২, ৩, অ’ মোৰ লোকেল চুলাই, চুলাই খাই পাতি যাঁও বিহু, নাখালে চুলাই বিহুৱে নোলায়, ধুমমছলা, ডাৰ্লিং নম্বৰ ১, লালুভাই বিহু, মেকচি আদিৰ লগতে ভিচিডি কেছেটত কণ্ঠদান কৰা টেঙা টেঙা মন, বাধা আৰু…

ধেমাজিৰ সৰ্বনিন্দিত-ঘৃণনীয় বোমা বিস্ফোৰণ কাণ্ড কোনে কৰিছিল

চূড়ান্ত শুনানীৰ সম্পূৰ্ণ এমাহৰ পাছত ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে পূৰ্বে মুহি সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলী গোহাঁইক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছিল ৷শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৪ জুলাই : কুৰি বছৰীয়া এক আইনী প্ৰক্ৰিয়াই আকৌ জোকাৰি গ’ল সমগ্ৰ অসম ৷ সমগ্ৰ দেশ কঁপোৱা ২০০৪ চনৰ ১৫ আগষ্টৰ সৰ্বনিন্দিত-ঘৃণনীয় বোমা বিস্ফোৰণ কাণ্ডৰ চুড়ান্ত ৰায়দান ২০১৯ চনতে শেষ হ’ল বুলি ভাবিছিল বহুতে ৷কিন্তু নহয়,…

তেজপুৰত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনঃ অগপ,আপ,জাতীয় পৰিষদ,বিজেপিকে ধৰি দুই শতাধিকৰ যোগদান কংগ্ৰেছত

ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩আগষ্টঃ “ যিজন মানুহৰ বয়স মাত্ৰ ৫০অতিক্ৰম কৰিছে সেইজনক নগাঁৱলৈ আহিবলৈও হেলিকপ্টাৰ লাগে৷ হেলিকপ্তাৰত ব্যয় কৰে ২০কোটি টকা৷ পথৰ দাঁতিত নিজৰ ফটো লগাই প্ৰচাৰ কৰিবলৈ ব্যয় কৰে এশ ২০কোটি টকা৷ এই ধনৰে ৰাজ্যৰ বহু বিদ্যালয় নিৰ্মাণ কৰিব পৰা গ’লহেঁতেন৷ ৰাস্তা ঘাট নিৰ্মাণ কৰিব পৰা গ’লহেঁতেন আৰু চাহ শ্ৰমিকৰ প্ৰাপ্য বৃদ্ধি কৰিব পৰা গ’ল হেঁতেন৷ ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ মূৰত এতিয়া ৩৫হেজাৰ টকাৰ ঋণৰ বোজা৷ অলপতে পুনৰ ৰাজ্য চৰকাৰে আঢ়ৈশ কোটি টকাৰ ঋণ লৈছে৷” তেজপুৰত আজি এক সভাত এনেদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ…

চন্দ্ৰযান-৩ৰ সফলতাৰ আঁৰত আছে তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাৰ বিশেষ অৱদান

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৩ আগষ্ট: চন্দ্ৰযান-৩ৰ সফলতাৰ সৈতে জড়িত হৈ পৰিছে অসমৰ তিনিচুকীয়া জিলাৰ নাম৷ কিয়নো চন্দ্ৰযান-৩ৰ সফল অভিযানৰ অন্তৰালত আছে সুদীৰ্ঘ এটা দশক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ইছৰ’) বিজ্ঞানীৰূপে কৰ্মৰত হৈ থকা তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাৰ বিশেষ অৱদান৷ উল্লেখ্য যে চন্দ্ৰযান-২ৰ অভিযানৰ সৈতেও জড়িত হৈ আছিল আজি ’য়ুথ আইকন’ত পৰিণত হোৱা তিনিচুকীয়াৰ এই যুৱ বিজ্ঞানীগৰাকী৷ তিনিচুকীয়া চহৰৰ ৰাজাআলি অঞ্চল নিবাসী দীপক দেৱ আৰু শিখা দেৱৰ বোৱাৰী তথা দিবাকৰ দেৱৰ পত্নী নিধি শৰ্মাই ছমাহৰ সন্তানসম্ভৱা হৈ থকাৰ সময়তো দেশৰ…

তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ মহানুভৱতা

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২২ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ’বেটী বচাও বেটী পঢ়াও’ কাৰ্যসূচীৰ আধাৰত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনে তেওঁলোকৰ প্ৰথম বাৰ্ষিকী সমাৰোহত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাকৈ ঘোষণা কৰিছে এক অভিযোজন কাৰ্যসূচী৷ সেই অনুসৰি যোৱা দেওবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ প্ৰথম বাৰ্ষিকী সমাৰোহ ’ৰোমন্থন ২০২৩’ৰ অধীনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সভাপতি ৰঘূবীৰ সিং নেগীয়ে এই অভিযোজন কাৰ্যসূচীৰ পোষকতা কৰি প্ৰায় ১৩ কিলোমিটাৰ নিলগৰ…

পুৰণা পেঞ্চন নীতিৰ বাহাল ৰখাৰ দাবীত তেজপুৰত কৰ্মচাৰীৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ২২ আগষ্টঃ সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো চৰকাৰী কৰ্মচাৰী সকলে আজি পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত অসহযোগ কাৰ্যসূচী পালন কৰে৷ উল্লেখযোগ্য যে, ৰাজ্যৰ প্ৰায় ৩০টা সংস্থা-সংগঠনৰ ঐক্যমঞ্চ সিদ্ধান্ত মৰ্মে আজি আৰু ২৩ আগষ্টত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই এইদৰে দুদিনীয়া কাৰ্যসূচীৰে কৰ্ম বিৰতি পালন কৰিছে৷ সেই মৰ্মে সংস্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আজি দিনৰ ১১ বজাত শোণিতপুৰ জিলাৰ বিভিন্ন সংস্থা- সংগঠনৰ সহযোগত তেজপুৰ আদালত চাৰিআলিৰ পৰা এক সমদল বাহিৰ কৰে৷ কাইলৈ প্ৰতিবাদকাৰী সকলে শোণিতপুৰৰ আয়ুক্তৰ…