Browsing Category

অসম

তেজপুৰৰ দৰংমহাবিদ্যালয়ত বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২ আগষ্টঃ মহামানৱ মহাত্মা গান্ধীৰ বিস্ময়কৰ প্ৰভাবৰ বাবেই ১৯২১ চনৰ পিচত অসমীয়া সত্ত্বাই ভাৰতীয় সত্ত্বাৰ সৈতে বিলীন হৈ একেস্বৰে বিৰল দেশাত্মবোধেৰে স্বাধীনতাৰ জয় গান গাবলৈ আৰম্ভ কৰিছিল৷ ভাৰতীয় চেতনাৰে উজ্জ্বিবিত অসমৰ স্বাধীনতা সংগ্ৰামৰ গুৰিধৰোঁতাসকলৰ অন্যতম আছিল সত্ৰাধিকাৰী গহন চন্দ্ৰ গোস্বামী বুলি আজি তেজপুৰৰ দৰংমহাবিদ্যালয়ৰ সভাকক্ষত মন্তব্য কৰে ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাই৷ উল্লেখ্য যে ২০২১ বৰ্ষৰ ২৯ অক্টোবৰত কৰ’ণা অতিমাৰীৰ বাবে অকালতে কায়িক ভাবে আঁতৰি যোৱা তেজপুৰৰ বহুমুখী প্ৰতিভাধৰ…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত সাহিত্য অকাডেমিৰ অসমীয়া ভাষাত জাতীয়তাবাদ আৰু জনগোষ্ঠীয় পৰিচয় সম্পৰ্কীয় আলোচনা চক্ৰ অনুষ্ঠিত

উত্তৰ লখিমপুৰ, ২২ আগষ্টঃ উত্তৰ লখিমপুৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি অসমীয়া ভাষাত জাতীয়তাবাদ আৰু জনগোষ্ঠীয় পৰিচয়ৰ শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত আৰু সাহিত্য অকাডেমীয়ৰ পূব মণ্ডলৰ উদ্যোগত মহাবিদ্যালয়খনুৰ সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে আয়োজন কৰা এই আলোচনা চক্ৰৰ উদ্বোধনী অধিৱেশনৰ সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। উদ্বোধনী অধিৱেশনৰ আদৰণি ভাষণ প্ৰদান কৰে কলকাতাৰ পূব মণ্ডলৰ সাহিত্য অকাডেমীৰ সম্পাদক ড০ দেৱেন্দ্ৰ কুমাৰ দেৱেশে। উদ্বোধনী ভাষণত ড০ দেৱেশে…

লখিমপুৰত ভদীয়াৰ বানত বুৰিল বহু গাঁও

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২২ আগষ্টঃ অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাত যোৱা তিনিদিন ধৰি একেৰাহে হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্ত ভদীয়া বানৰ কবলত পৰিছে৷ আজি পুৱাই কদম ৰাজহ চক্ৰৰ বহুকেইখন গাঁও কাকৈ নদীৰ বানত জলমগ্ন হয়৷ লখিমপুৰৰ কদম টেঙাবস্তিত কাকৈ নদীৰ বানে একপ্ৰকাৰে বিভীষিকাৰ সৃষ্টি কৰে৷ পুৱাই কাকৈ নদীৰ ঢলে কদম টেঙাবস্তিৰ লগতে বাগান গাঁও, মইনাপাৰা, পুথিমাৰী আদি কেবাখনো গাঁও বুৰাই পেলোৱাৰ লগতে ভদীয়াৰ বানে কৃষিজীৱী লোকসকলৰ শ শ বিঘা শালি খেতি বুৰাই পেলায়৷ কাকৈৰ খৰস্ৰোতা বানে এই অঞ্চলত বহু কৃষকৰ শালি খেতি…

লখিমপুৰত এন পি এছ কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২২ আগষ্টঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে লখিমপুৰতো আজি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ লখিমপুৰ জিলা সমিতিয়ে কৰ্মবিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠা আৰু এন পি এছৰ অধীনত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সকলৰ অৱসৰকালীন সুবিধা প্ৰদানৰ দাবীত আজি এনেদৰে সংস্থাই কৰ্মবিৰতি পালন কৰে৷ জিলা সমিতিৰ সভাপতি ভাস্কৰ দলে, সম্পাদক প্ৰদীপ বৰুৱাৰ স্বাক্ষৰিত বিবৃত্তিত কয় যে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা, অৱসৰকালীন এন পি এছৰ অধীনৰ…

উত্তৰ লখিমপুৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মত নিশা উদঙীয়া গৰুৰ সন্ত্ৰাস

শতাব্দ প্ৰতিনিধি‍, ২১ আগষ্টঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলোবোৰ ৰেলৱে ষ্টেচন উন্নত কৰি সেই ষ্টেচন সমূহক স্বচ্ছ ভাৰত মিছন অভিযানৰ অন্তৰ্ভূক্ত কৰাৰ সময়তে লখিমপুৰত নিশা ইয়াৰ বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা কাৰ্যই ৰেল যাত্ৰীসকলক আ(ৰ্য কৰি তুলিছে৷ উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত এতিয়া একপ্ৰকাৰে নিশা উদঙীয়া গৰুৰ সন্ত্ৰাস চলাৰ পিছতো ৰেলৱে কতৃৰ্পক্ষই এইক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ নকৰাত সচেতন ৰেল যাত্ৰীসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ প্ৰতি নিশাৰ দৰে ২০ আগষ্টৰ নিশা ১১ বজাতো উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত একাংশ উদঙীয়া গৰুৱে…

লখিমপুৰত পথৰ মাজত পুখুৰী সদৃশ গাঁত

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২১ আগষ্টঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও বহু পথৰ দুৰৱস্থাই পথচাৰীক দুৰ্ভোগ ভূগাই আহিছে৷ শেহতীয়াকৈ তেনে এটি ভগ্নপ্ৰায় পথ নিৰ্মাণৰ দাবীত দেওবাৰে সচেতন নাগৰিক সমাজে লখিমপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰি পোৱা গৈছে৷ উত্তৰ লখিমপুৰ নগৰৰ ১৪ নং ৱাৰ্ডৰ তথা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘিলাগুৰি-চুমনি সংযোগী গড়কাপ্তানী পথটোৰ মাজত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজৰ লগতে সচেতন নাগৰিক সমাজে পথৰ মাজতে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ ঘিলাগুৰি অংশত সৃষ্টি হোৱা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত সমূহ…

বগীনদীত আৰোহণ ফাইনেন্সৰ শাখা প্ৰবন্ধকক গ্ৰাহকে কেবা ঘণ্টা আৱদ্ধ কৰি চমজালে আৰক্ষীক

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২১ আগষ্টঃ একাংশ বিত্তীয় প্ৰতিষ্ঠানে না না প্ৰলোভনেৰে গ্ৰাহকক প্ৰতাৰণা কৰি অহাৰ সময়তে আজি লখিমপুৰ জিলাৰ বগীনদীৰ কদম তিনিআলিত প্ৰবঞ্চিত গ্ৰাহকে আৰোহণ ফাইনেন্সৰ তিনিজন বিষয়াক কেবাঘKI×া আৱদ্ধ কৰি আৰক্ষীক চমজাই দিয়া কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ আজি আৰোহণৰ একাংশ গ্ৰাহকে বগীনদীৰ সহযোগী শাখা প্ৰবন্ধকজনক কদম তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত কেবাঘণ্টা আৱদ্ধ কৰি গ্ৰাহকসকলে প্ৰাপ্য ধন বিছাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ গ্ৰাহকসকলে বিষয়াজনক বিভিন্ন গালি গালাজ কৰাৰ লগতে কৰ্কথনা কৰি প্ৰাপ্য ধন ঘূৰাই বিছাৰি…

হায় বিদ্যুৎ বিভাগঃ লখিমপুৰৰ আমতলাত এতিয়াও বহু গাঁৱত বাঁহৰ খুঁটাৰে গ্ৰাহকক বিদ্যুৎ সংযোগ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২১ আগষ্টঃ ৰাজ্যৰ শক্তিখণ্ডত চৰকাৰে আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰি আহিলেও চৰকাৰৰ সেই আশ্বাস যে একপ্ৰকাৰে প্ৰহসন সেই কথা লখিমপুৰ জিলাৰ একাংশ গাঁৱৰ বিদ্যুৎ সংযোগ ব্যৱস্থাই পৰিস্ফুট কৰি তুলিছে৷ প্ৰাপ্ত খবৰ অনুসৰি লখিমপুৰ আৰু নাওবৈচা বিধান সভা সমষ্টিৰ বহু গাঁৱত এতিয়াও বিদ্যুৎ বিভাগে বাঁহৰ খুঁটাৰে গ্ৰাহকক বিদ্যুৎ সংযোগ দি আহিছে৷ যি কাৰ্যই নেকি ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনা কঢ়িয়াই আনিছে৷ বিশেষকৈ লখিমপুৰ জিলাৰ পানীগাঁৱৰ সমীপৱৰ্তী তথা ৰঙানদীপৰীয়া বৃহত্তৰ আমতলা অঞ্চলত এতিয়াও বহু গ্ৰাহকে বাঁহৰ খুঁটাৰ জৰিয়তে…

তিনিচুকীয়া কাৰাগাৰৰ বিচাৰাধীন মহিলা কয়দীৰ মৃত্যু

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২১ আগষ্ট : তিনিচুকীয়া জিলা কাৰাগাৰৰ এগৰাকী বিচাৰাধীন মহিলা কয়দীৰ জিম্মাত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত তদন্তকাৰী বিষয়াই অহা ২৯ আগষ্টৰ দিনৰ ১১ বজাৰ পৰা ২ বজালৈকে সাক্ষ্যগ্ৰহণ কৰিব ৷ উল্লেখ্য যে তিনিচুকীয়া জিলা কাৰাগাৰৰ বিচাৰাধীন মহিলা কয়দী লীলা কৰৰ জিম্মাত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত কাৰ্যবাহী দণ্ডাধীশ দীপাৱলী কুৰ্মীৰ ওপৰত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ তিনিচুকীয়াৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়স্থিত তদন্তকাৰী বিষয়াৰ কাৰ্যালয় কক্ষত উক্ত দিনা নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘটনাৰ বিষয়ে জ্ঞাত ইচ্ছুক ব্যক্তি, সাধাৰণ…

তিনিচুকীয়া জিলাৰ মাকুমত অইলৰ অ’ চি এছৰ সমীপত গ্ৰেনেড উদ্ধাৰ

শতাব্দ প্ৰতিনিধি‍, ২১ আগষ্ট: তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ লাংকাচিস্থিত অইল ইণ্ডিয়া লিমিটেডৰ হাপজান অ’ চি এছৰ (অইল কালেক্টিং ষ্টেচন) সমীপত আজি বিয়লি এটা শক্তিশালী গ্ৰেনেড উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে গ্ৰেনেডটো কাপোৰেৰে মেৰিয়াই পথৰ কাষত পেলাই থোৱা আছিল৷ ইতিমধ্যে তিনিচুকীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কোনে কি উদ্দেশ্যেৰে গ্ৰেনেডটো উক্ত স্থানত পেলাই থৈ গৈছিল এই সন্দৰ্ভত বিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে নিৰাপত্তাৰ দিশৰ পৰা অইলৰ হাপজান…