Browsing Category
অসম
ড্ৰাগছৰ অপব্যৱহাৰ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৰোধৰ বাবে তিনিচুকীয়াত গুৰুত্বপূৰ্ণ বৈঠক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ আগষ্ট: আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পাছতো তিনিচুকীয়া জিলাৰ চুকেকোণে নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰি তোলাৰ সময়তে জিলাখনত ড্ৰাগছৰ অপব্যৱহাৰ আৰু নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৰোধ কৰিবৰ বাবে ল’ব পৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনাৰ উদ্দেশ্যেৰে নাৰ্কো সমন্বয় কেন্দ্ৰ (এন চি অ’ আৰ ডি) প্ৰণালীৰ অধীনত জিলা পৰ্যায়ৰ সমিতিৰ বৈঠক আজি জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যায়৷ বৈঠকত জিলা আয়ুক্তই জিলাখনত ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ…
শোণিতপুৰৰ ১১২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আৰোহনৰ অধীনত ডি আৰ এল পৰিদৰ্শন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ আগষ্ট: তেজপুৰস্থ প্ৰতিৰক্ষা গৱেষণাগাড়ৰ সহযোগত শোণিতপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত আজি ‘মেণ্টিজ ডেভেলপমেণ্ট প্ৰগ্ৰেম’ৰ আয়োজন কৰা হয়৷ এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীসকলক মেণ্টৰিং আৰু কাউন্সেলিঙৰ জৰিয়তে ব্যাপক সহায় আগবঢ়োৱা, যাৰ লক্ষ্য আছিল তেওঁলোকৰ কেৰিয়াৰৰ অগ্ৰগতি শক্তিশালী কৰা আৰু তেওঁলোকক সমাজ আৰু জাতিৰ ভৱিষ্যতৰ বাবে মূল্যৱান সম্পদ হ’বলৈ শক্তিশালী কৰা৷ মুঠ ১১২ গৰাকী শোণিতপুৰ জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ ভাল ফলা ফল লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰে৷ কাৰ্যসূচীৰ…
ভূৱা ঠিকনাৰে এছএছবিত যোগদান তিনি যুৱকৰঃতদন্ত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯আগষ্টঃ নিজকে শোণিতপুৰৰ বাসিন্দা বুলি ভুৱা পৰিচয় দি এছএছবি চাকৰি লোৱা বহিৰাজ্যৰ তিনি যুৱকৰ জালিয়াতি সম্প্ৰতি পোহৰলৈ আহিছে৷ অভিযোগ অনুসৰি, অংকিত কুমাৰ, লোকেন্দ্ৰ চাহাৰ আৰু শ্ৰী দিবাকৰ নামৰ তিনি যুৱকে ২০২২ ত জালিয়াতিৰে চাকৰিত যোগদান কৰিছিল আৰু তিনিওজন যুৱকে নিজকে শোণিতপুৰ জিলাৰ বাসিন্দা বুলি প্ৰয়োজনীয় তথ্যত উল্লেখ কৰে৷ লগতে তেওঁলোকে দাখিল কৰা তথ্যত শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ ভুৱা ছীল-মোহৰো ব্যৱহাৰ কৰিছিল৷ শেহতীয়াকৈ এছ এছ বিৰ বিহাৰ আৰৰিয়াস্থিত ৫৬ নম্বৰ, বিহাৰৰ ৰাজাউলৰ ৪৭নম্বৰ আৰু দাৰ্জিলিঙৰ ৪১নম্বৰ…
২০২১-২০২২ বৰ্ষৰ মাধৱীলতা সাহিত্য বঁটা বিশিষ্ট লেখক ডাঃ ভৃঙ্গেশ্বৰ শৰ্মালৈ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ আগষ্ট: ২০২১-২০২২ বৰ্ষৰ মাধৱীলতা সাহিত্য বঁটাৰ বাবে মাৰ্ঘেৰিটা নিবাসী, ক’ল ইণ্ডিয়া লিমিটেড চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়া, অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, হাস্য-ব্যঙ্গ লেখক ডাঃ ভৃঙ্গেশ্বৰ শৰ্মাক নিৰ্বাচিত কৰা হৈছে৷ আজি মাধৱীলতা সাহিত্য ন্যাসৰ পৰিচালন ন্যাসৰক্ষী অতুল চন্দ্ৰ শৰ্মাই এক বিবৃতিৰ জৰিয়তে এই কথা সদৰি কৰিছে৷ উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ডিগবৈৰ মাধৱীলতা সাহিত্য ন্যাসে ২০০৫ চনৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে জিলাখনৰ অন্তৰ্গত এগৰাকী বিশিষ্ট সাহিত্যিকক অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত…
তেজপুৰত বেংকৰ ভিতৰৰ পৰাই গ্ৰাহকৰ ধন লুট
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯আগষ্টঃ তেজপুৰত আজি বেংকৰ ভিতৰতে দিন ডকাইটিৰ দৰে এক ঘটনা সংঘটিত হয়৷ ভাৰতীয় ষ্টেট বেংক তেজপুৰ শাখাত এগৰাকী মহিলাই গ্ৰাহকৰ শাৰীত থিয় হৈ থকা অৱস্থাতে হাতত থকা বেগৰ পৰা দুৰ্বৃত্তই কাঢ়ি লৈ যায় নগদ ১০ হেজাৰ টকা আৰু মোবাইল ফোন৷ উল্লেখযোগ্য যে, তেজপুৰ মুঢ়াতেতেলী নিৱাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুনু বৰাই বেংকৰ ভিতৰতে এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতে ঘটনাটোৰ বিষয়ে বেংক কৰ্তৃপক্ষক অৱগত কৰে যদিও তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে৷ আনকি বেংকৰ ভিতৰত যি স্থানত…
তেজপুৰত বিশ্ব ফটোগ্ৰাফী দিৱস
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ আগষ্ট: বিশ্ব ফটোগ্ৰাফী দিৱসৰ আজিৰ দিনটোত তেজপুৰৰ ফটো সাংবাদিক সমীৰ কৰে বিগত সময়ত কেমেৰাৰে ধৰি ৰখা শতাধিক কলাত্মক আলোকচিত্ৰ আৰু নিজৰ লগতে তাহানিৰে পৰা পিতৃ পুৰুষে ব্যৱহাৰ কৰা কেবাটাও আকৰ্ষণীয় পুৰণি কেমেৰাৰ এখন ফটো প্ৰদৰ্শনী উদ্ঘাটন কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ লগতে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ তেজপুৰৰ জ্যোতি ভাৰতীৰ ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চত আয়োজিত এই আকৰ্ষণীয় প্ৰদৰ্শনীৰ ফিতা কাটি শুভাৰম্ভ কৰাৰ পিছতে বিধায়ক পৃথ্বিৰাজ ৰাভা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিশিষ্ট অতিথি ৰূপে উপস্থিত…
জামিন লাভৰ পাছতো বহুজন কাৰাবন্দী
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ আগষ্ট: অসমৰ কাৰাগাৰসমূহত এনে বহুলোক আছে যিসকলে গোচৰৰ বিপৰীতে জামিন লাভ কৰাৰ পাছতো আইনৰ কিছুমান নিয়ম সম্পূৰ্ণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত কাৰাগৰতে দিন অতিবাহিত কৰিব লগা হয়৷ জামিন লাভৰ অন্ততো কাৰাবন্দী হৈ থকা এনে লোক কি কাৰণত চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থাকিব লগা হৈছে সেই বিষয়ে বিতং তথ্য সংগ্ৰহ কৰি তেনে লোকৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’, অসম নামৰ সংস্থাটোৱে৷ সংস্থাৰ অধ্যক্ষৰ গৃহ জিলাৰ পৰাই আৰম্ভ কৰা হৈছে ন্যায় লাভত সহায় কৰাৰ এই…
জাপানীজ এনকেফেলাইটিছত তেজপুৰৰ এজনৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮আগষ্টঃ তেজপুৰৰ এগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ব্যক্তিৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,তেজপুৰ চহৰৰ ঊষানগৰৰ ২১(খ)নম্বৰ উপপথ নিবাসী তথা অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া শশাংক দাস(৭৫) কিছুদিন পূৰ্বে অসুস্থ হৈ পৰাত তেওঁক তেজপুৰ ব্যপ্তিষ্ট মিছন হাস্পতালত ভৰ্ত্তি কৰোৱা হয়৷ পাছত তেওঁ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাটো নিশ্চিত হয় আৰু দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্হানান্তৰ কৰা হয় প্ৰায় ছয় দিন পূৰ্বে৷ কিন্তু চিকিৎসাধীন অৱস্থাত আজি সন্ধিয়া প্ৰায়…
ডিক্ৰং গাঁও পঞ্চায়তত পি এম এ ৱাই গৃহৰ কোটি টকীয়া কেলেংকাৰি
আৰক্ষীৰ ভূমিকাক লৈ সন্দেহৰ আঙুলিঃ জি পি চি, সচিবসহ এজন ৱাৰ্ড সদস্যহে গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ আগষ্টঃ ৰাজ্য চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি ঢাক ঢোল বজাই আহিলেও কাৰ্যত তেনে আস্ফালন অসাৰ প্ৰতিপন্ন হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ডিক্ৰং গাঁও পঞ্চায়তত৷ জিলাখনৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিক্ৰং গাঁও পঞ্চায়তত সংঘটিত হোৱা ভয়ংকৰ পি এম এ ৱাই গৃহৰ কোটি টকীয়া কেলেংকাৰিৰ ক্ষেত্ৰত এতিয়া ৰৌ-বৰালি সাৰি যোৱাৰ বিপৰীতে মাত্ৰ তিনি পুঠি-খলিহাক ধৰি জেললৈ পঠোৱা কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে৷ এইক্ষেত্ৰত…
তেজপুৰত ছাত্ৰীক আক্ৰমণঃ চাৰিজনক আটক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮আগষ্টঃ তেজপুৰ ঘৰপৰা চুবুৰীত কালি সন্ধিয়া দৰং মহাবিদ্যালয়ৰ ছাত্ৰী এগৰাকীক আক্ৰমণৰ ঘটনাৰে জড়িত থকাৰ সন্দেহত চাৰিজন ছাত্ৰক আটক কৰিছে তেজপুৰ আৰক্ষীয়ে৷ উল্লেখযোগ্য যে যোৱানিশাই চাৰিওজনকে আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে যদিও এইপৰ্যন্ত মূল অভিযুক্তক চিনাক্ত কৰিবলৈ বাকী আছে৷ আজি আৰক্ষীৰ উচ্চপদস্থ সূত্ৰই প্ৰকাশ কৰা অনুসৰি,আটাইকেইজনেই আন শিক্ষানুষ্ঠানৰ ছাত্ৰ৷ উল্লেখযোগ্য যে বেদেতীৰ পৰা আহি দৰং মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ ভাৰাঘৰৰ পৰা নাতিদূৰৈতে সংঘটিত হৈছিল চোকা অস্ত্ৰৰে আক্ৰমণৰ এই ঘটনাটো৷…
