Browsing Category
অসম
তিনিচুকীয়াত শ্রমমন্ত্ৰী কিষাণৰ গৃহ বাগিছাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে চাহ শ্রমিকক প্ৰস্তাৱিত ৩৫১ টকা দৈনিক মজুৰি আৰু ভূমিপট্টা প্ৰদানৰ দাবীত আজি তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্রমমন্ত্ৰী সঞ্জয় কিষাণৰ গৃহ বাগিছা ধেলাখাট চাহ বাগিছাত বহুসংখ্যক শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে ’শ্রমমন্ত্ৰী মুৰ্দাবাদ, মুখ্যমন্ত্রী মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, চাহ শ্রমিকক প্রস্তাৱিত ৩৫১ টকা মজুৰি, মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰক' আদি শ্ল'গান দি ধেলাখাট চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়…
বিশিষ্ট শিশু সাহিত্যিক ড° স্বাধীনতা মহন্তলৈ “অকণিৰ সাহিত্য সভা”ৰ ২০২৩ বৰ্ষৰ “অসমীয়া শিশু সাহিত্য বঁটা”
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৮ আগষ্ট : শিশু সাহিত্যৰ ক্ষেত্ৰখনক বিগত বহু বছৰ ধৰি ধাৰাবাহিক ভাৱে স্বকীয় মৌলিক ৰচনাৰ কৌশলেৰে পাঠক সকলক আকৃষ্ট কৰি অহা বিশিষ্ট শিশু সাহিত্যিক, শিক্ষাবিদ লেখিকা তেজপুৰ নিবাসী ড০ স্বাধীনতা মহন্তলৈ "অকণিৰ সাহিত্য সভা"ই ২০২৩ বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটা প্ৰদানৰ কথা আজি ঘোষণা কৰিছে। উল্লেখ্য যে, ১৯৬১ চনত "অসমবাণী" ৰ মইনা পাৰিজাত চ'ৰাত প্ৰকাশিত "সেই আহঁত জোপা" নামৰ প্ৰথম লেখাৰে নিজৰ সৃষ্টিশীলতাক ক্ৰমবৰ্ধমান ৰূপ দি পৰৱৰ্তী সময়ত "ৰ'দ জিলমিল", "ৰং চিলমিল", "তৰা তিৰবিৰ", "জোন জিকমিকি", "নিৰ্বাচিত…
বগীনদীত সঘনাই পথ দুৰ্ঘটনা
উদ্বিগ্ন সচেতন ৰাইজ
অকালতে প্ৰাণ হেৰুৱাইছে বহুজনে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ আগষ্টঃ লখিমপুৰ জিলাৰ বগীনদী অঞ্চলত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ থকা কাৰ্যই সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে৷ বিশেষকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শাৰী শাৰীকৈ বহা দোকান বজাৰৰ বাবেই বগীনদী অঞ্চলত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপিত হৈছে৷ সেয়েহে স্থানীয় ৰাইজে এইক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসনৰ সু-পদক্ষেপ কামনা কৰিছে৷ স্থানীয় কেবাজনো লোকে আজি জানিবলৈ দিয়ে যে বগীনদী চেণ্টাৰৰ পশ্চিম প্ৰান্তৰ বগীনদী দলঙৰ পৰা ‘আই পদুমনি থান’…
২০০ কোটিটকীয়া উন্নয়নৰ পাছতো এজাক বৰষুণতে বুৰিল সমগ্ৰ তিনিচুকীয়া চহৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ আগষ্ট : তিনিচুকীয়া চহৰৰ উন্নয়নৰ নামত কোটি কোটি টকা ব্যয় কৰি অহাৰ পাছতো তথাকথিত উন্নয়নৰ ফোঁপোলা স্বৰূপ আজি পুনৰ উদঙাই দিয়ে এজাক বৰষুণে ৷ আজি দুপৰীয়া প্ৰায় আধাঘণ্টা সময় ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত একাঁঠু পানীত ডুব যায় সমগ্ৰ তিনিচুকীয়া চহৰ ৷ মাত্ৰ ১৫ টা ৱাৰ্ডৰ সমষ্টি তিনিচুকীয়া পৌৰসভাৰ প্ৰায় প্ৰতিটো ৱাৰ্ডতে আধাঘণ্টাৰ বৰষুণজাকে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ নলা-নৰ্দমা, বাটপথ সকলো বুৰ যায় পানীৰ তলত ৷ পৌৰ এলেকাৰ কেতবোৰ বিদ্যালয়ত পথৰ কাষৰ নলাৰ প্ৰদূষিত পানী সোমাই পৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল…
বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ দ্বাৰা ফটোগ্ৰাফী আৰু চেল্ফি প্ৰতিযোগিতাৰ আয়োজন
লখিমপুৰ, ১৭ আগষ্ট: অহা ১৯ আগষ্টত সমগ্ৰ পৃথিৱীজুৰি উদযাপিত হব বিশ্ব ফটোগ্ৰাফী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি উক্ত দিনটোত লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তৰফৰ পৰা এক ফটোগ্ৰাফী আৰু চেল্ফি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনিৰ মূল বিষয়বস্তু হৈছে- "দৈনন্দিন জীৱনত বিজ্ঞানৰ ব্যৱহাৰ'"। লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা জিলা সহকাৰী আয়ুক্ত আৰজিত মহাজনে এক নিৰ্দেশ যোগে জানিবলৈ দিয়া অনুসৰি, ফটোগ্ৰাফী প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰা বিজয়ী প্ৰতিযোগী কেইগৰাকীযে…
বিদ্যালয়ৰ পৰা অহাৰ পথত ঘৰৰ সন্মুখৰ পৰাই শিক্ষয়িত্ৰীৰ ডিঙিৰ চেইন থপিয়াই নিলে চিলনী চোৰে
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৭ আগষ্ট : তেজপুৰ চহৰৰ লগতে চহৰখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমুহত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ উপদ্ৰৱ। বিগত সময়খিনিত তেজপুৰৰ বিভিন্ন প্ৰান্তত দিন দুপৰতে চিলনী চোৰে বহুকেইগৰাকী মহিলা - যুৱতীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই লৈ যোৱাৰ লগতে পথাচাৰিৰ জেপৰ পৰা মোবাইল ফোন থপিয়াই নিয়া একাধিক ঘটনাৰ পিছত আজি দিন দুপৰতে নিজৰ বাসগৃহৰ সন্মুখৰ পৰা এগৰাকী শিক্ষয়িত্ৰীৰ ডিঙিৰ চেইন থপিয়াই নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে তেজপুৰৰ বাম পৰ্বতীয়াৰ সংস্কৃত টোল নিবাসী ভাৰত শৰ্মাৰ শিক্ষয়িত্ৰী পত্নী ৰুমী দেৱী…
গুলীবিদ্ধ ৰাজু আহমেদ আলফা নহয়- আলফা স্বাধীন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ আগষ্টঃ যোৱা ১৫ আগষ্ট ২০২৩ ৰ নিশা শিৱসাগৰৰ ডিমৌ আৰক্ষীয়ে গুলীবিদ্ধ কৰা ৰাজু আহমেদ নামৰ যুৱকগৰাকী “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠনৰ সদস্য অথবা সংগঠনৰ যোগাযোগকাৰী নহয়৷ উক্ত যুৱকগৰাকীৰ সৈতে সংগঠনৰ কোনোধৰণৰ যোগসূত্ৰ নাই বুলি সংযুক্ত মুক্তি বাহিনী, অসম , প্রচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে এক বিবৃতিৰে স্পষ্ট কৰিছে। বিবৃতিত তেঁও কয়- কেৱল ৰাজু আহমেদেই নহয়, বিগত সময়ত অসমৰ আৰক্ষীয়ে “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠনৰ যোগাযোগকাৰী সজাই ভুৱা এনকাউণ্টাৰেৰে গুলীবিদ্ধ কৰা সূৰুজ গগৈৰ পৰা জুমন বৰালৈকে কোনো…
নাৰায়ণপুৰত ৰোগী কঢ়িয়াই অনা এম্বুলেন্স সোমাল পুখুৰীতঃ আহত- ৪
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ আগষ্টঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰীত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত এটি শিশু সহ চাৰিজন লোক গুৰুতৰ ভাৱে আহত হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা অসম-অৰুণাচল সীমান্তৱৰ্তী ভোলাবৰী সমীপৰ বালিপুখুৰীৰ পৰা এখন চৰকাৰী এম্বেুলেন্সৰে জ্বৰত ভুগি থকা এটি ছবছৰীয়া কন্যা শিশুক চিকিৎসাৰ বাবে ধলপুৰ অসামৰিক চিকিৎসালয়লৈ নি থকাৰ পথতে এম্বুলেন্সখন দুৰ্ঘটনাত পতিত হৈ এটা পুখুৰীত সোমায়৷ ফলত এম্বুলেন্সখনত থকা শিশু, ৰোগীসহ চাৰিজন লোক গুৰুতৰ ভাৱে আহত হয়৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ এম্বুলেন্সখনত থকা…
পিকনিক খাবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন শোণিতপুৰৰ যুৱক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ আগষ্ট : ১৫ আগষ্টৰ দিনা বন্ধুবৰ্গৰ স’তে বনভোজ খাবলৈ গৈ কালি তেজপুৰ সমীপৰ ঠেলামৰা তেলিয়াগাৱঁত ব্ৰহ্মপুত্ৰৰ বুকুত খগেন বড়ো (২৫) নামৰ এজন উদীয়মান ফুটবল খেলুৱৈ তথা সৰবৰহী যুৱক সন্ধানহীন পৰা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে ৷ ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, কালি স্বাধীনতা দিৱসৰ বন্ধৰ দিনটোত ঠেলামৰা ঔবাৰী সোণাশ্ৰী কলনিৰ নিবাসী তথা এখন গেলামাল দোকানৰ স্বত্বাধিকাৰী খগেন বড়োৱে ৮-৯ গৰাকী বন্ধুৰ স’তে দিনৰ ভাগত সমীপৰ ব্ৰহ্মপুত্ৰ ঘাটৰ কাষত পিকনিক খাবলৈ যায় ৷ বিয়লি প্ৰায় ৩ মান বজাত খগেন বড়োৱে…
লক্ষীমপুৰত নাৰ্ছিং কলেজ-ডেণ্টেল কলেজ নিৰ্মাণ হবঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পৰিদৰ্শন
উত্তৰ লক্ষীমপুৰ, ১৬ আগষ্ট: ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী মহন্তই লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাৰ সৈতে মঙ্গলবাৰে লক্ষীমপুৰত দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ পাছতে চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত হৈ প্ৰথমে চিকিৎসাধীন ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে। ৰোগীৰ মাজত ফলমূল বিতৰণত মন্ত্ৰীগৰাকীক সহযোগ কৰে লক্ষীমপুৰৰ জিলা আয়ুক্ত সুমিত সত্তৱান আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। ইয়াৰ…
