Browsing Category

অসম

ভাল খবৰঃ কানাডা নিবাসী তেজপুৰৰ জীয়ৰীৰ অক্সিজেন উৎপাদনক্ষম প্ৰকল্প স্থাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ সাধাৰণ ৰোগী সকল উপকৃত হ'ব পৰাকৈ প্ৰতি মিনিটত ৫০০ লিটাৰ অক্সিজেন উৎপাদন কৰিব পৰা অত্যাধুনিক অক্সিজেন উৎপাদনক্ষম প্ৰকল্প এটা কালি আনুষ্ঠানিক ভাৱে উদ্ঘাটন কৰে অসম চৰকাৰৰ বন আৰু পৰিবেশ দপ্তৰৰ মন্ত্ৰী চন্দ্র মোহন পাটোৱাৰীয়ে। উল্লেখ্য যে কানাডাত কৰ্মসূত্ৰে থকা তেজপুৰৰ জীয়ৰী ভাস্বতী শৰ্মা বৰঠাকুৰৰ জৰিয়তে কানাডা কোঠাৰী ফেমেলী ফাউণ্ডেশ্যন আৰু ট্ৰিল্লিয়াম হেল্থ পাৰ্টনাৰ্ছ ফাউণ্ডেশ্যনৰ দ্বাৰা নিৰ্মিত এই অত্যাধুনিক…

৩,৮২,০০০ বিঘা চাহখেতিলৈ অশনি সংকেত

 অৰুণাচলৰ পৰা কেঁচা চাহপাতৰ অবাধ সৰবৰাহ নিষিদ্ধ কৰাৰ দাবীশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ আগষ্ট : তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল জীয়াই থকাৰ স্বাৰ্থত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা অবাধে আহি থকা কেঁচা চাহপাত আইনগতভাৱে অসম তথা তিনিচুকীয়া জিলাত প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী জনাইছে সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ আজি এক সংবাদমেলত ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃবৃন্দই কয় যে জিলাখনৰ ৫৬,০০০ ক্ষুদ্ৰ চাহ খেতিয়কে ৩,৮২,০০০ বিঘা মাটিত চাহ খেতিৰ যোগেদি তেওঁলোকৰ…

নাওবৈচা-বঙালমৰাত নকল সোণৰ নাৱৰ বেহা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ লগতে বঙালমৰাতো যে নকল সোণ আৰু জালনোটৰ বেহা এইপৰ্যন্ত অব্যাহত আছে সেই কথা আৰক্ষীৰ শেহতীয়া অভিযানত পোহৰলৈ আহিছে৷ প্ৰায় দুদিন পূৰ্বে বঙালমৰাত আৰক্ষীয়ে নকল সোণৰ বেপাৰী-জাল নোট চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত আনাৰুল হুছেইন নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক এনকাউণ্টাৰ কৰাৰ পিছতো এই পৰ্যন্ত বঙালমৰা অঞ্চলত নকল সোণ আৰু জালনোটৰ বেহা অব্যাহত আছে৷ যোৱা নিশা নাওবৈচা আৰু বঙালমৰা আৰক্ষীয়ে যুটীয়া ভাৱে অভিযান চলাই এটা নকল সোণৰ বেপাৰীক হাতে লুটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷…

তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাযৰ্সূচীৰে ৭৭সংখ্যাক স্বাধীনতা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৬আগষ্টঃ সমগ্ৰ ৰাষ্ট্ৰৰ লগতে তেজপুৰতো শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। এই উপলক্ষে তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত শোণিতপুৰ জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি অসম চৰকাৰৰ পৰিৱেশ বন,সংখ্যালঘু উন্নয়ন আৰু এক্ট ইষ্ট পলিচি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি অসম আৰক্ষী, এছ এছ বি, আই টি বি, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰদৰ্শন কৰা আনুষ্ঠানিক কুচকাৱাজৰ অভিবাদন গ্ৰহন কৰে।…

অভিনৱ থিয়েটাৰ প্ৰকল্পত নাটকৰ অন্তৰংগ আলাপ আৰু নাটক দূত ঘটোৎকচ মঞ্চস্থ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত যোৱা ১৩ আগষ্টৰ সন্ধিয়া ৬বজাত এখনি হিন্দী নাটক “দূত ঘটোৎকচ” মঞ্চস্থ কৰা হয়। প্ৰতি মাহত অভিনৱ থিয়েটাৰৰ দ্বাৰা অনুষ্ঠিত কৰি অহা “নাটকৰ অন্তৰংগ” আলাপৰ লগত সংগতি ৰাখি বিহাৰ বেগুচৰাইৰ নাট্য গোষ্ঠী “আস্থা ৱেলফেয়াৰ চছাইটি”ৰ দ্বাৰা ৰবি ৰঞ্জন কুমাৰৰ পৰিচালনাত মহাকবি ব্যাসৰ ৰচিত সংস্কৃত নাটক “দূত ঘটোৎকচ” ৰ ভাৰতৰত্ন ভাৰ্গৱৰ হিন্দী অনুবাদ একেই নামৰ নাটকখনিত অভিনৱ থিয়েটাৰৰ শিল্পী সকলে অভিনয় কৰে।এই নাটকখনি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ…

লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী কেশৱ মহন্তৰ

উত্তৰ লখিমপুৰত আয়োজিত ভাৰতৰ ৭৭সংখ্যক স্বাধীনতা দিৱসৰ লখিমপুৰ জিলাস্তৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা, বিজ্ঞান প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই।

স্বাধীনতা সংগ্রামী, অসম বিধান সভাৰ অধ্যক্ষ মহীকান্ত দাস ১৬ আগষ্টত ৩৫ সংখ্যক মৃত্যু বার্ষিকী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ আগষ্ট : ১৯০৩ৰ ১৭ অক্টোবৰত অবিভক্ত দৰং জিলাৰ তেজপুৰ মহকুমাৰ হলেশ্বৰত জন্ম গ্ৰহণ কৰিছিল প্রয়াত মহীকান্ত দাসে। পৰৱৰ্তী সময়ত দেশৰ স্বাধীনতা আন্দোলনত সক্রীয়ভাবে অংশগ্ৰহণ কৰি ১৯৪২ৰ ১৬ আগষ্টত ভাৰত ৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কিছুদিন তেজপুৰ কাৰাগাৰত আৰু তাৰ পাছতেই যোৰহাট কাৰাগাৰত কাৰাদ্ধ হৈ থকা অসম  বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ মহীকান্ত দাসৰ অহা ১৬ আগষ্টত ৩৫ সংখ্যক মৃত্যুবার্ষিকী। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সহপাঠী এইগৰাকী মুক্তি যোদ্ধাৰ ওপৰতে যোৰহাট কাৰাগাৰত থকাৰ সময়ছোৱাত ৰাজনৈতিক …

তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিভীষিকাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ আগষ্ট : মিছা বিভীষিকাৰ পৰিৱৰ্তে প্ৰকৃত বিভীষিকা মোডী বিভীষিকা আৰু মূল্যবৃদ্ধিৰ বিভীষিকাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ সকলোকে আহ্বান জনাই আজি চিপিআইৰ (এম-এল) তিনিচুকীয়া জিলা সমিতিয়ে চহৰখনৰ মাজ মজিয়াৰ থানা চাৰিআলিত মোদী বিভীষিকাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ এক বিবৃতিত চিপিআই (এম-এল) দলৰ নেতা সুভাষ সেনে ক্ষোভ প্ৰকাশ কৰি কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছৰ পৰা দেশবাসীক এটাৰ পিছত এটাকৈ আভুৱা ভাঁৰি সাম্প্ৰদায়িকতা,…

তেজপুৰৰ জ্যোতি ভাৰতীত দৃষ্টিনন্দন দেশপ্ৰেমৰ অনুষ্ঠান 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সংগীত নাটক অকাডেমীৰ  উত্তৰপূব মাণ্ডলিক কাৰ্যালয়ৰ নিৰ্দেশনা অনুযায়ী তেজপুৰৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘সপ্তাশ্ব’ ই তেজপুৰৰ কেইবাখনো আগশাৰীৰ অনুষ্ঠানৰ শিশু তথা ছাত্ৰ-ছাত্ৰী সকলক একত্ৰিত কৰি দৃষ্টিনন্দন অনুষ্ঠানেৰে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কালি বিয়লি  ‘মেৰি  মাটি মেৰা দেশ’ শীৰ্ষক প্ৰচাৰ কাৰ্য্যসূচী সমাপন কৰে৷ তেজপুৰৰ ঐতিহ্যমণ্ডিত "পকী" অৰ্থাৎ ‘জ্যোতিভাৰতী’ চৌহদত এক বৰ্ণাঢ্য…

তেজপুৰত চিলনী চোৰক কৰায়ত্ত 

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,১৪আগষ্টঃ  তেজপুৰৰ চহৰৰ নিকটৱৰ্ত্তী তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা আজি পুৱা  এগৰাকী মহিলাৰ ডিঙিৰ চেইন কাঢ়ি বাইকলৈ পলায়ন কৰিছিল ।কিন্তূ এই বাৰ চোৰৰ দিন বেয়া আছিল।মহিলা গৰাকীয়ে  হুৱাদুৱা লগোৱাত এখন গাড়ীৰে চোৰটোৰ বাইকৰ পিছে পিছে খেদি চোৰটোক তেজপুৰ বিশ্ববিদ্যালয়ৰ-পৰোৱা  সংযোগী পথৰ সমীপৰ কলিমন্দিৰৰ ওচৰত ধৰিবলৈ সক্ষম হয় আৰু  পাছত চোৰটোক তেজপুৰ সদৰ আৰক্ষীক গতাই দিয়ে।    ধৃত চোৰটোৰ ঘৰ পুনিয়নিৰ আব্দুৰ ৰহিম বুলি জানিব পৰা গৈছে।