Browsing Category

অসম

বঙালমৰাত এনকাউণ্টাৰত ড্ৰাগছ বেপাৰী আহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ আগষ্ট ঃ নকল সোণ-জালনোটৰ ঘাটি হিচাপে পৰিচিত বঙালমৰাত দেওবাৰে মাজনিশা আৰক্ষীয়ে এটা ড্ৰাগছ বেপাৰীক এনকাউণ্টাৰ কৰা ঘটনাই সমগ্ৰ বঙালমৰা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কালি নিশা গুলীবিদ্ধ হোৱা ড্ৰাগছ ব্যৱসায়ীটো হৈছে বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং ইছলামপুৰৰ আনাৰুল হুছেইন ৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ২ নং ইছলামপুৰৰ নকল সোণ আৰু জালনোটৰ বেপাৰী ছাদ্দাম হুছেইনৰ ঘৰত অভিযান চলাবলৈ যায়৷ আৰক্ষীৰ দলটোৱে প্ৰথমে ছাদ্দামৰ ভাতৃ…

যোৰহাটত যুৱবিজ্ঞানী ড° প্ৰণৱজ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ

যোৰহাট, ১৩ আগষ্ট : ৰাজ্যৰ এগৰাকী যুৱ বিজ্ঞানী, যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ সদ্যপ্ৰয়াত তত্বাৱধায়ক ড° প্ৰণৱজ্যোতি চেতিয়াক আজি আনুষ্ঠানিক ভাৱে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। বিভাগীয় মন্ত্ৰীগৰাকীয়ে আজি আগবেলা যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত আয়োজিত ড০ চেতিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি যোৱা ১১ আগষ্টত অকালতে মৃত্যুক সাৱটি লোৱা যুৱ বিজ্ঞানী তথা যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰতিষ্ঠাপক তত্বাৱধায়কগৰাকীলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায়।…

শোণিতপুৰত কীটনাশক আৰু সাৰৰ বিপণিত জিলা টাস্ক ফ’ৰ্চৰ পৰিদৰ্শন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ১৩ আগষ্ট: শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত জিলা টাস্ক ফ'ৰ্চৰ এটা দলে জিলাখনৰ ১৫ টা কৃষি উন্নয়ন চক্র ক্ৰমে- ৰাক্ষসমাৰী কৃষি উন্নয়ন চক্র, ঢেকিয়াজুলি, মিছামাৰি, বিন্দুকুৰী, ঠেলামৰা, ভগামন্দিৰ, চিৰাজুলী, বিহগুৰী, ডিপোটা, ঘোৰামাৰি, বালিপাৰা, চাৰিদুৱাৰ, জামুগুৰি, চিলাবন্ধা, ঢলাইবিল কৃষি উন্নয়ন চক্রৰ কীটনাশক আৰু সাৰৰ খুচুৰা আৰু পাইকাৰী বিপণিসমূহ পৰিদৰ্শন কৰি বিক্ৰেতাসকলক নিষিদ্ধ কীটনাশক কোনো কাৰণতে বিক্ৰী নকৰিবলৈ কঠোৰভাৱে সকীয়াই দিয়াৰ লগতে কৃষি বিভাগৰ পৰামৰ্শ অনুসৰিহে কৃষকসকলক ৰাসায়নিক কীটনাশক…

চৰকাৰী আৱাস প্ৰদানত দালালৰ দপদপনি তেজপুৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৩আগষ্টঃ ৰাজ্যত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কেতিয়াবা দালালৰ বিৰুদ্ধে নতুবা আকৌ ঘোছখোৰৰ বিৰুদ্ধে অভিযান চলিলেও একাংশ প্ৰৱঞ্চকে এনেবোৰ বিষয়ৰ প্ৰতি সামান্যতম গুৰুত্বও প্ৰদান কৰা নাই ৷ আনকি এনে একাংশ প্ৰৱঞ্চক আকৌ আৰক্ষীৰ মিতিৰৰ দৰেই সম্পৰ্ক৷ শেহতীয়াকৈ নিচাযুক্ত সামগ্ৰীৰ বেহা চলোৱা একাংশৰো কিছুমান আৰক্ষী চকীলৈ অবাধ আহযাহৰ বিষয়ে বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ সময়তে বৰ্তমান এগৰাকী মহিলাই এক দালালৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ কৰাৰ পাছত কোনো ফল লাভ নকৰাত স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দাখিলৰ পাছতো…

তেজপুৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ সভা অনুস্থিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৩আগষ্টঃ তেজপুৰ ভাৰতীয় চিকিৎসা সন্থাৰ সভা কক্ষত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সন্থাৰ আজি এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সন্থাৰ সভাপতি জিন্তু মণি নাথে সভাপতিত্ব কৰা সভাখনত ৰাজ্যৰ ২২ খন জিলাৰ শতাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই উদেশ্য ব্যাখ্যা কৰা সভাখনত সন্থাৰ বৰ্তমানৰ স্থিতি আৰু ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় । এই সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীৰ গ্ৰেড পে অতি সোনকালে প্ৰদান কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু…

সৃষ্টি’ৰ ২০ দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ সফল সামৰণি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১০ আগষ্টঃ  গ্ৰীষ্মকালীন বন্ধৰ উপলক্ষে লক্ষীমপুৰৰ অন্যতম নাট্যচৰ্চা কেন্দ্ৰ সৃষ্টিয়ে আয়োজন কৰা ২০ দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ আজি সামৰণি পৰে।পঞ্চাশৰো অধিক শিশুৱে অংশগ্ৰহণ কৰা এই কৰ্মশালাত নাটক, অভিনয়, যোগ ,আবৃত্তি, মুকাভিনয় ,ৰুদ্ৰ বৰুৱাৰ গীত,পাৰ্বতী প্ৰসাদ বৰুৱা গীত আৰু দিহা নামৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰতিজন প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীয়ে ব্যক্তিগতভাৱে ভিন ভিন অনুষ্ঠান পৰিবেশন কৰি নিজ নিজ  প্ৰতিভা প্ৰদৰ্শন কৰে ।সৃষ্টিৰ মুখ্য উপদেষ্টা সুৰেন ৰাজখোৱাৰ সঞ্চালনাত…

তেজপুৰত এইডচ নিয়ন্ত্ৰণৰ সজাগতা, প্ৰশিক্ষণ শিৱিৰত উত্তপ্ত পৰিস্থিতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১আগষ্টঃ নিজকে এইডচ নিয়ন্ত্ৰণ অভিযানৰ লগত জড়িত বুলি পৰিচয় দিয়া বহিঃৰাজ্যৰ এজন ব্যক্তিয়ে তেজপুৰৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী বোৱাৰীক যৌন কৰ্মী সজাবলৈ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় তেজপুৰত৷উল্লেখযোগ্য যে, তেজপুৰ সদৰ আৰক্ষী থানাৰ সমীপৰে এখন হোটেলত বাহৰ পাতি থকা তথা দক্ষিণ ভাৰতৰ আৰ কুমাৰ নামৰ লোকজনে নিজকে এইডছ নিয়ন্ত্ৰণ কোষৰ বিষয়া বুলি পৰিচয় দিছিল৷তেওঁ লখিমপুৰৰ মানস গগৈ আন এজন লোকৰ স’তে মিলিত হৈ তেজপুৰত স্নেহা নামৰ এটা বেছৰকাৰী স্বেচ্ছাসেৱী…

সম্পূৰ্ণ হোৱাৰ দিশে তেজপুৰ-জামুগুৰিহাট সংযোগী চকীঘাট দলং

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১১ আগষ্ট : শোণিতপুৰৰ খৰস্ৰোতা জীয়াভৰলী নৈৰ ওপৰৰ দ্বিতীয়খন দলং চকীঘাট দলঙৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত৷তেজপুৰ আৰু জামুগুৰিহাটৰ দূৰত্ব প্ৰায় ডেৰঘন্টা সময়ৰ পৰা এইখন দলঙে প্ৰায় আধাঘন্টালৈ হ্ৰাস কৰিব আৰু শীঘ্ৰেই এইখন দলং সৰ্বসাধাৰণৰ বাবে মুকলি কৰা হ’ব৷উল্লেখযোগ্য যে,এসময়ত তেজপুৰৰ পৰা নিৰ্বাচিত জনতা দলৰ সাংসদ তথা প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিঙে প্ৰস্তাৱ দিছিল জীয়াভৰলীৰ ওপৰৰে চকীঘাটৰ পৰা এখন দলং নিৰ্মাণৰ বাবে৷ ইয়াৰ পিছত জীয়াভৰলীৰ বুকুৰে পাৰ হৈ গ’ল বহু পানী৷ সলনি হ’ল নৈখনৰ কাষৰীয়া অঞ্চলৰ বহু…

তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দৰ উপস্থিতিত প্ৰস্তুতি সভা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ আগষ্ট : ’বাগানে বাগানে প্ৰদেশ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যেৰে আজি তিনিচুকীয়াত দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দৰ উপস্থিতিত এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায় ৷ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৌজন্যত তথা তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সহযোগত অনুষ্ঠিত সভাখনৰ আঁত ধৰে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই ৷ সভাত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, অসম…

প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১১ আগষ্ট :সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা লগ্নৰ কাণ্ডাৰী, অসম গণ পৰিষদ দলৰ জন্ম লগ্নৰে জ্যেষ্ঠ নেতা, পাঁচটাকৈ কাৰ্যকালৰ তেজপুৰ সমষ্টিৰ বিধায়ক, প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীৰ হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰ আজি বিয়লি সম্পন্ন হৈ যায় গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত।উল্লেখ্য যে, কিছুদিন ধৰি হৃদযন্ত্ৰজনিত ৰোগত আক্ৰান্ত হৈ থকা জাতীয়তাবাদী নেতা গৰাকী গুৱাহাটীৰ হেল্থ চিটি হাস্পতালৰ চিকিৎসক ডাঃ ভৱানন্দ দাসৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰি থকাৰ পিছত এক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱাত কালি দিনৰ ১-৩০ বজাত…