Browsing Category
অসম
লখিমপুৰত পুনৰ নকল সোণ-জাল নোট চক্ৰ সক্ৰিয়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ আগষ্টঃ লখিমপুৰত জিলাত কিছু দিনৰ পূৰ্বে আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে লখিমপুৰ জিলাৰ বঙালমৰাকে ধৰি বিভিন্ন প্ৰান্তত চলি থকা নকল সোণ আৰু জাল নোটৰ বেহা কিছু স্থবিৰ হৈছিল যদিও পুনৰ নকল সোণ আৰু জাল নোট চক্ৰ সক্ৰিয় হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে৷ আজি বঙালমৰাৰ সমীপৱৰ্তী সোনাপুৰ ৰিজাৰ্ভত দুজন প্ৰবঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা স্পষ্ট হৈ পৰিছে৷ মাত্ৰ কেইদিনমানৰ পূৰ্বে লখিমপুৰ জিলা কাৰাগাৰৰ পৰা অৰ্ধশতাধিক জালনোট-নকল সোণৰ বেপাৰীয়ে জামিনত মুক্তি লাভ কৰি যোৱাৰ পিছতে পুনৰ…
শয়নে-সপোনে আজিও কেৱল নেহৰুকে দেখা পায় মোদীয়ে–ভূপেন বৰা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১১ আগষ্টঃ শয়নে-সপোনে কেৱল নেহৰুকে দেখি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে অনাস্থা প্ৰস্তাৱ বিতৰ্কত মূল বিষয় মণিপুৰৰ পৰা ফালৰি কাটি অসমৰ প্ৰসংগহে উত্থাপন কৰে। তাকে কৰিবলৈ গৈ দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৰ বক্তব্য ভুলকৈ উত্থাপন কৰি গোৱেব্বলছীয় নীতিৰে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে মোদীয়ে। নাজী শাসনকালত হিটলাৰৰ বিশ্বস্ত মন্ত্ৰী গোৱেব্বলছে 'একেটা মিছা কথা বাৰম্বাৰ কৈ থাকিলে মানুহে সেই মিছাটোকে সত্য বুলি ধৰি লয়’ নীতি অনুসৰণ কৰি কংগ্ৰেছ বিৰোধী একাংশ লোকে দেশ…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত সোণালী জয়ন্তী বক্তৃতা সম্পন্ন
উত্তৰ লখিমপুৰ, ১১ আগষ্টঃ আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ পঞ্চমটো বক্তৃতা প্ৰদান কৰা হয়। মহাবিদ্যালয়খনত এক গাম্ভীৰ্য্যপূৰ্ণ সভাত বিশিষ্ট শিক্ষাবিদ তথা ৰাষ্ট্ৰীয় বিজ্ঞান লেখিকা বঁটা-২০১৯ বিজয়ী ড০ অমিয়া ৰাজবংশীয়ে এই বক্তৃতা প্ৰদান কৰে। পঞ্চম সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ আৰম্ভণিতে লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ আহ্বায়ক অধ্যাপক ছাজ্জাদ হুছেইনে প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই।
বক্তৃতানুষ্ঠানত ড০ অমিয়া…
লখিমপুৰত অসম জাতীয় পৰিষদৰ সভাত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে হুংকাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ আগষ্টঃ লখিমপুৰ নগৰৰ মাজমজিয়াত অসম জাতীয় পৰিষদৰ এখন সভা আজি অনুষ্ঠিত হয়৷ এই সভাত বৰ্তমান চৰকাৰৰ কাম-কাজক তীব্ৰ সমালোচনা কৰাৰ লগতে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে পৰিষদে তীব্ৰ হুংকাৰ দিয়ে৷ উত্তৰ লখিমপুৰ নগৰৰ সাহিত্য সভা ভৱনত অসম জাতীয় পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা নাগৰিক সভাত এনে হুংকাৰ দিয়ে পৰিষদে৷ লখিমপুৰৰ জিলা সভাপতি ৰামেশ্বৰ কোঁৱৰৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক সুৰজিৎ ভূঞাই৷ সভাখনত নগৰখনৰ অৰ্ধশতাধিক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে আৰু সকলোৱে…
শীতল পানীয়ৰ বটল বিক্ৰী কৰি অধিক দাম লোৱা ৮ ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ ৰুজু
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১০ আগষ্ট : উৎকট গৰমৰ সুযোগ গ্ৰহণ কৰি তেজপুৰ চহৰৰ ৮ গৰাকী অসাধু ব্যৱসায়ীয়ে নানাৰঙী শীতল পানীয় ফ্ৰিজিং কৰাৰ নামত গ্ৰাহকৰ পৰা অতিৰিক্ত দাম লোৱাৰ অভিযোগৰ ভিত্তিত অসম চৰকাৰৰ বৈধ্য পৰিমাণ বিজ্ঞান আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে, ব্যৱসায়ী সকলে কোনো ধৰণৰ সুযোগ গ্ৰহণ কৰি গ্ৰাহকৰ পৰা শীতল পানীয়ৰ লগতে পেকেটৰ যিকোনো সামগ্ৰীৰ পৰা অতিৰিক্ত দাম ল'ব নোৱাৰে তাৰ প্ৰতি সজাগতা আৰু সতৰ্কতা সৃষ্টিৰ বাবে কালি বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু তেজপুৰৰ উত্তৰ অসম বণিক সন্হাৰ সহযোগত এখন গুৰুত্বপূৰ্ণ…
জোনমণি কাণ্ডঃ পুনৰ লখিমপুৰত চি বি আইৰ দল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ আগষ্টঃ ৰাজ্য কঁপাই যোৱা জোনমণি কাণ্ডৰ তদন্ত চলাই থকা চি বি আইৰ এটা দল আজি পুনৰ লখিমপুৰৰ বঙালমৰাত উপস্থিত হয়৷ চি বি আইৰ সাতজনীয়া দলটোৱে বিহপুৰীয়া থানাৰ অন্তৰ্গত বঙালমৰাত উপস্থিত হৈ জোনমণি কাণ্ডৰ লগত সাঙোৰ খাই পৰা আজগৰ আলিক পুনৰ জেৰা কৰে৷ উল্লেখ্য যে আজগৰ আলিৰ মাতৃ আমিনা খাতুনে জোনমণি ৰাভাৰ বিৰুদ্ধে বঙালমৰা আৰক্ষী চকীত গোচৰ তৰিছিল৷ আমিনা খাতুনে তেওঁৰ পুত্ৰ আজগৰ আলিৰ পৰা ধন লৈ জোনমণি ৰাভাই এৰি দিয়া বুলি এজাহাৰ দাখিল কৰিছিল৷ উল্লেখনীয় কথা যে কেইমাহ মানৰ পূৰ্বে নকল সোণ-জাল নোটৰ গোচৰত আজগৰ আলিয়ে…
তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ নামফলক ব্যৱহাৰ কৰি ফেচবুকত চুতীয়া জনগোষ্ঠীক অপমান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ আগষ্ট : তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সূৰ্য চুতীয়াৰ নামফলক ব্যৱহাৰ কৰি Alia vs Papu Jokes নামৰ এক ফেচবুক পেজত যোৱা ৭ আগষ্টত আপলোড কৰা এটা প'ষ্টৰ জৰিয়তে চুতীয়া জনগোষ্ঠীক ইতিকিং কৰাৰ লগতে অধ্যক্ষগৰাকীৰ পদমৰ্যদা হানি কৰিবলৈ যত্ন কৰা কাৰ্যক কেন্দ্ৰ কৰি চুতীয়া জনগোষ্ঠীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি চুতীয়া জাতি সন্মিলন, চুতীয়া জাতি যুৱ সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে এক সংবাদমেল এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অসমৰ আদিম ভূমিপুত্ৰসকলৰ অন্যতম…
শুভাৰম্ভৰ পাছদিনাই প্ৰতিবাদ : পাম অইলৰ খেতিৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল আছু, অজাযুছাপ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ আগষ্ট : কেন্দ্ৰীয় চৰকাৰ, বাবা ৰামদেৱ আৰু পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰাৰ বাবে অসম চৰকাৰে ৰঙা দলিচা পাৰি হঠকাৰী সিদ্ধান্তৰে ৰাজ্যত পাম অইলৰ খেতি কৰিবলৈ লোৱা পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰিছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতি ৷ আজি পৃথকে পৃথকে প্ৰেৰণ কৰা বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বলিমৰা আৰু সাধাৰণ সম্পাদক সমৰ জ্যোতি গোহাঁইৰ উপৰি অজাযুছাপৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সোণমণি চলিহা আৰু সাধাৰণ সম্পাদক কাঞ্চন বৰাই পাম…
তেজপুৰৰ সবিতা দাসলৈ মধ্যপ্ৰদেশ সাহিত্য অকাডেমিৰ “অল ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী সন্মান”
শতাব্দ ষ্টফ ৰিপটাৰ তেজপুৰ, ৯ আগষ্ট : মধ্যপ্ৰদেশ সাহিত্য অকাদেমীয়ে আগবঢ়োৱা "অল ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী সন্মান" কবিতাৰ শিতানত এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ সবিতা দাস নামৰ এগৰাকী কবি তথা লেখিকাই। উল্লেখ্য যে যোৱা যোৱা ২৫ জুলাই মঙলবাৰে স্থানীয় ৰবীন্দ্ৰ ভৱনৰ অঞ্জনী প্ৰেক্ষাগৃহত মধ্যপ্ৰদেশ সাহিত্য অকাডেমী, ভোপালৰ উদ্যোগত বিগত বছৰবোৰৰ বাবে ঘোষণা কৰা বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। একাডেমীৰ সভাপতি ড০ বিকাশ ডেভে কয় যে যোৱা চাৰি বছৰৰ বাকী থকা বঁটাসমূহ এই কাৰ্যসূচীত প্ৰদান কৰা হৈছে। স্থানীয় আৰু সমগ্ৰ ভাৰতৰ লগতে…
