Browsing Category
অসম
মোদী হতাও দেশ বচাও শ্ল’গানৰে উত্তাল তেজপুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ আগষ্টঃ চিআইটিইউ আৰু শোণিতপুৰ জিলা কৃষক সভাৰ বিক্ষোভ প্ৰতিবাদত আজি উত্তাল হৈ পৰিল তেজপুৰ ৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক দলীয় নেতা কৰ্ম্মীয়ে তেজপুৰ হেম বৰুৱা ভৱনৰ সন্মুখত অৱস্হান কৰি মূল্যবৃদ্ধি ৰোধ কৰক , মোদী হতাও দেশ বচাও আদি বিভিন্ন শ্ল’গানৰে ধৰ্ণা দি ব্যপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰে ৷ ঔষধৰ কলা বজাৰ বন্ধ কৰক , শ্ৰম সংহিতা বাতিল কৰক আচঁনিভূক্ত কৰ্ম্মচাৰীক মাননিৰ সলনি মজুৰি দিয়ক , নিৰ্মাণ শ্ৰমিক কল্যান আইন ৰক্ষা কৰক , চাহ শ্ৰমিকৰ মজুৰি ৬৬১ টকালৈ বৃদ্ধি কৰক , এমজি…
ডুবাইত ভাৰতক প্ৰতিনিধিত্ব কৰা লখিমপুৰৰ বৰ্ষীয়ান মহিলা ক্ৰীড়াবিদ শশী খাউণ্ডৰ সাফল্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ আগষ্টঃ সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেচন আৰু ইণ্ডোশ্ৰী সংস্থাই ডুবাইত অনুষ্ঠিত কৰা এছ বি কে এফ অষ্টম আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৩ প্ৰতিযোগিতাত লখিমপুৰ নগৰৰ ৬৫ বছৰীয়া মহিলা খেলুৱৈ শশী খাউণ্ডে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি তিনিটাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়৷ যোৱা ১ আগষ্টৰ পৰা ৬ আগষ্টলৈ অনুষ্ঠিত হোৱা এই ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ হৈ সদৌ অসম মহিলা ক্ৰীড়া সংগঠনৰ সম্পাদিকা শশী খাউণ্ড সহ মুঠ ১২ জনে অসমৰ পৰা আৰু ভাৰতৰ হৈ মুঠ ২৩৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল৷ উল্লেখ্য যে উক্ত প্ৰতিযোগিতাত…
লখিমপুৰ নগৰত ৫ তোলা সোণ সহ চোৰ ধৃত
ঃ সোণাৰী দোকানত সোণ পৰীক্ষা কৰাৰ সময়তে ৰাইজৰ জালত পৰিল চোৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ আগষ্টঃ উত্তৰ লখিমপুৰ নগৰৰ বৰমুৰীয়া তিনিআলিত আজি দুপৰীয়া এটা চোৰে সোণাৰী দোকানত সোণৰ আ-অলংকাৰ পৰীক্ষা কৰিবলৈ অহা সময়তে উপস্থিত লোকে এটা চোৰক হাতে লুটে ধৰিবলৈ সক্ষম হয়৷ ধৃত চোৰটো হৈছে লখিমপুৰ খগা নিবাসী বিৰেণ নাথৰ পুত্ৰ তপনজ্যোতি নাথ৷ উল্লেখ্য যে আজি দুপৰীয়া উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডৰ বৰমূৰীয়া তিনিআলিত থকা এখন সোণাৰী দোকানত সোণৰ আ-অলংকাৰ পৰীক্ষা কৰিবলৈ অহাৰ সময়তে স্থানীয় লোকৰ সন্দেহ ওপজাত তপনজ্যোতি নাথ নামৰ চোৰটোক ৰাইজে কৰায়ত্ত…
কণক চন্দ্ৰ কলিতাক ‘কমলা শইকীয়া বটাঁ-শ্মশান বন্ধু উপাধি প্ৰদান’
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৯ আগষ্টঃ ১৯৯১ চনৰ ৯ আগষ্টত আততায়ীৰ গুলীত নিহত হোৱা ৰাজ্যৰ প্ৰথম গৰাকী ছহিদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথি তেজপুৰত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত আজি পুৱা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে ছহিদ সাংবাদিক গৰাকীৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে অৱসৰ প্ৰাপ্ত অধ্যাপক তথা তেজপুৰৰ পৰা প্ৰকাশিত সাপ্তাহিক গণকন্ঠ কাকতৰ মুখ্য সম্পাদক ড° প্ৰাণজিৎ হাজৰিকাই। ইয়াৰ পাছতে অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত অংশ…
ভট্টদেৱ বিশ্ববিদ্যালয়ত দীক্ষাৰাম্ভ
পাঠশালা ৯ আগষ্টঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ নৱাগত ছাত্ৰ ছাত্ৰী সকলৰ বাবে অনুষ্ঠিত কৰা সপ্তাহযোৰা দীক্ষাৰাম্ভ কাৰ্যসূচীৰ ৮ আগষ্ট তাৰিখে সফলতাৰে সমাপ্ত হয়। ২০২৩-২৪ শিক্ষা বৰ্ষৰ আৰম্ভণিৰ দিনাখন অৰ্থাৎ এক আগষ্ট তাৰিখে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে দীক্ষাৰাম্ভ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিছিল আৰু সেই সভাতেই বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক সুভাষ কুমাৰ দাসে বিশ্ববিদ্যালয়ৰ হৈ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক…
পাম অইলৰ খেতিয়ে অসমৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অশনি সংকেত !
গুৱাহাটী, ৯ আগষ্টঃ অসমৰ ১৮খন জিলাত পাম অইলৰ খেতি কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইণ্ডিয়ান কাউন্সিল অব এগ্ৰিকালচাৰেল ৰিচাৰ্ছ চমুকৈ আইচএআৰে এই খেতিত অনুমোদন জনাইছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমৰ জলবায়ুৰ লগত এই খেতিৰ কোনো সম্পৰ্ক নাই বুলি ৰাজ্যখনৰ একাংশ কৃষি বিশেষজ্ঞই মন্তব্য কৰিছে। ইয়াৰ কাৰণ হ’ল এজোপা পূৰ্ণবয়স্ক পাম অইল বা তৈল খেজুৰ গছে দৈনিক ২০০-৩০০ লিটাৰ পানী সংগ্ৰহ কৰে। ইয়াৰ ফলত ভূগৰ্ভৰ পানী কমি যোৱাৰ আশংকা আছে আৰু অসম ক্ৰমে মৰুভূমিলৈ ৰূপান্তৰ হোৱাৰ ভয়ানক ঘটনা ঘটিব পাৰে। ইতিমধ্যে পাইলট…
তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ : যোগান মন্ত্ৰীৰ পদত্যাগ দাবী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ আগষ্ট : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে আজি তিনিচুকীয়াতো ছাত্ৰ সন্থাই অনশন কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে আজি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই সাধাৰণ ৰাইজক কোঙা কৰি পেলোৱা সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুৱা ৬ বজাৰ পৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ১০ ঘণ্টাৰ বাবে ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত হাতেহাতে ’ৰঞ্জিত দাস মুৰ্দাবাদ, বিজেপি গ’…
তেজপুৰৰ ধৰ্ষণ কাণ্ডঃ অভিযুক্তক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮আগষ্টঃ যোৱা এমাহে এগৰাকী বিবাহিতা মহিলাক ধৰ্ষণৰ অভিযোগ সত্বেও গ্ৰেপ্তাৰৰ পৰা সাৰি থকা অভিযুক্ত ৰফিকুল হকৰ পুত্ৰ তথা ঠেলামৰাৰ দুইনম্বৰ উলুবাৰীৰ আৰিফুল হক(৩২)ক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷উল্লেখযোগ্য যে,ঠেলামৰা থানাত ৰুজু হোৱা ৯৯/২৩নম্বৰ গোচৰত আৰিফুলক বিহগুৰিৰ বিবাহিতা মহিলাগৰাকীক ধৰ্ষণৰ অভিযোগৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছত তেজপুৰৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে অভিযুক্তক দুদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰিছে৷উল্লেখযোগ্য যে,বিগত এমাহে মহিলাগৰাকীৰ অভিযোগৰ প্ৰতি ঠেলামৰা আৰক্ষীয়ে…
শোণিতপুৰৰ অতিৰিক্ত আয়ুক্তক ভাবুকিঃ গ্ৰেপ্তাৰ এজনক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮আগষ্টঃ শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাক ভাবুকি দি ৰঙাঘৰৰ ভাত খোৱাৰ বাট প্ৰশস্ত হ'ল ৰঙাপৰাৰ যুৱক সুধীৰ চক্ৰৱৰ্তীৰ৷ উল্লেখযোগ্য যে, ৰঙাপৰাৰ ছয়নম্বৰ ৱাৰ্ডৰ বাসিন্দা চক্ৰৱৰ্তীয়ে শনিবাৰে শোণিতপুৰৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাক হোৱাটাছএপত বিভিন্ন কথাৰে ভাবুকি প্ৰদান কৰিছিল৷ তাৰ পিছতে অতিৰিক্ত আয়ুক্ত বৰাই তেজপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত যোৱা নিশা তেজপুৰ আৰক্ষীয়ে চক্ৰৱৰ্তীক ৰঙাপৰাৰ পৰা গ্ৰেপ্তাৰ কৰে৷পাছত আটকাধীন লোকজনে সুৰাৰ ৰাগীতে প্ৰশাসনীয় বিষয়াজনক এনেদৰে ভাবুকি দিয়াৰ কথা সদৰি…
তেজপুৰত স্বাধীনতা সংগ্ৰামী, জননেতা ছবিলাল উপাধ্যায় স্মাৰক সমন্বয় বক্তৃতানুষ্ঠান সম্পন্ন
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৮ আগষ্ট : বিশ্বায়নে সমগ্ৰ পৃথিৱীতে ভাষিক সমন্বয় সাধন কৰিছে যদিও পৃথিৱীৰ পৰা বছৰে বছৰে বহু জাতিৰ ভাষাৰ আকৌ বিলুপ্তি ঘটিছে। বিশ্বায়নে আমাৰ পৃথিৱীখনক গাঁৱলৈ ৰূপান্তৰিত কৰিছে থিকেই কিন্তু এই বিশ্বায়নে সৃষ্টি কৰা ভাষিক সমন্বয়ে আকৌ প্ৰত্যেক জাতি - জনগোষ্ঠীৰে থলুৱা ভাষা - সংস্কৃতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে বুলি আজি বিয়লি তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত মন্তব্য কৰে ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ ডালিমা কাকতিয়ে। উল্লেখ্য যে, বিগত বছৰৰ…
