Browsing Category
অসম
পৰেশ বৰুৱাক ৭ দিনৰ বাবে আলহী খাবলৈ মাতিলে মুখ্যমন্ত্ৰীয়ে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ আগষ্ট : আলফাৰ (স্বাঃ) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক দিনচেৰেকৰ বাবে অসমলৈ আলহী খাবলৈ মাতিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ হয়, শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া সত্য ৷ আলফা (স্বাঃ) আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ মাজত চলা ’এনকাউণ্টাৰ’ সংক্ৰান্তীয় বাকযুদ্ধ, আৰক্ষীৰ আলফা বিৰোধী অভিযান, বিষ্ফোৰক উদ্ধাৰ, আৰক্ষীৰ গুলীত আলফাৰ লিংকমেন আহত আদি ঘটনা- পৰিঘটনাৰ মাজতে আজি খোদ মুখ্যমন্ত্ৰীয়ে দিছে পৰেশ বৰুৱাক অসমলৈ ৭/১০ দিনৰ বাবে অতিথি হৈ অহাৰ এই নিমন্ত্ৰণ ৷ ’ৰাষ্ট্ৰীয় ভোজ্য তেল - তৈল খেজুৰ অভিযান’ৰ…
অৰ্ধ উলংগ প্ৰতিবাদ ( ফটো সংবাদ)
সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু ) শিৱসাগৰ জিলা সমিতি আৰু মহকুমা সমিতিৰ উদ্যোগত টাই আহোমক শীঘ্ৰে জনজাতি কৰণৰ দাবীত অৰ্ধ উলংগ প্ৰতিবাদ কৰি শিৱসাগৰ উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচীৰ দৃশ্য।
ধলাইবিলত বিজেপি পঞ্চায়ত সদস্যৰ আক্ৰমণত আহত যুৱক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭আগষ্টঃ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টি অন্তৰ্গত ধলাইবিলৰ চামধৰা গাঁও নিবাসী দিব্যজ্যোতি নাথ নামৰ এজন যুৱকক যোৱা নিশা এটা প্ৰায় ১৫জনীয়া দলে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে৷ বৰ্তমান তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যুৱকজনে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় চাৰে সাত বজাত তেওঁক সমীপৰ পথত এখন নম্বৰপ্লেটবিহীন ট্ৰেক্টৰৰে আগচি ধৰি দলটোৱে আক্ৰমণ চলায়৷এই আক্ৰমণ পবিত্ৰ শইকীয়া আৰু তেওঁৰ ভিনিহিয়েক তথা পঞ্চায়ত সদস্য গনেশ হালৈৰ নেতৃত্বত তেওঁলোকৰ অঙহী বঙহীয়ে চলোৱাৰ অভিযোগ তুলি আহত নাথে কয়…
শাওনমহীয়া সোমবাৰ…( ফটো সংবাদ)
শাওনমহীয়া সোমবাৰ। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত অগণন ভক্তৰ সমাবেশ
ভট্টদেৱ বিশ্ববিদ্যালয়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত “জি ২০ত ভাৰতৰ অধ্যক্ষতা”-শীৰ্ষক আলোচনা সত্ৰ-কুইজ প্ৰতিযোগিতা
পাঠশালা ৭ আগষ্টঃ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগত আজি "জি ২০ত ভাৰতৰ অধ্যক্ষতা " শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয় । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে আজিৰ এই আলোচনা সত্ৰখন শুভ উদ্বোধন কৰে। সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ৰুনিমা শৰ্মা আৰু ছাত্ৰ - ছাত্ৰীৰ সহযোগত মঙ্গলাচাৰণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড ° অৰিন্দম তালুকদাৰে আদৰণি ভাষণ প্ৰদান কৰে । গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° বিনীতা বৰা দেৱ চৌধুৰীয়ে অধ্যক্ষতা…
যোগানমন্ত্ৰীৰ পদত্যাগৰ দাবীত যুৱ পৰিষদৰ প্ৰতিবাদত উত্তাল লখিমপুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ আগষ্টঃ ৰাজ্যত খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন বয় বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি অহাৰ সময়তে আজি লখিমপুৰত মূল্যবৃদ্ধি ৰোধৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত তথা ড॰ বি. আৰ. আম্বেদকাৰ প্ৰতিমূৰ্তিৰ সমীপত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ অৰ্ধ শতাধিক সদস্যই অংশগ্ৰহণ কৰি যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰাৰ লগতে মন্ত্ৰীজনৰ পদত্যগ দাবী কৰে৷ সভাপতি মনোজ কলিতা, সাধাৰণ সম্পাদক প্ৰবীণ হাজঙৰ…
৮৮ বছৰ বয়সতো সৃষ্টিশীলতাৰ উন্মেষ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ আগষ্ট : তেজপুৰৰ সামাজিক - সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান সমূহৰ পিতামহ স্বৰূপ, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে ৮৮ বছৰ বয়সতো সাহিত্য চৰ্চা অব্যাহত ৰাখি অহাৰ পিছত আজি বিয়লি তেজপুৰৰ সামাজিক অনুষ্ঠান তৰুণ অসম সংঘত উন্মোচন কৰে এখন অনুবাদ উপন্যাস গ্ৰন্থ। উল্লেখ্য যে তৰুণ অসম সংঘৰ উপদেষ্টাৰ দায়িত্বত থকা প্ৰবীণ শিক্ষাবিদ গৰাকীৰ "চফৰ" শীৰ্ষক বঙালী প্ৰসিদ্ধ লেখক জৰাসন্ধৰ "পাড়ি" ৰ পৰা অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে তৰুণ অসম সংঘৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ…
ফেচবুক চালেই গম পায়- মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা হ্ৰাস পাইছ-লুৰীণজ্যোতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৬আগষ্টঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস পাইছে৷ ফেচবুক চালেই গম পোৱা যায় তেওঁৰ জনপ্ৰিয়তা কিমান ! এহেজাৰ লাইক পাবলৈ এতিয়া হাহাঁকাৰ কৰে মুখ্যমন্ত্ৰীয়ে৷ ফেচবুকত জনপ্ৰিয়তাৰ গ্ৰাফ নিম্নগামী হৈছে৷” মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা সন্দৰ্ভত তেজপুৰত আজি এনেদৰে মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷যোৱাটো নিৰ্বাচনত বিজেপিৰ উন্নত ফলাফল মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাৰ বাবে নহয়, বৰঞ্চ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেতিয়া পৰিৱৰ্তনৰ দোহাই দি জাতি-মাটি-ভেটি সুৰক্ষিত কৰাৰ কথাৰে…
ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
গুৱাহাটী, ৫ আগষ্ট : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৫ আগষ্ট তাৰিখে পুৱা ৮.১৫ বজাত ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । সজাগতা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । ড° বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকত শাখা তথা বিষয়বোৰ…
দৰংমহাবিদ্যালয়ৰ প্ৰকাশন পৰিষদৰ দ্বাৰা গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ আগষ্ট : উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ত আজি অনুষ্ঠিত এক বিশেষ গ্ৰন্থ উন্মোচনী সভাত মহাবিদ্যালয়খনৰ প্ৰকাশন পৰিষদৰ "Recent Advanes in Biological Science: Diversity and Human Welfare" নামৰ প্ৰথমখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বীৰেণ দাসে ।উল্লেখ্য যে এই গুৰুত্বপূৰ্ণ গ্ৰন্থখন সম্পাদনা কৰে দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড০ চিত্তৰঞ্জন বৰুৱা আৰু ড০ ৰবীন্দ্ৰ হাজৰিকাই।গ্ৰন্থখন ISBN নম্বৰ সহিতে প্ৰকাশ কৰাত সহযোগিতা…
