Browsing Category

অসম

তিনিচুকীয়াত লোক কল্যাণ দিৱস উদযাপন : ৪ কৰ্মচাৰীলৈ লোকসেৱা বঁটা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ আগষ্ট : অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক পূণ্যতিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাতো আজি জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস পালন কৰা হয় ৷ তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত কনভেনচন চেণ্টাৰত উদযাপন কৰা লোক কল্যাণ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ উদ্দেশ্য ব্যাখ্যা তথা আদৰণি ভাষণ আগবঢ়াই অতিৰিক্ত জিলা আয়ুক্ত সোনতৃষ্ণা ঘৰফলীয়াই ৷ আজিৰ কাৰ্যসূচীতে তিনিচুকীয়া…

নটসূৰ্যৰ প্ৰতি চৰকাৰী অৱহেলা ! তেজপুৰত প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫আগষ্টঃ ৰাজ্য চৰকাৰৰ দ্বাৰা এইবাৰ ৩১জুলাইৰ নটসূৰ্য দিৱস অবজ্ঞা কৰা হ'ল নেকি! সম্প্ৰতি তেজপুৰত বিভিন্ন মহলত এই প্ৰসংগতো চৰ্চিত হৈছে৷ কাৰণ এইবাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক পুৰোধা গৰাকীৰ স্মৃতি দিৱসৰ দিনটোত কোনো কাৰ্যসূচী পালন নকৰাৰ লগতে সাংস্কৃতিক সঞ্চলকালয়েও এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে৷আনকি নটসূৰ্য ফণী শৰ্মাৰ স্মৃতিত জনসংযোগ বিভাগৰ জৰিয়তে ৰাজ্য চৰকাৰে ক্ষণজন্মা শিল্পীগৰাকীৰ স্মৃতিত সঁচৰাচৰ কৰি অহাৰ দৰে শ্ৰদ্ধাঞ্জলি জনোৱা এটা বিজ্ঞাপনো প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল৷তেজপুৰত বেচৰকাৰী ভাবে…

কুসুম কুমাৰ মহন্ত,তাৰানাথ মহন্ত আৰু জীতেন প্ৰধানীৰ বিৰুদ্ধে শোণিতপুৰ,লখিমপুৰ,গোলাঘাট,বোকাখাত,গোৱালপাৰাকে ধৰি দহখন জিলাত থানাত গোচৰ তৰিলে সদৌ…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৫ আগষ্টঃ ৰাজ্যৰ ১২শ খন সত্ৰ আৰু চাৰি হেজাৰ নামঘৰৰ উমৈহতীয়া সংগঠন "সদৌ অসম সত্ৰ মহাসভা"ৰ সভাপতি তথা মাজুলীৰ শ্ৰীশ্ৰী গড়মূৰ সৰুসত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী,"সদৌ অসম সত্ৰ মহাসভা"ৰ প্ৰধান সম্পাদক তথা নগাঁও জিলাৰ শ্ৰীশ্ৰীজগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীৰ বিৰুদ্ধে আৰু "সদৌ অসম সত্ৰ মহাসভা"ৰ বিৰুদ্ধে কেতবোৰ মনেসজা,কাল্পনিক কথাৰে,কটু মন্তব্যৰে, অসামাজিক বাক্য প্ৰয়োগ কৰি অপপ্ৰচাৰ চলাই "সদৌ অসম সত্ৰ মহাসভা"ৰ সভাপতি, প্ৰধান সম্পাদকৰ লগতে "সদৌ অসম সত্ৰ মহাসভা"ক জনমানসত হেয় প্ৰতিপন্ন কৰিব…

শোণিতপুৰৰ সোণাইৰূপাই আৰু চাৰিদুৱাৰ বনাঞ্চলৰ ভূমি বেদখলকাৰীক আৱণ্টনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব আৰটিআই কৰ্মীয়ে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪ আগষ্ট: শোণিতপুৰৰ সোণাই ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি একাংশ বেদখলকাৰীক বন আইন ভংগ কৰি চৰকাৰী ভাবে আৱণ্টন দিয়া কাৰ্যৰ বিৰুদ্ধে আৰটিআই কৰ্মী দিলীপ নাথে দেশৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব৷ আগষ্টৰ ভিতৰতে বনধ্বংসৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি বনধ্বংসৰ এনে ঘটনা একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত এনে কাৰ্য কৰা হোৱা বুলি অভিযোগ কৰি আজি তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত আয়োজিত এক সংবাদমেলত নাথে কয় যে,যি সময়ত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যকে ধৰি বিভিন্ন চৰচাপৰিত…

আহি আছে বিদ্যুত কটকীৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘মই এটি নিশাচৰ’

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ আগষ্টঃ অসমীয়া চলচ্চিত্ৰ জগতত সংযোজন হ'ব এখন নতুন চলচ্চিত্ৰ 'মই এটি নিশাচৰ'। মঙলবাৰে উত্তৰ গুৱাহাটীৰ শিলসাঁকোত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা বিদ্যুত কটকীৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘মই এটি নিশাচৰ’ৰ শুভ মহুৰত সফলতাৰে সম্পন্ন হয় আৰু চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হয়। অসমীয়া চলচ্চিত্ৰ তথা নাট্য জগতৰ প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়াই নাৰিকল ভাঙি আৰু দক্ষিণৰ বিশিষ্ট চিনেমেট’গ্ৰাফাৰ মধু আম্বাটে কেমেৰা ৰ’ল কৰি চলচ্চিত্ৰখনৰ শুভ মহুৰত কৰে। অনুষ্ঠানটোত চলচ্চিত্ৰখনৰ সমূহ কলা-কুশলীৰ লগতে…

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এন এফ ৰে’লৱেত বিনিয়োগ কৰা হ’ব ৫,১০০ কোটি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ আগষ্ট : অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিকীকৰণৰ বাবে নিৰ্বাচিত দেশৰ সৰ্বমুঠ ১৩০৯ টা ৰে’লৱে ষ্টেচনৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫০৮ টা ষ্টেচনৰ আধুনিকীকৰণৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৬ আগষ্টৰ পুৱা স্থাপন কৰিব ৷ উত্তৰ পূব সীমান্ত ৰে’লৱেত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত মুঠ ৫,১০০ কোটি টকা বিনিয়োগ কৰা হ’ব ৷ উত্তৰপূৰ্বাঞ্চলৰ ৫৬ টা ষ্টেচন এই আঁচনিৰ অধীনত উন্নীত কৰা হ’ব ৷ ইয়াৰে ৫০ টা অসমৰ ৷ ইয়াৰ ভিতৰত ৩২ টা ষ্টেচনৰ আধুনিকীকৰণৰ আধাৰশিলা উক্ত দিনা স্থাপন কৰা হ’ব ৷…

কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা মুকলি হল অধ্যাপক ড॰ হেমন্ত শৰ্মা

কাৰাগাৰ সন্মুখতে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপকজনক আদৰণি- চৰণ চুই সেৱা প্ৰাক্তন শিক্ষাৰ্থীৰশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ আগষ্টঃ এইখন মূৰ্ত কাৰাগাৰ, আমি দেখি থকা কাৰাগাৰ, বহু মানুহেই পৃথিৱীৰ বেলেগ বেলেগ কাৰাগাৰত বন্দী হৈ আছে। কোনাবা বন্দী হৈছে ক্ষমতাৰ কাৰাগাৰত, কোনোবা বন্দী হৈছে অহংকাৰৰ কাৰাগাৰত, কোনোবাই আত্মতুষ্টিৰ কাৰগাৰত বন্দী হৈ আছে, কোনোবাই স্বজন-তোষণৰ কাৰাগাৰত বন্দী হৈ আছে।-- এই ভাষ্য ড° হেমন্ত শৰ্মাৰ।  আজি কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহি এইদৰে মনৰ ভাব ব্যক্ত কৰে নৰ্থ লখিমপুৰ…

অসম মণিপুৰৰ দৰে হ’বলৈ কেতপৰঃ তেজপুৰত কংগ্ৰেছৰ সংবাদমেলঃ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩আগষ্টঃ দৰং জিলাৰ মহর্ষি বিদ্যা মন্দিৰত বজৰং দলে যোগ প্ৰশিক্ষণৰ নামত মুকলিকৈ অস্ত্র প্রশিক্ষণ দিয়া কাৰ্য আইন বিৰোধীয়েই নহয়, এনে কাৰ্য ভৱিষ্যতে এক সংঘৰ্ষ হোৱাৰ ইংগিত বহন কৰিছে।তেজপুৰত আজি এক সংবাদমেলত এইদৰে উক্ত ঘটনা সন্দৰ্ভত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই৷তেওঁ কয় যে, কংগ্ৰেছ দল সমগ্র বিষয়টোত যথেষ্ট চিন্তিত আৰু উদ্বিগ্ন। বহুল প্ৰচাৰিত এই বিষয়ত এতিয়ালৈকে বিজেপি দলৰ চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই তাৰ বিপৰীতে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে ৰখা…

বীৰ লাচিত সেনা-লাচিত সেনাৰ তীব্ৰ সংঘাত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩ আগষ্টঃ ৰাজ্যৰ অন্যতম দুই জাতীয় সংগঠন বীৰ লাচিত সেনা অসম আৰু লাচিত সেনাৰ মাজত চলি থকা যুঁজখনে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে অনুষ্ঠিত কৰা এখন সংবাদমেলে এই কথা স্পষ্ট কৰে৷ কেইদিনমানৰ পূৰ্বে বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিয়ে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি লাচিত সেনাৰ সদস্যৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰাৰ লগতে কেবাজন নেতাক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ কৰা বুলি সদৰি কৰিছিল৷ ইয়াৰ পিছতে আজি লাচিত সেনাৰ…