Browsing Category

অসম

কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা মুকলি হল অধ্যাপক ড॰ হেমন্ত শৰ্মা

কাৰাগাৰ সন্মুখতে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপকজনক আদৰণি- চৰণ চুই সেৱা প্ৰাক্তন শিক্ষাৰ্থীৰশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ আগষ্টঃ এইখন মূৰ্ত কাৰাগাৰ, আমি দেখি থকা কাৰাগাৰ, বহু মানুহেই পৃথিৱীৰ বেলেগ বেলেগ কাৰাগাৰত বন্দী হৈ আছে। কোনাবা বন্দী হৈছে ক্ষমতাৰ কাৰাগাৰত, কোনোবা বন্দী হৈছে অহংকাৰৰ কাৰাগাৰত, কোনোবাই আত্মতুষ্টিৰ কাৰগাৰত বন্দী হৈ আছে, কোনোবাই স্বজন-তোষণৰ কাৰাগাৰত বন্দী হৈ আছে।-- এই ভাষ্য ড° হেমন্ত শৰ্মাৰ।  আজি কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহি এইদৰে মনৰ ভাব ব্যক্ত কৰে নৰ্থ লখিমপুৰ…

অসম মণিপুৰৰ দৰে হ’বলৈ কেতপৰঃ তেজপুৰত কংগ্ৰেছৰ সংবাদমেলঃ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩আগষ্টঃ দৰং জিলাৰ মহর্ষি বিদ্যা মন্দিৰত বজৰং দলে যোগ প্ৰশিক্ষণৰ নামত মুকলিকৈ অস্ত্র প্রশিক্ষণ দিয়া কাৰ্য আইন বিৰোধীয়েই নহয়, এনে কাৰ্য ভৱিষ্যতে এক সংঘৰ্ষ হোৱাৰ ইংগিত বহন কৰিছে।তেজপুৰত আজি এক সংবাদমেলত এইদৰে উক্ত ঘটনা সন্দৰ্ভত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই৷তেওঁ কয় যে, কংগ্ৰেছ দল সমগ্র বিষয়টোত যথেষ্ট চিন্তিত আৰু উদ্বিগ্ন। বহুল প্ৰচাৰিত এই বিষয়ত এতিয়ালৈকে বিজেপি দলৰ চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই তাৰ বিপৰীতে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে ৰখা…

বীৰ লাচিত সেনা-লাচিত সেনাৰ তীব্ৰ সংঘাত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩ আগষ্টঃ ৰাজ্যৰ অন্যতম দুই জাতীয় সংগঠন বীৰ লাচিত সেনা অসম আৰু লাচিত সেনাৰ মাজত চলি থকা যুঁজখনে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে অনুষ্ঠিত কৰা এখন সংবাদমেলে এই কথা স্পষ্ট কৰে৷ কেইদিনমানৰ পূৰ্বে বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিয়ে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি লাচিত সেনাৰ সদস্যৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰাৰ লগতে কেবাজন নেতাক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ কৰা বুলি সদৰি কৰিছিল৷ ইয়াৰ পিছতে আজি লাচিত সেনাৰ…

পুৰাণ প্ৰসিদ্ধ শোণিতপুৰৰ জিলা দিৱস বণাৰ্ঢ্য কাৰ্যসূচীৰে উদযাপন

পুন:নিৰ্মিত আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান উদ্ঘাটন তেজপুৰৰ চিত্ৰশিল্পীৰ লাইভ কেনভাচত উদ্ভাসিত হ'ল শোণিতপুৰৰ ইতিহাস আৰু নান্দনিকতা চাইকেল ৰেলী, যোগ শিবিৰত কেবাশ লোকৰ অংশ গ্ৰহণ শোণিতপুৰৰ ইতিহাস সন্দৰ্ভত বিশিষ্ট ইতিহাসবিদ ড° ৰাজেন শইকীয়াৰ দ্বাৰা বিশেষ বক্তৃতা শোণিতপুৰক ঐতিহ্যই মহীয়ান কৰি তুলিছে - পীযুষ হাজৰিকাশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৩ আগষ্ট : বৰ্তমান সময়ত চৰকাৰে প্ৰত্যেক জিলাৰ ঐতিহ্যক উদ্ভাসিত কৰি আগন্তুক সময়ত জিলাসমূহৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি "জিলা দিৱস" উদযাপনৰ সিদ্ধান্ত গ্ৰহণ…

থাইলেণ্ডত নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ লখিমপুৰৰ ‘নৃত্যবন’ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩ আগষ্টঃ নর্থ ইষ্ট আশীৰ্বাদ ফাউণ্ডেশ্যনৰ তত্বাৱধানত নৃত্যবনৰ পৰিচালিকা মায়ুৰী দত্তৰ সহযোগত লক্ষীমপুৰৰ অগ্ৰণী নৃত্যানুস্থান ''নৃত্যবন''ৰ এটি দলে সুদূৰ থাইলেণ্ডৰ মহাচাৰখম ইউনিভাৰ্চিটি আৰু কালাচীন কলেজ অৱ ড্ৰামাটিক আৰ্টছত নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। আন্তৰ্জাতিক খ্যাতি সম্পন্ন শিল্পী জীনা ৰাজকুমাৰীৰ তত্বাৱধানত অসমৰ পৰা ৩০ জনীয়া এটি শিল্পীৰ দল ২৩ জুলাইত গুৱাহাটীৰ পৰা থাইলেণ্ড অভিমুখে ৰাওনা হয়। এই আন্তৰ্জাতিক বিনিময় কাৰ্য্যসূচী সমূহত অন্যান্য শিল্পী সকলৰ লগতে নৃত্যবনৰ পৰিচালিকা…

তেজপুৰত এজাক শিশুৰ জৰিয়তে উদ্ভাসিত হ’ল ইতিহাসপ্ৰীতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ আগষ্ট : ঐতিহ্য প্ৰীতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ অতি আশাব্যঞ্জক ভাৱে কালি নিশা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত তেজপুৰৰ বিভিন্ন প্ৰান্তৰ তিনিকুৰিতকৈ অধিক শিশুৱে অসমৰ শৰাইঘাটৰ ৰণকে ধৰি জাতি সুৰক্ষাৰ সৰু - বৰ যুঁজত প্ৰাণ আহুতি দিয়া অলেখ বীৰৰ ত্যাগ - গাঁথাক সহস্ৰাধিক দৰ্শকৰ সন্মুখত পুনৰ সাৱলীল ৰূপত উদ্ভাসিত কৰি তুলিলে। উল্লেখ্য যে, বাণ থিয়েটাৰৰ উদ্যোগত যোৱা ১ জুলাইৰ পৰা পূৰ্বৰ দৰে মাহজোৰাকৈ অনুষ্ঠিত গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ শিক্ষাৰ্থী সকলে নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ কালি প্ৰথমখন…

হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ সপক্ষত ন্যায়ালয়ৰ ৰায়দান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লক্ষীমপুৰ, ২ আগষ্ট : উত্তৰ লক্ষীমপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ(সদৰ)আদালতে আজি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ দাসৰ সপক্ষত কৰা এক ৰায়দানক সংগঠনটোৱে আদৰণি জনাইছে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ লক্ষীমপুৰ জিলা সমিতিৰ সভাপতি যুগ্মজ্যোতি দত্ত আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ঘনকান্ত বৰাই কয় যে, ২০২০ চনত লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ চৌহদত সংঘটিত এটি অবাঞ্চিত ঘটনাক কেন্দ্ৰ কৰি মিছা অভিযোগত পৰিষদৰ তদানীন্তন লক্ষীমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা…

তিনিচুকীয়াত ২৫ লাখ টকাৰ হেৰ’ইন জব্দ : দুই মহিলাসহ ধৃত ৩

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ আগষ্ট : তিনিচুকীয়া আৰক্ষীয়ে আজি চহৰখনৰ দহোটীয়াচুক অঞ্চলত অভিযান চলাই জনৈক প্ৰদীপ দত্ত নামৰ লোকজনৰ ভাড়াঘৰৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ ৩ জন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) মইদুল ইছলামৰ নেতৃত্বত তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ সহযোগত আৰক্ষীয়ে এই ড্ৰাগছ বিৰোধী অভিযান চলাইছিল ৷ অভিযানকালত আৰক্ষীয়ে ৰজনী লাইটং পাম আৰু গাংগা চিংকু নামৰ দুগৰাকী মহিলাৰ লগতে বিকি সিনহা নামৰ এজন যুৱকক কৰায়ত্ত কৰে ৷…

৭ আগষ্টৰ পৰা শিশু-মহিলাৰ ৭ টাকৈ বিপজ্জনক ৰোগৰ টীকাকৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ লখিমপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত সুমিত সত্তাৱানৰ সভাপতিত্বত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ (আই এম আই) ৫.০ ৰ সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয় । সংবাদমেলত তেখেতে জনায় যে মিছন ইন্দ্ৰধনুষ ৫.০ ৰ অধীনত তিনিটা ৰাউণ্ডত টিকাকৰণ কৰা হব। প্ৰথম ৰাউণ্ড ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈ,দ্বিতীয় ৰাউণ্ড ১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ। তৃতীয় ৰাউণ্ড ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ অনুষ্ঠিত হব। এই মিছন ইন্দ্ৰধনুষ ৫.০ ত ৭ টাকৈ বিপজ্জনক ৰোগ যেনে পলিঅ'মাইলাইটিছ, হেপাটাইটিছ বি, ডিপথেৰিয়া, সৰু আই, টিটেনাছ,…