Browsing Category
অসম
তিনিচুকীয়াত যুৱতীক বলাৎকাৰৰ অপচেষ্টা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ জুলাই : আজি পুৱতি নিশা প্ৰায় ৩ : ৩০ বজাত তিনিচুকীয়াৰ পৰ্বতীয়া অঞ্চলত থকা ভাড়াঘৰত এগৰাকী যুৱতীক বলাৎকাৰৰ অপচেষ্টা চলোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে তিনিচুকীয়াৰ এখন চৰকাৰী শিক্ষানুষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যুৱতীগৰাকীয়ে প্ৰায় এমাহমানৰ পৰা শিক্ষা গ্ৰহণ কৰি থকা ভগ্নীৰ সৈতে ভাড়াঘৰত থাকিবলৈ লৈছিল ৷ শিক্ষানুষ্ঠান বন্ধ থকাৰ বাবে ভনীয়েক নিজ ঘৰলৈ যোৱাত ভাড়াঘৰত অকলশৰে আছিল যুৱতীগৰাকী ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে নিশা যুৱতীগৰাকী থকা ভাড়াঘৰটোৰ দুৱাৰ কৌশলেৰে খুলি…
তেজপুৰত কিশোৰীক অন্তঃসত্বা কৰাৰ অভিযোগত ব্যৱসায়ীক আটক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জুলাইঃ তেজপুৰৰ জাহাজঘাট নিবাসী তথা অঞ্চলটোৰ এক প্ৰতিপত্তিশীল ব্যৱসায়ী সুৰেশ ৰয়ৰ বিৰুদ্ধে এগৰাকী নাবালিকাৰ স’তে অবৈধ সম্পৰ্ক স্হাপনৰে অন্তসত্বা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ আজি বিয়লি প্ৰায় ৬০বছৰীয়া ব্যৱসায়ীজনক আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে৷এই সন্দৰ্ভত উত্থাপিত অভিযোগ অনুসৰি ৰায়ে অঞ্চলটোৰে এটা দৰিদ্ৰ পৰিয়ালৰ কিশোৰী গৰাকীক বিভিন্ন কামৰ অজুহাতত নিজ ঘৰলৈ মাতে আৰু ১৫বছৰীয়া কিশোৰী গৰাকীক মাজে মাজে নিশা নিজৰ ঘৰতো ৰাখিছিল৷ইয়াৰ পৰিণতিতে কিশোৰী গৰাকী প্ৰায় পাঁচ মাহ পূৰ্বে গৰ্ভৱতী হয়৷এই বিষয়ে কালি…
তেজপুৰৰ ঐতিহ্যমণ্ডিত ঔগুৰি পাহাৰৰ মাটি ব্যক্তিগত প্ৰতিষ্ঠানক হস্তান্তৰৰ চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ২৩ টা সংগঠন আৰু বিশিষ্ট নাগৰকিৰ…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ ২৮ জুলাইঃ তেজপুৰৰ ১৪ টা জাতীয়, সামাজিক, সাংস্কৃতিক সংগঠনৰ উদ্যোগত যোৱা ২১ জুলাইত অনুষ্ঠিত হোৱা ‘নাগৰিক সভা’ৰ সিদ্ধান্ত মৰ্মে আজি তেজপুৰৰ বিশিষ্ট নাগৰিক আৰু ২৩ টা দল-সংগঠনৰ প্ৰতিনিধিয়ে ঔগুৰি পাহাৰৰ মাটি ব্যক্তিগত প্ৰতিষ্ঠানলৈ হস্তান্তৰৰ বিৰোধিতা কৰি শোণিতপুৰৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এই চৰকাৰী সিদ্ধান্ত শীঘ্ৰেই ৰদ কৰাৰ দাবী জনাই এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ পাঁচদফীয়া দাবী চনদৰে প্ৰস্তুত কৰা এই স্মাৰকপত্ৰত কোৱা হৈছে যে- তেজপুৰৰ ঔগুৰি পাহাৰ আমাৰ জাতীয় সম্পদ হোৱাৰ উপৰিও তেজপুৰৰ আবেগ আৰু…
শিল্পী দ্বিজেন গগৈক ‘সৌৰভপ্ৰাণ’ শিৱসাগৰ বঁটা প্ৰদান
শিৱসাগৰত সদৌ অসম শিশুনাট সমাৰোহত ২০২৩ লোক বাদ্য শিল্পী দ্বিজেন গগৈক 'সৌৰভপ্ৰাণ' শিৱসাগৰ বঁটা প্ৰদানৰ দৃশ্য...
গোলাঘাট কাণ্ডৰ নাজিবুৰক ফাঁচীৰ দাবী জনাই ৰাজ্যত ‘লাভ জেহাদ’ প্ৰতিৰোধী কঠোৰ আইন প্ৰণয়নৰ আহ্বান হিন্দু যুৱ-ছাত্ৰৰ
লক্ষীমপুৰ, ২৭জুলাই : গোলাঘাট নগৰত যোৱা ২৪ তাৰিখে সংঘটিত নাৰকীয় তিনি হত্যাকাণ্ডৰ মূল অভিযুক্ত নাজিবুৰক ফাঁচীৰ দাবী জনাই ৰাজ্যত 'লাভ জেহাদ' প্ৰতিৰোধী এখন কঠোৰ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে ৰাজ্যত চৰকাৰে যেতিয়ালৈ 'লাভ জেহাদ' প্ৰতিৰোধী আইন প্ৰণয়ন নকৰিব তেতিয়ালৈ গোলাঘাটত সংঘটিত হোৱা ঘটনাতকৈও অধিক ভয়াৱহ নৃশংস ঘটনা সংঘটিত হৈয়েই থাকিব। নাৰী হিন্দু সমাজৰ একোটা পৰিয়ালৰ সন্মানৰ প্ৰতীক।…
লখিমপুৰত বাইকৰ খুন্দাত চাইকেল আৰোহী নিহত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰৰ, ২৭ জুলাইঃ আজি বিয়লি প্ৰায় ২.৩০ বজাত লখিমপুৰ নগৰৰ পাশ্বৰ্ৱতী কৈয়লামাৰী দুৰ্গা মন্দিৰৰ সমীপত এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত নিৰ্মল চুৰিণ নামৰ এজন লোকৰ থিতাতে নিহত হয়৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি জহিং আৰক্ষীচকীৰ অন্তৰ্গত কৈয়লামাৰীৰ দুৰ্গা মন্দিৰৰ সমীপত নিৰ্মল চুৰিণ নামৰ চাইকেল আৰোহীজনক এজন বাইক আৰোহীয়ে প্ৰচন্দ জোৰত খুন্দা মৰাৰ ফলত চাইকেল আৰোহীজন বহু দূৰত চিটিকি পৰে আৰু তেওঁৰ ঘটনাস্থলীতে মৃত্যু ঘটে৷ নিৰ্মল চুৰিণ নামৰ শ্ৰমিকজনে বাগানত কাম কৰি ঘৰমুৱা হোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়৷…
লখিমপুৰ সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পত ৩৩ কোটি টকাৰ সামগ্ৰী যোগানত নিম্নমানৰ সামগ্ৰী যোগান দুই ঠিকাদাৰী প্ৰতিষ্ঠানৰ
শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ,২৭ জুলাইঃ লখিমপুৰৰ সমন্বিত জন-জাতি উন্নয়ন প্ৰকল্পৰ অধীনত প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ত জনজাতীয় লোকসকলক বিভিন্ন সামগ্ৰী যোগানৰ নামত এতিয়া ৩৩ কোটি টকাৰ নিম্নমানৰ সামগ্ৰী যোগানৰ অভিযোগ উত্থাপিত হৈছে৷ গুৱাহাটীৰ দুই ঠিকাদাৰী প্ৰতিষ্ঠান ট্ৰেড চাপ্লাই ইণ্ডিয়া আৰু জে. কে. ইঞ্জিনীয়াৰিং এণ্ড এগ্ৰ চাৰ্ভিচে এনে সামগ্ৰী যোগান ধৰাৰ তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটী ছয় মাইলৰ ভি. আই. পি. ৰোডত থকা জে. কে. ইঞ্জিনীয়াৰিং আৰু গুৱাহাটী বেটকুচিৰ ছাহি পথ আহোম গাঁৱত থকা ট্ৰেড চাপ্লাই ইণ্ডিয়াই ২০২২-২৩ বৰ্ষত লখিমপুৰৰ সংহত জন-জাতি…
চৰকাৰে কোনো কাৰণতে খালী পদ বিলুপ্তি কৰিব নোৱাৰিব-সদৌ অসম নিবনুৱা সন্থা
শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ,২৭ জুলাইঃ সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ বিপৰীতে পদ বিলুপ্তি কৰিবলৈ লোৱা কাৰ্যত জাঙুৰ খাই উঠিছে সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতি৷ সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই আজি এক বিবৃতিত উল্লেখ কৰিছে যে চৰকাৰে কোনো কাৰণতে খালী পদসমূহ বিলুপ্তি কৰিব নোৱাৰিব৷ ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ পূৰ্বে এটা চৰকাৰী চাকৰিৰ বাবে আশাৰে বাট চাই থকা নিবনুৱা সকলৰ আশাত চেচা পানী ঢালি অপ্ৰয়োজনীয় খালী পদ বিলুপ্তি কৰিব…
তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৩-২৪ বৰ্ষত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পাঠ্যক্ৰম আৰম্ভ হ’ব
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭জুলাইঃ কেন্দ্ৰীয় চৰকাৰে ২০২০ৰ ২৯জুলাইত প্ৰৱৰ্তন কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৩-২৪শিক্ষা বৰ্ষৰ পৰা পাঠদান আৰম্ভ হ'ব৷ আজি বিশ্ববিদ্যালয়খনৰ কাউন্সিল হলত অনুষ্ঠিত এক সংবাদ মেলত এই বিষয়ে সদৰি কৰিছে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙে। সংবাদ মেলত উপাচাৰ্য সিঙে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ১২টা সংখ্যাৰ এটা ব্যতিক্ৰমী পৰিচয় নম্বৰ লাভ কৰিব আৰু উক্ত নম্বৰৰ আধাৰত ছাত্ৰ-ছাত্ৰী সকলে ইচ্ছা কৰিলে আন বিশ্ববিদ্যালয়লৈ অধ্যয়নৰ বাবে যাব…
তেজপুৰত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী টুমুকী অঞ্চলত আজি বিয়লি প্ৰায় চাৰি বজাত দুখন আলট্ৰা বাছৰ মাজত হোৱা এক দুৰ্ঘটনাত দুৰ্ঘটনাগ্ৰস্ত বাছৰ যাত্ৰী সকল কথমপি ৰক্ষা পৰে৷উল্লেখযোগ্য যে,বিধ্বস্ত পথটোত আলট্ৰা বাছ সমূহৰ অতপালি অব্যাহত আছে আৰু ইয়াৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়৷আজি গুৱাহাটীৰ পৰা তেজপুৰ দিশে গৈ থকা এখন বাছ পথৰ দাঁতিত ৰখাবলৈ লোৱাৰ সময়তে একে দিশৰে যোৱা আনখন বাছে খুন্দা মাৰে৷ বাছ দুখনত থকা যাত্ৰী সকল এই দুৰ্ঘটনাত সামান্য পৰিমানে আহত হ’লেও কথমপি ৰক্ষা পৰে৷উল্লেখযোগ্য যে দুৰ্ঘটনাগ্ৰস্ত এএছ০১এলচি৫৯২১…
